নিয়মীয়া বাৰ্তা, ২ মার্চঃ ২০১৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ৰে’ল যাত্রাৰ সময়ত অথবা ৰে’লৱে প্রাংগণত ১৬০টাতকৈও অধিক ধর্ষণৰ ঘটনা সংঘটিত হৈছে ৷ তথ্য জনা অধিকাৰৰ এক অনুসন্ধানত এই কথা প্রকাশ পাইছে ৷ এই ধর্ষণ কার্যসমূহৰ ভিতৰত ২০১৭ চনত ৫১টা, ২০১৯ চনত আৰু ২০১৮ চনত সর্বাধিক ৭০টা ঘটনা সংঘটিত হৈছে ৷ সমাজকর্মী চন্দ্রশেখৰ গৌড়ে আৰটিআই কৰি জানিব পৰা মতে এই তিনি বছৰৰ ভিতৰত ১৬৫টা ধর্ষণৰ ঘটনা সংঘটিত হৈছে ৷ ইয়াৰে ১৩৬টা ঘটনা ৰে’লৱে প্রাংগণত আৰু আন ২৯টা ঘটনা সংঘটিত হৈছিল চলন্ত ৰে’লত৷ উক্ত সময়ছোৱাত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বাবে ১,৬৭২টা গোচৰ ৰুজু হৈছে ৷ ইয়াৰে ৮০২টা গোচৰ ৰে’লৱে প্রাংগণত আৰু ৮৭০টা চলন্ত ৰে’লত সংঘটিত ঘটনাৰ ৷ তদুপৰি এই তিনি বছৰত ৭৭১টা অপহৰণ, ৪,৭১৮টা ডকাইতি, ২১৩টা হত্যাৰ চেষ্টা আৰু ৫৪২টা হত্যাৰ গোচৰ ৰুজু হৈছে ৷ উল্লেখ্য যে ২০১৮ আৰু ২০১৯ চনত মুঠ ১,৩৯,৪২২জন আৰু ১,১৪,১৭০জন পুৰুষ যাত্রী অকর্তৃত্বশীলভাৱে প্রৱেশ কৰাৰ অভিযোগ পোৱা গৈছে ৷