নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশী–বিদেশী দৌৰবিদৰ অংশগ্রহণেৰে দ্য গ্রেট গুৱাহাটী মাৰাথন সম্পন্ন

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ দেশ–বিদেশৰ ৫০০০ৰো অধিক দৌৰবিদৰ অংশগ্রহণেৰে গুৱাহাটীত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ল দ্য গ্রেট গুৱাহাটী মাৰাথন–২০২০৷ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত দেওবাৰে সন্ধিয়া বলীউদৰ মোহময়ী অভিনেত্রী য়ামী গৌতমে ফ্লেগ অফ কৰি দ্য গ্রেট গুৱাহাটী মাৰাথনৰ শুভাৰম্ভ কৰে৷ লগতে তেওঁক সহযোগ কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, অর্জুন ভোগেশ্বৰ বৰুৱা, অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, আইন–শৃংখলাৰ এডিজিপি জি পি সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে৷ ৰাজ্যৰ আগশাৰীৰ সামাজিক অনুষ্ঠান আস্মাকাম ফাউণ্ডেচনৰ উদ্যোগত আৰু অসম এথলেটিক সন্থাৰ সহযোগত অনুষ্ঠিত দ্য গ্রেট গুৱাহাটী মাৰাথনত কেনিয়া, ইথি’পিয়া, মৰক্কোকে ধৰি কেইবাখনো বিদেশী ৰাষ্ট্রৰ পুৰুষ–মহিলাসহ ১১গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰে৷ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই নৈশ মাৰাথন প্রতিযোগিতা কেইবাটাও শাখাত অনুষ্ঠিত হয়৷ প্রতিযোগীসকলে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা এবিচি পইণ্ট হৈ পুনৰ খেলপথাৰত দৌৰ সমাপ্ত কৰে৷ ইয়াৰ পিছতে অনুষ্ঠিত বঁটা বিতৰণী সভাত বিজয়ী প্রতিযোগীসকলক নগদ ধন, বঁটা, মানপত্র, মেডেলেৰে পুৰস্কৃত কৰা হয়৷ এই বঁটা প্রদান অনুষ্ঠানতে অর্জুন ভোগেশ্বৰ বৰুৱাক জীৱনজোৰা সাধনা বঁটা প্রদান কৰে আস্মাকাম ফাউণ্ডেচনে৷ বিদেশী খেলুৱৈৰ বাবে অনুষ্ঠিত ৪২.২ কিলোমিটাৰ মাৰাথনত পুৰুষ শাখাত খেলুৱৈ ভিক্টৰ মিয়ানু প্রথম, মিকিয়াছ য়ামটা দ্বিতীয়, উইডেন কিপছাঙে তৃতীয় স্থান আৰু মহিলা শাখাত এলিজাবেথ জেবেথ চেলাগেট প্রথম, লিলিয়ান ছেলিমো দ্বিতীয়, বির্টুকান মেগেছ ছিউয়ানে তৃতীয় স্থান লাভ কৰে৷ ভাৰতীয় খেলুৱৈৰ বাবে অনুষ্ঠিত ৪২.২ কিলোমিটাৰ পুৰুষ শাখাত ৰাজু চৌধুৰী প্রথম, বাতাচৰক চাংমা দ্বিতীয়, প্রহ্লাদ সিং তৃতীয় স্থান আৰু মহিলা শাখাত দিব্যাংকা চৌধুৰীয়ে প্রথম, অমনদীপ কৌৰে দ্বিতীয় আৰু ৰাজ কুমাৰীয়ে তৃতীয় স্থান লাভ কৰে৷ ২১ কিলোমিটাৰ পুৰুষ শাখাত শংকৰম থাপা প্রথম, ৰাফালে থাপা দ্বিতীয়, এছ কে মাজামেল হাছাইন তৃতীয় আৰু মহিলা শাখাত বিনিতা গুর্জৰ প্রথম, মটোৱাৰ আহমেদ দ্বিতীয় আৰু ছুনা প্রধানে তৃতীয় স্থান লাভ কৰে৷ ১০ কিলোমিটাৰ পুৰুষ শাখাত ক্রমে ইন্দ্র বাহাদুৰ থাপা, বীৰেন্দ্র কুমাৰ, হোম বাহাদুৰ গুৰুং, মহিলা শাখাত কিন্তিমন, মাৰকুইনলেছ আৰু ছংমাৰ টেৰণপিয়ে প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে৷

You might also like