সদায় মিছাই ক’ম
সদায় মিছাই ক’ম৷ সদায় সঁচা ক’লে কিমান ভাল হ’ব নাজানো, কিন্তু কিছুমান মিছা ক’লে সমাজখন বাচি থাকিব৷
নৈতিকতাৰ দিশৰ পৰা এই কথাটো মানি ল’বলৈ টান৷ আমি কি কৈ আছোঁ? কি শিকাই আছোঁ? বিশেষকৈ সৰুখিনিক!
সেই কাৰণে কথাটো অকণমান গমি চাব লাগিব৷ দৈনন্দিন জীৱনৰে এটা উদাহৰণ লওঁ৷ অফিচত বচৰ প্রতি আমাৰ প্রকৃত ধাৰণা আমি জানো খোলোচাকৈ কওঁ? কিবা এটা ক’বলগীয়া হ’লে শুনিবলৈ ভাল লগাটোহে কওঁ৷ বচ্ নালাগে, সহকর্মীসকলৰ ক্ষেত্রতো একেই৷ যিদিনাই আমি মনত থকা সঁচা কথাটো কৈ দিওঁ, সেইদিনাই কাজিয়া৷ অর্থাৎ মিছা মাতি থকা কাৰণেহে আমাৰ কর্মক্ষেত্রখন শান্তিত কাম কৰিব পৰা হৈ থাকে৷ সম্পূর্ণ অর্থত নৈতিকতাবিৰোধী কাৰণে আমি এই কথাটো সমজুৱাকৈ নকওঁ– নৈতিকতাও বাচি থাকক বুলি৷
এটা ইণ্টাৰেষ্টিং পৰিসংখ্যা– এজন সাধাৰণ মানুহে গড়ে দৈনিক চাৰিটাকৈ মিছা কথা কয়৷ অর্থাৎ বছৰত ১,৪৬০টা মিছা৷ পুৰুষে গড় হিচাপত দৈনিক ছবাৰকৈ মিছা কোৱাৰ বিপৰীতে মহিলাই চাৰিবাৰকৈ মিছা কয়৷
‘সদায় সত্য কথা ক’বা’ বুলি প্রবচন আওৰোৱাৰ পাছত মানুহৰ এই ৰূপ কিয়? সচৰাচৰ মিছাবিলাক আমি কি ‘পার্ট অৱ লাইফ’ বুলি গ্রহণ কৰি লৈছো নেকি? ব্যক্তিগত মিছাবিলাক আমি শুনিবলৈ ভাল লাগে কাৰণেই গ্রহণ কৰি লওঁ নেকি? ‘দেখাত ধুনীয়া লাগিছে’ বুলি ক’লে ভাল লাগে৷ কেৱল ৰাজহুৱা মিছাবোৰতহে আমাৰ আপত্তি নেকি?
মানি ল’বলৈ টান পালেও মানুহ সৃষ্টি হওঁতেই মিছা কথা কোৱাও আৰম্ভ হৈছিল৷ মনোবিজ্ঞানীসকলৰ মতে, কেইবাটাও কাৰকৰ পৰা মিছা কথা কোৱাৰ প্রৱণতা গঢ় লৈ উঠে৷
জীৱন ৰক্ষা৷ আদিম মানৱে বিপদৰ পৰা হাত সাৰিবলৈ, সম্পদ আহৰণ কৰিবলৈ মিছাৰ আশ্রয় ল’ব লগা হৈছিল৷ আধুনিক জীৱনত সেয়া সলনি হ’ল৷ এতিয়া অস্বস্তিকৰ সামাজিক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ মানুহে মিছা কয়৷
সামাজিক মসৃণতা৷ সামাজিক সম্বন্ধ অটুট ৰাখিবলৈ আমি মিছা ক’বলগীয়া হয়৷ প্রতিৱেশীৰ ঘৰৰ চাহকাপ অতিপাত বেয়া হ’লেও ভাল বুলিয়েই প্রশংসা কৰি অহা ভাল৷ আপুনি চাহকাপ বদলাব পাৰে, কিন্তু প্রতিৱেশী সলাব নোৱাৰে৷
আত্মৰক্ষা৷ আদিম কালত বাঘ–সিংহৰ পৰা নিজক ৰক্ষা কৰা আৰু আধুনিক জীৱনত সমাজত নিজৰ ভাবমূর্তি ৰক্ষা কৰা একেই কথা৷ আমি নিজৰ ভাবমূর্তিৰ খাতিৰত শাস্তিৰ পৰা, অপবাদৰ পৰা বাচিবলৈ মিছা কথা কওঁ৷
মানে কিছুমান মিছা সামাজিক আচৰণৰ বাবে দৰকাৰী৷ কিছু লোক আছে সলসলীয়াকৈ মিছা মাতিব পাৰে৷ কিছু লোক আছে কি ক’ব কি নক’ব খেপিয়াই ফুৰিবলগীয়া অৱস্থা হয়৷
সেই কাৰণে মিছা কথা এটা কৈ দিয়াৰ আগতে পৰিস্থিতিৰ মূল্যায়ন কৰক৷ কাৰোবাৰ আৱেগ–অনুভূতিৰ খাতিৰত এইটো এটা বগা মিছা নে প্রকাণ্ড সামাজিক প্রতাৰণা? কাৰোবাৰ ভালৰ কাৰণে মতা এটা সামান্য মিছা নে কেৱল নিজৰ স্বার্থৰ কাৰণে সমাজক কৰা ছলনা? এই মিছা– কোৱাৰ যোগ্য হয় নে নহয়? ডাঙৰ মিছা যিয়ে–সিয়ে মাতিব নোৱাৰে৷ সেয়া সাধাৰণ নৰমনিচৰ সাধ্যৰ বাহিৰত৷ বহু প্রস্তুতিৰ প্রয়োজন৷ মিছা মতা যাৰ অভ্যাসত পৰিণত হৈছে, তেওঁলোকেহে স্বাভাৱিকভাৱে মিছা কথা ক’ব পাৰে, ৰাজহুৱাকৈও৷ সাধাৰণ মৰণশীল সেইমুৱা নোহোৱাই শ্রেয়৷ মিছাৰ যোগ্যতা নিৰূপণৰ পিছত আহিল– টার্গেট৷ আপোনাৰ টার্গেট কোন? কাক ক’ব লাগে? কোন পতিয়ন যাব লাগে? ককাক–আইতাকক বশ কৰা যিমান সহজ, বচ্ক আশ্বস্ত কৰা সিমান কঠিন৷ টার্গেটৰ ব্যক্তিত্ব, বুদ্ধিমত্তা, বিষয়টোৰ বিষয়ে জ্ঞান এই সকলো চালিজাৰি চাইহে সাধুটো সজাব লাগিব৷ বান্দৰৰ কলিজা জামু গছত থাকি আহিলে আমাৰ নিজৰেই কলিজা নাবাচিব৷
সর্বোৎকৃষ্ট মিছাবিলাক সেইকাৰণে সৰল৷ যিমান সৰল সিমান সহজ হয়, সিমানেই বিশ্বাসযোগ্য হয়৷ কথাটো যিমানেই জটিল কৰা হয়, সিমানেই খুঁটি–নাটি মাৰিবলগীয়া হয়, মনত ৰাখিবলগীয়া হয়৷ মিছাটো যিমানেই উজু আৰু ঋজু হয়, সিমানে ধৰা পৰাৰ সম্ভাৱনা কম হয়৷ জটিলতা বেছি কৰা মানে নিজৰ জালত নিজেই লাগি ধৰাৰ সম্ভাৱনা৷
ভাবলেশহীন মুখ৷ অতি দৰকাৰী৷ ৰাজহুৱা জীৱনত সচৰাচৰ দেখা পোৱা জনা–শুনা মিছলীয়া লোকক চাবচোন৷ সূর্য পূবফালে উদয় হয় বুলি কওঁতে তেওঁলোকৰ মুখৰ অভিব্যক্তি আৰু গাখীৰ ক’লা বুলি কওঁতেও তেওঁলোকৰ মুখৰ অভিব্যক্তি একেই থাকে৷ তেওঁলোক সঁচাৰ আৱেগতো উটি নাযায়, মিছাৰ আৱেগতো ভাহি নাযায়৷ লগতে বডী লেংগুৱেজ৷ মুখ মেলাৰ আগতেই মানুহ ধৰা পৰি যায় অংগি–ভংগিত৷ কিন্তু অমোঘ মিথ্যাবাদী গোকাট মিছা মাতোঁতেও তেওঁলোকৰ শৰীৰৰ ভাষা প্রশমিত হৈ থাকে৷
অৱশ্যে আৰু এটা কথা৷ তেওঁলোকে ধৰা পৰিবলৈও লাজ নাপায়৷ লাজ লাগে নে নালাগে নাজানো, নেদেখুৱায়৷ তেওঁলোকে আৰু এটা সাধু শুনায়৷ হয় তেওঁলোকে নাজানে, নহয় তেওঁলোকে সেই আপ্তবাক্যশাৰীক ভুল প্রতিপন্ন কৰিবলৈ যত্ন কৰে– ‘কিছুমান মানুহক কেতিয়াবা বুর্বক বনাব পাৰি, কিছুমান মানুহক সদায় বুর্বক বনাব পাৰি, কিন্তু সকলো মানুহক সদায় বুর্বক বনাব নোৱাৰি৷’ তথাপি তেওঁ মিছা মাতে৷ তেওঁ অমোঘ মিথ্যাবাদী৷ এক নিলাজ অমোঘ মিথ্যাবাদী৷
সেই কাৰণেই কয়, যি অকণমান মাত্র মিছা মাতি চিৰদিন চলাব পাৰে, তেৱেঁই শ্রেষ্ঠ মিছলীয়া৷
অৱশ্যে আৰু একপ্রকাৰ মিছলীয়া আছে৷ যি কোৱাৰ আনন্দত কয়৷ কিবা এটা দেখি আহিলে, কিবা এটা শুনি আহিলে– কিন্তু সম্পূর্ণ মনত নাই৷ নিজেই ৰহণ সানি কাহিনীটো সম্পূর্ণ কৰিলে আৰু শুনালে৷
এই ৰহণ লগোৱা কিছুমান মিছা আছে কাৰণেই সমাজখন বাচি আছে৷ ভবাটোকে কৈ দিলে কাহানিবাই ধ্বংস হ’লহেঁতেন৷
আমাক আচলতে মিছাটোৱে আমনি নকৰে৷ মিছা কৈ আমাৰ বুদ্ধিমত্তাক কৰা অপমানটোহে আমাৰ কাৰণে আপত্তিজনক৷
ফোন : ৯৪৩৫০–৪৮৪৮০