নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মোৰ টকাৰে বহি বহি খাবি আৰু মোকেই নির্দেশ দিবি’…কর্মহীন স্বামীক প্রহাৰ পত্নীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ আগষ্টঃ বজাৰৰ মাজত শ শ লোকৰ সন্মুখতে এগৰাকী মহিলাই এজন পুৰুষৰ কামিজৰ কলাৰত ধৰি কেৱল চৰ শোধাইছে বাৰে বাৰে মহিলাগৰাকীয়ে চিঞৰিছে– ‘মোৰ উপার্জনৰ পৰাই বহি বহি খাবি আৰু মোকেই নির্দেশ দিব আহিছ?’ উপস্থিত ৰাইজে বাধা দিলেও কোনোধৰণৰ বাধাক গুৰুত্ব দিয়া নাই মহিলাগৰাকীয়ে৷ ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো৷ বিষয়টো কি, কিয় যুৱকক বাৰে বাৰে ৰুদ্রমূর্তি ধাৰণ কৰি মহিলাগৰাকীয়ে চৰিয়াইছে? জানিব পৰা গৈছে এই যুৱক–যুৱতী উত্তৰ প্রদেশৰ বাহৰেচৰ বাসিন্দা৷ তেওঁলোক সম্পর্কত পতি–পত্নী৷ অভিযোগ অনুসৰি স্বামীৰ কোনো কাম-কাজ নাই৷ পত্নীৰ উপার্জনেৰে চলে সংসাৰ৷ স্বামীয়ে কিয় তেওঁৰ উপার্জনৰ টকা বহি বহি খাব তাক লৈ খং মহিলাৰ৷ সেই কাৰণে বজাৰত সকলোৰে সন্মুখত স্বামীক এশিকনি দিলে মহিলাগৰাকীয়ে৷ যুৱকজনে পত্নীৰ প্রহাৰৰ প্রত্যুত্তৰ দিব পৰা নাই৷ বাৰে বাৰে মহিলা থানাত যোৱাৰ ভাবুকি দিছে যুৱকজনে৷ পত্নীয়ে ওলোটাই ঘুচিয়াই প্রশ্ন কৰিছে স্বামীক–‘মহিলা থানাই কি কৰিব?’ সাংসাৰিক অশান্তি ঘৰৰ বাহিৰলৈ ওলাই অহাত একাংশ লোকে ইয়াক উপভোগ কৰিলে৷ একাংশই ৰসিকতাও কৰিলে৷ কিন্তু এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে কর্মহীন লোকৰ সমস্যাৰ বিষয়টো একাংশক ভবাই তুলিছে৷ একাংশই কৈছে–‘এয়াই নাৰীৰ ক্ষমতা’ অৱশ্যে শেষ পর্যন্ত এই যুৱকজনে থানাত অভিযোগ দিবলৈ সক্ষম হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই৷ কিন্তু এই ঘটনাই সমগ্র অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্য৷

You might also like