নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাহিৰ হুছেইনক ৭ দিনৰ আৰক্ষীৰ জিম্মাত

দিল্লীত আইবিৰ কর্মচাৰীক হত্যা

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ দিল্লীৰ হিংসাত্মক কার্যত উচটনি দিয়া আৰু আই বিৰ কর্মচাৰী অংকিত শর্মাক হত্যাৰ অভিযোগত গ্রেপ্তাৰ হোৱা আপৰ নিলম্বিত কাউন্সিলৰ তাহিৰ হুছেইনক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰিছে আদালতে ৷ যোৱা ৫ মার্চত দিল্লীৰ এখন আদালতে তাহিৰ হুছেইনৰ অন্তর্ৱর্তীকালীন আবেদন খাৰিজ কৰিছিল আৰু আদালতত আত্মসমর্পণৰ বাবে আহোঁতেই তেওঁক দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল ৷ জিলা আৰু সত্র বিচাৰপতি সুধীৰ কুমাৰ জৈনে জনোৱা মতে, তাহিৰ হুছেইনৰ হৈ শুকুৰবাৰে কোনো অধিবক্তাই আদালতত আবেদন জনোৱা নাছিল ৷ উল্লেখ্য যে আই বিৰ কর্মচাৰী অংকিত শর্মাৰ মৃতদেহ দিল্লীৰ  চান্দ বাগৰ এটা নলাৰ পৰা উদ্ধাৰ কৰা হৈছিল যোৱা ২৬ ফেব্রুৱাৰীত ৷ অংকিত শর্মাৰ পিতৃয়ে পুত্রৰ হত্যাত তাহিৰ হুছেইন জড়িত থকাৰ অভিযোগ তুলি এটা গোচৰ ৰুজু কৰিছিল৷ হুছেইনৰ ঘৰৰ ছাদত পেট্র’ল বোমা, এচিড আৰু বহু শিলৰ টুকুৰা উদ্ধাৰ হোৱাত তীব্র প্রতিক্রিয়াৰো সৃষ্টি হৈছিল ৷ অভিযোগ উঠিছিল যে তেওঁ দিল্লীৰ হিংসাত উচটনি দিছিল ৷

You might also like