নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেকাৰৰ কবলত ছুপ্রিম ক’ৰ্টৰ ইউটিউব চেনেল

🔹 লাইভ ষ্ট্ৰিমিঙৰ পৰিৱর্তে ক্রিপ্ট’কাৰেন্সীৰ অনুষ্ঠান

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : হেক হ’ল উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল! আজি হঠাতে দেখিবলৈ পোৱা যায়- আদালতৰ লাইভ ষ্ট্রিমিঙৰ পৰিৱর্তে এই চেনেলত ক্রিপ্ট’কাৰেন্সী সন্দর্ভত এটা অনুষ্ঠান সম্প্রচাৰ হৈছে৷ উল্লেখনীয় যে কেইদিনমান পূর্বে কলকাতাৰ আৰ জি কৰ হাস্পতালৰ গোচৰৰ লাইভ ষ্ট্ৰিমিঙক লৈ আপত্তি জনাইছিল অধিবক্তা কপিল ছিবালে৷ এইবাৰ হেকাৰৰ কবলত পৰিল শীর্ষ আদালতৰ ইউটিউব চেনেল৷ চাইবাৰ নিৰাপত্তাত আসোঁৱাহ থকা বুলি অনুমান কৰিছে বিভিন্ন মহলে৷ গুৰুত্বপূর্ণ গোচৰৰ শুনানি লাইভ ষ্ট্রীম কৰা হয় উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেলত৷ আৰজি কৰ গোচৰৰ শুনানিও এই চেনেলৰ পৰাই সম্প্রচাৰ কৰা হৈছিল৷ কিন্তু আজি এইক্ষেত্রত বিসংগতি দেখিবলৈ পোৱা গ’ল৷ লক্ষণীয়ভাৱে উচ্চতম ন্যায়ালয়ৰ পুৰণি ভিডিঅ’বোৰো অন্তৰ্ধান হৈছে এই ইউটিউব চেনেলৰ পৰা৷

You might also like