সম্পাদকীয় : অসমত শাক্ত পৰম্পৰা
হিন্দু ধর্মৰ এটি অন্যতম শাখা হ’ল শাক্ত ধর্ম বা শাক্ত৷ শাক্ত ধর্মত দেৱীয়ে হৈছে পৰম আৰু সর্বোচ্চ ঈশ্বৰ৷ প্রধানতঃ হিন্দু ধর্মৰ চাৰিটা শাখা৷ এই শাখাকেইটা হ’ল– বৈষ্ণৱ ধর্ম, শাক্ত ধর্ম, শৈৱ ধর্ম আৰু স্মার্ত ধর্ম৷ শাক্ত ধর্ম অনুসৰি দেৱী হৈছে পৰমব্রহ্ম৷ তেওঁ একক আৰু অদ্বিতীয়৷ অন্য সকলো দেৱ আৰু দেৱী তাৰ ৰূপ ভেদ মাত্র৷ দর্শন আৰু ধর্মানুশীলনৰ ক্ষেত্রত শাক্ত ধর্মৰ সৈতে শৈৱ ধর্মৰ যথেষ্ট সাদৃশ্য পৰিলক্ষিত হয়৷ শাক্ত ধর্মৰ লোকসকলে কেৱল ব্রহ্মৰ শক্তিৰূপিনী নাৰী মূর্তিৰেই উপাসনা কৰে যদিও এই ধর্মৰ পুৰুষ ৰূপটো হ’ল শিৱ৷ অৱশ্যে তাৰ স্থান শক্তিৰ পিছতে আৰু তাৰ পূজা সাধাৰণতে সহায়ক অনুষ্ঠানৰূপে পালিত হয়৷ প্রাগ–ঐতিহাসিক যুগৰ পৰাই ভাৰতত শক্তি পূজা প্রচলিত৷ ১৬০০ বছৰৰো অধিক পূর্বে ভাৰতবর্ষত প্রথম দেৱী পূজাৰ প্রমাণ পোৱা যায়৷ অসমতো শক্তিপূজাৰ আছে প্রধান পৰম্পৰা৷ শক্তিৰূপিনী কামাখ্যা দেৱালয়ত নৰকে কৰা পূজাৰ পৰাই অসমত শাক্ত ধর্মৰ প্রচলন হয়৷ সেইফালৰ পৰা অসমতো শক্তি ধর্মৰ পৰম্পৰা যথেষ্ট প্রাচীন৷ অসমত বিভিন্ন ৰজাৰ পৃষ্ঠপোষকতাত সেই সময়ত শাক্ত ধর্মই বিস্তাৰ লাভ কৰিছিল৷ শাক্ত ধর্মৰ প্রসাৰৰ লগে লগে শক্তি সাহিত্যয়ো বিকাশ লাভ কৰিছিল৷ ৰজা–মহাৰজাসকলৰ্ ৰাজত্বকালত আৰম্ভ হোৱা শাক্ত সাহিত্যই পৰৱর্তীকালত মধ্যযুগলৈ অসমীয়া সমাজত প্রসাৰিত হৈছিল৷ বিশেষকৈ পুৰণি কামৰূপ তথা অসমত শক্তিবাদে সুদূৰপ্রসাৰী ৰূপ লাভ কৰিছিল৷ হয়তো সেইবাবেই অসমৰ সামাজিক আৰু ব্যক্তিগত জীৱনত ইয়াৰ বহুল প্রভাৱ পৰিলক্ষিত হয়৷ এতিয়াও অসমৰ লগতে সমগ্র দেশৰ হিন্দু ধর্মৰ লোকসকলৰ মাজত কামাখ্যা মন্দিৰৰ এক বিশেষ প্রভাৱ আছে৷ সেইবাবেই হিন্দুসকলে জীৱনত এবাৰলৈ হ’লেও কামাখ্যা দেৱীৰ মন্দিৰ দর্শন কৰাৰ প্রয়াস কৰে৷ শাক্ত সাহিত্যই অসমৰ সহিত্য জগতক মহীয়ান কৰি থৈ গৈছে৷ অসমৰ বিয়াসমূহত পৰিৱেশন কৰা বিয়াগীত, টোকাৰী গীত আদিৰ মাজতো শক্তিবাদৰ প্রভাৱ পৰিলক্ষিত হয়৷ একেদৰে বিভিন্ন সময়ত ৰচনা কৰা দুর্গাবৰী, সুকনান্নী, মনসা কাব্য, পীতাম্বৰ দ্বিজৰ শ্রীশ্রীচণ্ডী, অনন্ত আচার্যৰ ‘আনন্দ লহৰী’, ৰুচিনাথ কন্দলীৰ শ্রীশ্রীচণ্ডী, ৰামচন্দ্র বৰপাত্রৰ যোগিনীতন্ত্র, হেম সৰস্বতীৰ হৰগৌৰী সংবাদ আদিয়ে অসমীয়া শাক্ত সাহিত্যৰ জনপ্রিয়তাক আঙুলিয়াই দিছে৷
আনকি অসমীয়া বৈষ্ণৱ সাহিত্যতো শক্তিবাদৰ প্রভাৱ পৰিলক্ষিত হয়৷ এই সাহিত্যৰ বহু ঠাইত শক্তিবাদৰ ছিটিকনি পৰিছে৷ ভাগৱত, পুৰাণৰ দৰে বৈষ্ণৱ গ্রন্থতো শক্তিৰ মাহাত্ম্য অস্বীকাৰ কৰিব নোৱাৰি৷ ভাগৱতৰ এঠাইত ব্রজধামৰ গোপিনীসকলে কৃষ্ণক স্বামীৰূপে পাবলৈ এমাহ ধৰি ভদ্রাকালীৰ ব্রত পালন কৰাৰ কথা উল্লেখ আছে৷ গোপিনীসকলে দেৱী ভদ্রাকালীৰ মৃণ্ময় মূর্তি নির্মাণ কৰি কালিন্দী তীৰত পূজা কৰিছিল৷ একেদৰে মহাপুৰুষজনাৰ ৰুক্মিণীহৰণ কাব্যতো ৰুক্মিণীয়ে দশভুজা দুর্গাক পূজা কৰাৰ বর্ণনা আছে৷ অসমত শাক্ত ধর্মৰ ইতিহাস আৰু পৰম্পৰা বহন কৰিছে তাম্র শাসন, প্রস্তৰ লিপি, জনশ্রুতি, লোক–সাহিত্য, বুৰঞ্জী আৰু অসমীয়া লিখিত সাহিত্যসমূহে৷ কালিকা পুৰাণ, যোগিনীতন্ত্রত শক্তি পূজা, শক্তি সাধনা আৰু দার্শনিক তত্ত্ব সম্পর্কীয় বিভিন্ন সমল পোৱা যায়৷ কালিকা পুৰাণত দেৱী পূজাৰ বিস্তৃত আৰু সু–শৃংখলিত বিধি সুন্দৰভাৱে দিয়া আছে৷ এইখন পুৰাণতে দেৱীৰ আকৃতি–প্রকৃতি বর্ণনা কৰি দশভুজা, চতুর্ভুজা, ষোড়শভুজা, ত্রিনয়না, সিংহবাহিনী আৰু মহিষমর্দিনী আদি দুর্গাৰ বিস্তৃত বর্ণনা দাঙি ধৰিছে৷ আনহাতে, পুৰাণখনত উগ্রতাৰা, অন্নপূর্ণা, ত্রিপুৰাদেৱী আৰু কামেশ্বৰী আদি শক্তিৰ ধ্যান আৰু পূজাবিধিৰ বর্ণনাও পোৱা যায়৷ ইয়াৰ বিপৰীতে কালিকা পুৰাণত নথকা কিছুমান নিগূঢ় শক্তি সাধন পদ্ধতিৰ কথা পোৱা যায় যোগিনীতন্ত্রত৷ মধ্যযুগত অসমত শাক্ত ধর্ম যে প্রচলন আছিল তাৰ প্রমাণ পোৱা যায় গুৰু চৰিত্রসমূহত৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ শিক্ষাগুৰু মহেন্দ্র কন্দলী শাক্তধর্মী আছিল৷ শংকৰদেৱৰ পত্নী কন্দলী আয়ে গণেশৰ মূর্তিত পূজা কৰাৰ কথা জনা যায়৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ওচৰত শৰণ লোৱাৰ পূর্বে মাধৱদেৱে বলি–বিধানেৰে কৰা শক্তি পূজাত একান্ত বিশ্বাসী আছিল৷ অৱশ্যে ৬৫০ খ্রীষ্টাব্দৰ পৰা প্রায় ১০০০ খ্রীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰা ক্রমে শালস্তম্ভ আৰু প্রালম্ভ নামৰ দুই ৰাজবংশই ৰাজত্ব কৰিছিল৷ ড০ সুনীতি কুমাৰ চেটার্জীৰ মতে, প্রালম্ভ ৰাজবংশৰ ৰজাসকল শৈৱ আছিল৷ এই বংশৰ ৰজা বনমাল বর্মনৰ তাম্রশাসন ফলিত কামেশ্বৰ মহাগৌৰীৰ যুগল উপাসনাৰ কথা উল্লেখ থকাৰ পৰা অনুমান কৰা যায় যে সেই সময়ত শিৱ–পার্বতীৰ যুগল উপাসনাৰ পদ্ধতি প্রচলিত আছিল৷ তদুপৰি দুর্গা আৰু বিভিন্ন দেৱীৰ মূর্তি পোৱাৰ পৰা এই কথাও প্রমাণিত হৈছে যে এই সময়ছোৱাত শৈৱ ধর্মই প্রাধান্য লাভ কৰিলেও শক্তি উপাসনা হ্রাস পোৱা নাছিল৷ ওপৰত উল্লেখ কৰা হৈছে যে প্রাগজ্যোতিষপুৰৰ ৰজা নৰকেই শক্তি সাধনাৰ প্রথম সেৱক আছিল আৰু তেৱেঁই প্রাগজ্যোতিষপুৰত প্রথমে দেৱী পূজাৰ প্রচলন কৰিছিল৷ কালিকা পুৰাণৰ মতে, নৰকৰ জন্ম হয় বিষ্ণুৰ ঔৰসত আৰু বসুমতীৰ গর্ভত৷ সেইবাবে বিষ্ণুৱে নৰকক প্রাগজ্যোতিপুৰৰ ৰজা পাতে আৰু এই বিশাল ৰাজ্যখন শাসন কৰিবলৈ দিয়ে৷ পুৰাণত উল্লেখ কৰা অনুসৰি বিষ্ণুৱে পুত্রক নির্দেশ দিছিল– ‘তুমি সদায় কামৰূপৰ এই নীলাচল পর্বততে বাস কৰিবা, কামাখ্যাৰ বাহিৰে আন দেৱতাক পূজা নকৰিবা আৰু ইয়াৰ ব্যতিক্রম কৰিলে তোমাৰ প্রাণনাশ হ’ব৷’ ইয়াৰ ফলস্বৰূপে নৰকাসুৰ শক্তিৰ উপাসক হৈ পৰে আৰু তেওঁৰ দ্বাৰাই অসমত শাক্ত ধর্মৰ উত্থান ঘটে৷ ইয়াৰ পৰৱর্তী সময়ত বিভিন্ন ৰজা–মহাৰজাৰ ৰাজত্বকালত আৰু মধ্যযুগত শক্তিবাদৰ প্রচলন অব্যাহত থাকে আৰু ইয়াৰ প্রভাৱ অদ্যৱধি দেখিবলৈ পোৱা যায়৷