নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০৪ বছৰীয়া গৌৰীপুৰৰ ৰাজপৰিয়ালৰ ঐতিহ্যমণ্ডিত ৰজাঘৰীয়া দুৰ্গা পূজা

বিশেষ প্ৰতিবেদন, অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী, ২ ছেপ্টেম্বৰঃ দেৱীপক্ষ আৰম্ভ হোৱাৰ লগে লগে কাইলৈ প্ৰতিপদৰ পুৱাৰ পৰাই আৰম্ভ হ’ব ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ ঐতিহ্যমণ্ডিত দুৰ্গাপূজা৷ অধুনা ধুবুৰী জিলাৰ ধুবুৰী মহকুমাৰ আটাইতকৈ পুৰণি পূজাখন এইবেলি ৪০৪ বছৰত ভৰি দিব। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী তথা পদ্মশ্রী সন্মানেৰে বিভূষিত প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মৃতি বিজৰিত এই পূজাখন। কেতবোৰ বিশেষ পৰম্পৰাকে ধৰি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু স্বকীয় বৈশিষ্টৰ এই পূজাখনৰ আছে এক নিজস্ব, সমৃদ্ধিশালী ইতিহাস। ১৬২০ চনতেই  ৰজা কবিশেখৰে আৰম্ভ কৰা এই বিশেষ দুৰ্গাপূজাখনৰ আৰম্ভ হোৱাৰ আছে এক বিশেষ কাহিনীও। “আমাৰ পূৰ্বপুৰুষ ৰাজা কবিশেখৰে এদিন ঢলপুৱাতে ৰাঙামাটিৰ ৰাজ ভৱনৰ কাষৰ নৈত গা ধুবলৈ গৈ পাইছিল এটি সৰু সোণৰ দূৰ্গা প্ৰতিমা আৰু হাতত থকা তথ্য মতে ১৬২০ চনৰ পৰা আৰম্ভ হৈছিল আমাৰ দুৰ্গা পূজাখন৷” এইদৰেই পৰিয়ালটোৰ সদস্য তথা প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ ভাতৃ প্ৰৱীৰ বৰুৱাই পুৰণি সেই ইতিহাস ৰোমন্থন কৰিলে। উল্লেখনীয় যে, সোণৰ সেই প্ৰতিমাটোকে ৰাজ পৰিয়ালটোৰ ঘৰত থকা মহামায়া মন্দিৰত কূলদেৱী  মহামায়া ৰূপে  পূজা কৰা হলেও প্ৰতিবছৰ মহালয়াৰ পিছদিনা পুৱা মুল মন্দিৰৰ পৰা শোভাযাত্ৰা কৰি গৌৰীপুৰ চহৰৰ মহামায়া খেলপথাৰত থকা মহামায়া দুৰ্গা মন্দিৰলৈ অনা হয়৷ অৱশ্যে ষাঠিৰ দশকত ৰাজ  পৰিয়ালটোৰ সেই সোণৰ দুৰ্গা প্ৰতিমাটো চুৰি হয়।  তেতিয়াৰে পৰা সুদূৰ বেনাৰচৰ পৰা অনা পূৰ্বৰ মূৰ্তিটোৰ অনুৰূপ আকাৰ আৰু শৈলীৰ এটি অষ্টধাতুৰ প্ৰতিমাক পূজা-অৰ্চনা কৰি আহিছে পৰিয়ালটোৱে৷  উল্লেখ্য যে, ৰজাঘৰীয়া এই পূজাখনৰ এটি বিশেষ পৰম্পৰা হ’ল কুঁহিলাৰে নিৰ্মিত দেৱী দুৰ্গাৰ পট৷  “আমাৰ পৰিয়ালে বংশানুক্ৰমে পনিৰ্মাণ কৰি আহিছে ৰজাঘৰীয়া এই পূজাখনৰ এক বিশেষ দেৱী দুৰ্গাৰ পট।এয়া এক বিশেষ পৰম্পৰা, আমাৰ গৌৰৱ।” বৰ্তমানে সেই বিশেষ দুৰ্গাৰ পট নিৰ্মাণ কৰাৰ দায়িত্বত থকা গৌৰীপুৰ বিশিষ্ট কুঁহিলা শিল্পী তথা বিভিন্ন সন্মানেৰে বিভুষিত কৰন মালাকাৰে এইদৰেই ব্যক্ত কৰে আজিলৈ বহমান সেই গৌৰবময় ইতিহাসৰ কথা। উল্লেখ্য যে, ৰজাঘৰীয়া এই দুৰ্গা পূজাটোত ৰাজবংশী সম্প্ৰদায়ৰ পূজাৰ অৱিচ্ছেদ্য অংগ কুঁহিলাৰ পটত মা দুৰ্গাৰ আৰোধনা কৰা হয় আৰু  মা মহামায়াৰ পূজা কৰা হয় ৰাজ পৰিয়ালৰ সেই বিশেষ মহামায়া মূৰ্তিটোত৷ দুয়ো দেৱীৰে পৃথকে পৃথকে ঘট বহুৱাই  কৰা এই বিশেষ পূজাখনত পৰিয়ালটোৰ কূল পুৰোহিতৰ পৰিচালনাত মা মহামায়াৰ পূজা অনুষ্ঠিত হোৱাৰ বিপৰীতে পূজাৰীয়ে সম্পণ্ণ কৰে দেৱী দুৰ্গাৰ আৰাধনা৷ উল্লেখ্য যে আৰম্ভণীৰে পৰা পূজাখনত  কূল পুৰোহিত, পূজাৰী আৰু দেউৰী ৰূপে নিযুক্তি পোৱা পৰিয়ালৰ সদস্যইহে কেৱল এই পূজাখন পৰিচালনা কৰাৰ দায়িত্ব লভে৷ প্ৰতিপদৰ পৰা আৰম্ভ হোৱা এই ৰজাঘৰীয়া পূজাখনৰ আছে  কেতবোৰ বিশেষ লোকাচাৰ৷ ষষ্ঠীৰ দিনা অনুষ্ঠিত হোৱা পূজাখনৰ বেলবৰণৰ আনুষ্ঠানিকতা সম্পণ্ণ কৰা হয় গৌৰীপুৰৰ কাষেৰে বৈ যোৱা গদাধৰ নৈৰ পাৰত নিৰ্মিত এক অস্থায়ী মন্দিৰত৷ সেই অস্থায়ী মন্দিৰত কুঁহিলাৰে নিৰ্মিত দুৰ্গাপটক দোলাৰে শোভাযাত্ৰা কৰি নিয়া হয় আৰু পিছত পুনৰ দোলাৰে লৈ অনা হয় মহামায়া দুৰ্গা মন্দিৰলৈ৷ ৰজাঘৰীয়া এই পূজাখনৰ আছে কেতবোৰ বিশেষ ৰীতি–নিয়মও।  সেই অনুসৰি প্ৰতিপদৰ পৰা  পঞ্চমীলৈকে  দুৰ্গাদেৱী আৰু মা মহামায়াক পৃথকে পৃথকে এটাকৈ পাৰ চৰাই বলি দি উৎসৰ্গিত কৰা হয়। ষষ্ঠী পূজাৰ বেলবৰণৰ সময়ত এটা বগা ৰঙৰ পঠা বলি দিয়া হোৱাৰ বিপৰীতে অষ্টমীৰ সন্ধি পূজাৰ সময়ত বলি দিয়া কলা ৰঙৰ পঠাৰ মাংসেৰে যজ্ঞ কৰা হয়৷ অষ্টমীৰ দিনা ১০০৮টা বেল পাতেৰে দেৱী দুৰ্গাৰ আৰাধনা এই পূজাখনৰ এক স্বকীয় দিশ৷ উল্লেখ্য যে, দশমীৰ দিনা পৰিয়ালটোৰ কূলদেৱী মা মহামায়াৰ মূৰ্তিটো পুনৰ শোভাযাত্ৰা কৰি ৰাজ পৰিয়ালৰ নিজৰ মন্দিৰলৈ ওভোতাই নিয়াৰ বিপৰীতে কুঁহিলাৰ দুৰ্গাপটক বিসৰ্জন দিয়া হয় গৌৰীপুৰৰ গদাধৰ আৰু ব্ৰহ্মপুত্ৰৰ সংগম থলীত৷ আনহাতে বিসৰ্জনৰ পিছত প্ৰজাৰ মংগলৰ বাবে ৰাজ ভৱনৰ এটি কামানত মংগলচণ্ডী পূজা কৰাৰ পুৰণি পৰম্পৰা বৰ্তমানেও অৱ্যাহত আছে পৰিয়ালটোত। উল্লেখ্য যে, দুৰ্গাপূজাত প্ৰতিনিধিত্ব কৰা ৰাজ পৰিয়ালৰ সদস্যগৰাকীয়ে উক্ত মংগলচণ্ডী পূজা সম্পণ্ণ হোৱাৰ লগে লগে তিনিদিনৰ বাবে গৃহত্যাগ কৰাৰ পূৰ্বৰ সেই নিয়ম আজিও মানি চলা হয়৷ জাকজমকতা হ্ৰাস পালেও পূৰ্বৰ পৰম্পৰা, আৰু এক ঐতিহ্যবাহী ইতিহাসেৰে সমৃদ্ধ এই পূজাখনত কেৱল গৌৰীপুৰ অথৱা ধুবুৰী জিলাৰেই নহয়;  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰিও চুবুৰীয়া পশ্চিমবংগৰো বিভিন্ন অঞ্চলৰ ৰাইজৰ আজিও আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰজাঘৰীয়া এই পূজাখন।

You might also like