নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক আইপিএলত হিটমেনক দলভুক্ত কৰাৰ পণ মুম্বাই ইণ্ডিয়ানছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ অক্টোবৰঃ ২০২৫ বর্ষৰ আইপিএলৰ বাবে এতিয়াৰ পৰাই দল গঠনৰ প্রস্তুতি চলাইছে ফ্রেঞ্চাইজীসমূহে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতাখনৰ অষ্টাদশ সংস্কৰণৰ খেলুৱৈৰ নিলাম এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই যদিও ফ্রেঞ্চাইজীসমূহে নিজ নিজ পছন্দৰ খেলুৱৈসকলক আগন্তুক বর্ষৰ বাবে ধৰি ৰখাৰ কামত ব্যস্ত হৈ পৰিছে৷ আইপিএলৰ প্রতিটো দলে অহা ৩১ অক্টোবৰৰ ভিতৰত কোন কোন খেলুৱৈক ধৰি ৰাখিব বিচাৰে সেই কথা ঘোষণা কৰিব লাগিব৷ মাজতে মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ৰোহিত শর্মাক লৈ বিশেষ চিন্তিত হৈ পৰিছে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ৷ বিগত বর্ষত ৰোহিত শর্মাক অধিনায়ক পদৰ পৰা আঁতৰাই মুম্বাই ইণ্ডিয়ানছে হার্দিক পাণ্ডিয়াক দলটোৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিছিল৷ ইয়াৰ পিছতে দলটোৰ ভিতৰত সৃষ্টি হৈছিল মনোমালিন্যৰ৷ আগন্তুক আইপিএলত হার্দিক পাণ্ডিয়াৰ নেতৃত্বত ৰোহিত শর্মাই পুনৰ মুম্বাইৰ হৈ খেলিবনে ইয়াক লৈ অনুৰাগীৰ মাজত ডাঙৰ প্রশ্ন উত্থাপন হৈছে৷ অৱশ্যে মুম্বাই ইণ্ডিয়ানছে ৰোহিত শর্মাক পুনৰ মুম্বাই দলত ৰখাৰ বাবে বিশেষ পৰিকল্পনা কৰিছে৷ হিটমেনক ১৮ কোটি টকাৰ টোপ দিছে মুম্বাই ইণ্ডিয়ানছে৷ জানিব পৰামতে এইবাৰৰ নিলামৰ পূর্বে ৰোহিত শর্মাই পুনৰ অধিনায়কত্ব দাবী কৰিব পাৰে৷ কিন্তু পুনৰ অধিনায়ক সলনি কৰিবলৈ ইচ্ছুক নহয় দলটো৷ ফ্রেঞ্চাইজীটোৱে হার্দিকৰ ওপৰত অধিক আস্থা ৰাখিছে৷ সেইক্ষেত্রত ৰোহিতক পতিয়ন নিয়াবলৈ তেওঁলোকে টকাৰ ওপৰত নির্ভৰ কৰিছে৷ এইবাৰ আইপিএলৰ গৱর্নিং কাউঞ্চিলে খেলুৱৈক ধৰি ৰাখিবলৈ দলসমূহে খৰচ কৰিবলগীয়া ধনৰ পৰিমাণ সলনি কৰিছে৷ প্রতিজন ক্রিকেটাৰক ধৰি ৰখাৰ বাবে ফ্রেঞ্চাইজীসমূহে সর্বাধিক ১৮ কোটি টকা ব্যয় কৰিব পাৰিব৷ দ্বিতীয়জন খেলুৱৈক ধৰি ৰাখিবলৈ ১৪ কোটি, তৃতীয়গৰাকী খেলুৱৈৰ বাবে ১১ কোটি আৰু পুনৰ চতুর্থগৰাকী খেলুৱৈক ধৰি ৰাখিবলৈ দলসমূহে ১৮ কোটি টকা খৰচ কৰিব পাৰিব৷ মুম্বায়ে হার্দিকক প্রথম ক্রিকেটাৰ হিচাপে ধৰি ৰাখিব৷ ইফালে ৰোহিত শর্মাক চতুর্থ খেলুৱৈ হিচাপে ধৰি ৰাখিব বিচাৰে৷ তেনেক্ষেত্রত ৰোহিত আৰু হার্দিক দুয়োজনে পাব ১৮ কোটি টকাকৈ৷ আনহাতে দ্বিতীয় আৰু তৃতীয়জন ক্রিকেটাৰ হিচাপে সূর্যকুমাৰ যাদৱ আৰু যশপ্রীত বুমৰাহক ধৰি ৰখাৰ সম্ভাৱনা আছে৷ মুম্বাই ইণ্ডিয়ানছে এই পৰিকল্পনা কৰি আছে যদিও ৰোহিত শর্মাই দলটোৰ হৈ পুনৰ খেলিবনে নাই তাত সন্দেহ আছে৷ কাৰণ বিগত ছিজনত ৰোহিত শর্মাক দেখি স্পষ্ট হৈ পৰিছিল যে পৰৱর্তী ছিজনত মুম্বাইৰ হৈ খেলাৰ প্রতি আগ্রহী নহয়৷ মুম্বায়ে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীক ধৰি ৰখাৰ বাবে সকলো ধৰণৰ প্রচেষ্টা অব্যাহত ৰখাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like