নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলপুৰ দুৰ্গা মন্দিৰ নিৰ্মাণৰ উপহাৰ কুপনৰ খেল বাতিল

📌১৮ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত ওভোতাব উপহাৰ কুপনৰ মূল্য

বিশেষ বাৰ্তা, ১৪ অক্টোবৰঃ উচ্চ ন্যায়ালয়ে ৰাজ্যত অনুষ্ঠিত হৈ থকা উপহাৰ কুপনৰ খেলসমূহ বন্ধ কৰাৰ নিৰ্দেশ প্ৰদানৰ পিচতে ইখনৰ পাছত সিখনকৈ উপহাৰ কুপনৰ খেল বাতিল কৰা পৰিলক্ষিত হৈছে। বাক্সা জিলাৰ মুছলপুৰত মুছলপুৰ সাৰ্ব্বজনীন শ্ৰীশ্ৰীদুৰ্গা মন্দিৰ নিৰ্মাণৰ সাহায্যৰ্থে অনুষ্ঠিত হ’বলগীয়া উপহাৰ কুপনৰ খেলখন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দূৰ্গা পূজা উদযাপন সমিতিয়ে। আজি বাক্সা জিলাৰ মুছলপুৰৰ ৬৯সংখ্যক সাৰ্ব্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা উদযাপন সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত দুৰ্গা মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি কুঞ্জ লহকৰে কয় যে ১৮ অক্টোবৰত মুছলপুৰ সাৰ্ব্বজনীন শ্ৰীশ্ৰীদুৰ্গা মন্দিৰ নিৰ্মাণৰ সাহাৰ্য্যৰ্থে উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰাৰ কথা আছিল যদিও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে উক্ত দিনত অনুষ্ঠিত হ’বলগীয়া খেলখন বাতিল হ’ল। তেওঁ লগতে কয় যে ইতিমধ্যে যিবোৰ উপহাৰ কুপনৰ টিকট বিক্ৰী কৰা হৈছে সেই বিক্ৰীৰ মূল্য উদযাপন সমিতিৰ কাৰ্যালয়ত ১৮ অক্টোবৰৰপুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত ওভতাই দিয়া হ’ব। গতিকে উপহাৰ কুপন ক্ৰয় কৰা সকলোকে কুপনটো লৈ মুছলপুৰস্থিত কাৰ্যালয়ত উপস্থিত হ’বলৈ আহ্বান জনায়।সংবাদ মেলত পূজা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন পাঠক, সম্পাদক সীমান্ত কলিতাকে ধৰি বিষয়ববীয়া উপস্থিত থাকে।

প্ৰেৰক নিৰেণ কুমাৰ শৰ্ম্মা

You might also like