নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস হ’ল চকুত ক’লা কাপোৰেৰে বন্ধা ন্যায় মূর্তি

🔹 আঁতৰালে তৰোৱালো : এহাতত তুলাচনী, আনখন হাতত সংবিধানৰ প্রতিলিপি

নিউজ ডেস্ক, ১৭ অক্টোবৰ : ইতিহাস হ’ল চকুত ক’লা কাপোৰেৰে বন্ধা নাৰী ন্যায় মূর্তি৷ ঔপনিৱেশিক শাসনৰ পৰাই চলিত নাৰী অন্ধমূর্তি এতিয়াৰে পৰা অন্ধ নহয়৷ অর্থাৎ দেশৰ ন্যায়িক ব্যৱস্থা অন্ধ নহয়। এই বার্তাৰেই সলনি কৰা হ’ল দেশৰ ন্যায়িক ব্যৱস্থাৰ প্রতীক৷ সাধাৰণতে আদালতত কিম্বা ন্যায় বিচাৰৰ প্রসংগ উঠিলেই চকুত ক’লা কাপোৰ বন্ধা নাৰী ন্যায় মূর্তি এটা মনলৈ আহে৷ এতিয়াৰে পৰা এই ন্যায় মূর্তিটো সলনি হ’ল৷ উচ্চতম ন্যায়ালয়ে এই ন্যায় মূর্তিৰ প্রতীক সলনি কৰি চকু বন্ধা নাৰী ন্যায় মূর্তিৰ পৰিৱর্তে চকু মুকলি হৈ থকা ন্যায় মূর্তি কৰিলে৷ লগতে হাতত থকা তৰোৱালখনো আঁতৰোৱা হ’ল। নতুন এই ন্যায় মূর্তিত এহাতে তুলাচনী থকাৰ বিপৰীতে আনখন হাতত সংবিধানৰ প্রতিলিপি থাকিব৷ ন্যায়ৰ প্রতীক হিচাপে সমগ্র দেশতেই নতুন নাৰী ন্যায় মূর্তি ব্যৱহাৰ কৰা হ’ব৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ নির্দেশ মতেই সর্বোচ্চ ন্যায়ালয়ৰ লাইব্রেৰীত এই নতুন মূর্তিটো স্থাপন কৰা হৈছে৷ মন কৰিবলগীয়া যে পূর্বতে নাৰী ন্যায় মূর্তিৰ চকু ক’লা কাপোৰেৰে বান্ধি ৰখাৰ বাবেই আইন অন্ধ বুলি চর্চিত হৈছিল৷ এনে চর্চাক আঁতৰ কৰাৰ বাবে ন্যায় মূর্তিটো সলনি কৰা হৈছে৷ গুৰুত্বপূর্ণ যে ঔপনিৱেশিক শাসনৰ পৰা চলিত ভাৰতীয় দণ্ডবিধি আইন সলনি কৰি ভাৰতীয় ন্যায় সংহিতা দেশজুৰি বলৱৎ কৰি লেখীয়াই ব্রিটিছৰ দিনৰ নাৰী ন্যায় মূর্তিটো সলনি কৰা হৈছে৷

You might also like