নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নগৰৰ গছবোৰ

ফ্লাই অ’ভাৰ নির্মাণৰ প্রয়োজনত দীঘলীপুখুৰীৰ পাৰত থকা বহু প্রাচীন গছকেইজোপামান কাটি পেলাবলগীয়া হোৱা বুলি নির্মাণ কর্তৃপক্ষই জনাইছে আৰু সেই গছকেইজোপা ৰক্ষা কৰিবলৈ একধৰণৰ জাগৰণৰ সৃষ্টি হৈছে৷ ঠাইখিনিৰ সৌন্দর্য আৰু জৈৱ–বৈচিত্র্যৰ দিশৰ পৰা গছকেইজোপা জীয়াই থকাটো অতি জৰুৰী৷ কিন্তু একে সময়তে চহৰখনৰ বিকাশ ঘটাটোও এৰাব নোৱৰা বিষয়৷ সামাজিক মাধ্যমত বহুতে আপত্তি কৰিছে যে তেওঁলোকৰ যৌৱনৰ আৱেগ জডিত হৈ আছে বাবে গছকেইজোপাৰ বিনাশ তেওঁলোকে সহ্য কৰিব পৰা নাই৷ এইটো অতি স্বাভাৱিক আৰু আনন্দৰ কথা এয়ে যে প্রকৃতিৰ লগত মানুহে নিজৰ আৱেগক সাঙুৰি ল’ব পাৰিছে৷ কিন্তু এই আৱেগ এজোপা বিশেষ গছৰ লগত থকাটোৱে প্রকৃতিপ্রেমীৰ চৰিত্র প্রকাশ নকৰে৷ নগৰ এখনৰ স্বাস্থ্যৰ বাবে গছ–গছনি থকাটো প্রয়োজনীয়, এই কথাটো সকলো গছৰ ক্ষেত্রতেই প্রযোজ্য হ’ব লাগিব৷ নগৰবোৰ দিনক দিনে ডাঙৰ হৈ গৈ আছে আৰু হয়াৰ লগে লগে ডন্নয়ন আৰু গছ সংৰক্ষণৰ মাজত সংঘাত বৃদ্ধি পাহছে৷ ই অকল গুৱাহাটীৰে নহয়, সকলো নগৰৰে সমস্যা৷ জনসংখ্যা বৃদ্ধিৰ সৈতে সামঞ্জস্য ৰাখিব পৰা এক ধৰণৰ পৰিকাঠামো নগৰবোৰৰ বাবে প্রয়োজন৷ বহল ৰাস্তা, নতুন নতুন ঘৰ, পদপথ আদি যাতে নগৰৰ বাসিন্দাসকলৰ জীৱনধাৰণৰ মান ডন্নত কৰিব পৰা যায়৷ বহু ক্ষেত্রতেহ বর্ধিত গাডী–মটৰৰ বাবে সৃষ্টি হোৱা যান–জঁটৰ সমস্যা সমাধানৰ বাবে ৰাস্তা বহলোৱাৰ প্রয়োজন হয়৷ এই কামৰ বাবে বহু সময়ত ৰাস্তাৰ কাষৰ গছ কাটি পেলাবলগীয়া হয়৷ কিন্তু পৰিকাঠামোৰ ডন্নয়নৰ দৰে গছৰ সংৰক্ষণো নগৰখনৰ পৰিৱেশ, স্বাস্থ্য আৰু নাগৰিকৰ সুখ–সুবিধাৰ বাবে বিশেষ গুৰুত্বপূর্ণ৷ লগতে এহ গছবোৰ বহু বছৰ ধৰি ৰাস্তা বা পথৰ কাষত থকা বাবে হ পৰিৱেশ আৰু সৌন্দর্যৰ এক অংগ হৈ পৰে৷ এনে পৰিস্থিতিত চৰকাৰ আৰু নগৰ পৰিকল্পনা কর্তাসকলে পৰিকাঠামো বিস্তাৰ আৰু গছ সংৰক্ষণৰ মাজত এক সন্তুলিত ব্যৱস্থা গ্রহণ কৰা ডচিত৷ ল’বলগীয়া প্রথম ব্যৱস্থা হ’ল– গছ নকটাকৈ ৰাস্তা বহলোৱা কামটো কৰিব পৰা বিকল্প পন্থাৰ উদ্ভাৱন৷ অন্যথাই সেই অঞ্চলতে অইনৰ পৰা তুলি আনি নতুন গছ ৰোৱাৰ পৰা গ্রহণ কৰিব পৰা যায়, যাতে পৰিৱেশগত সংৰক্ষণ অটুট থাকে৷
গছক নগৰৰ ‘জীৱন–তন্ত্র’ বুলি কোৱা হয়৷ গছে কার্বন–ডাই–অক্সাহড আৰু অন্যান্য ক্ষতিকাৰক গেছ শোষণ কৰি বায়ুত অক্সিজেন মুকলি কৰে, যিয়ে নগৰ বায়ুমণ্ডল পৰিষ্কাৰ ৰখাত সহায় কৰে৷ লগতে গছে বায়ুৰ পৰা ধূলি আৰু ক্ষতিকাৰক কণাসমূহ আঁতৰাহ পৰিষ্কাৰ বায়ুমণ্ডল সৃষ্টি কৰে, যিটো নাগৰিকসকলৰ বাবে বিশেষ গুৰুত্বপূর্ণ৷ মনঃস্তাত্ত্বিক দিশৰ পৰাও চাহ নগৰ অঞ্চলত সেউজীয়া অঞ্চল আৰু গছবোৰৰ সান্নিধ্যই নাগৰিকৰ মানসিক অৱস্থা ডন্নত কৰি আৰু শাৰীৰিক সক্রিয়তা বৃদ্ধি কৰি এক সুখী জীৱন উদ্যাপন কৰিবলৈ সহায় কৰে৷ গৱেষণাহ দেখুৱাইছে যে সেডজীয়া পৰিৱেশৰ সান্নিধ্যত বাস কৰা নাগৰিকে কম মানসিক চাপ আৰু সামাজিক একতাৰ অনুভৱ লাভ কৰে৷ এইটোও ঠিক যে এটা সময়ত গছবোৰৰ বয়স হ’ব, শুকাই যাব আৰু মৰি যাব৷ গতিকে, এই সত্য স্বীকাৰ কৰি গছৰ মৃত্যুত দুখ কৰাৰ পৰিৱর্তে সেই শূন্যস্থান পূৰণ কৰাৰ পৰিকল্পনা কৰিব লাগে৷ একোজোপা গছ পৈণত অৱস্থা পাবলৈ বহু বছৰ সময়ৰ প্রয়োজন হয়৷ ৰাজহুৱা ঠাইত থকা গছ একোজোপাৰ স্বাস্থ্য নিয়মীয়াকৈ পৰীক্ষা কৰাটো অতি জৰুৰী৷ গছৰ দুর্বল হৈ পৰা ডালবোৰ কটা, ডালবোৰৰ বর্ধন পৰিৱেশৰ লগত মিলাকৈ ৰখাটো অতি প্রয়োজন৷ ধুমুহা–বতাহৰ সময়ত এনেকুৱা বহু গছৰ ডাল ভাঙি পৰা বা গছ উভালি পৰা একোটা চিনাকি সংবাদ৷ ৰাজহুৱা ঠাইত এনে গছবোৰ উপযুক্ত নিৰীক্ষণ আৰু প্রতিপালন নকৰাকৈ ৰখাটো চৰকাৰৰ বিভাগবোৰৰ অমনোযোগিতা৷ মুখ্যমন্ত্রীয়ে দীঘলীপুখুৰীৰ পাৰৰ গছকেইজোপাৰ সংৰক্ষণ প্রসংগত বিকল্প পথ উদ্ভাৱনৰ ইংগিত দিছে৷ মুখ্যমন্ত্রীৰ এই সদিচ্ছা মাত্র সেই গছকেইজোপাতে সীমাবদ্ধ হৈ নাথাকি নগৰৰ উন্নয়ন আৰু পৰিৱেশ–সৌন্দর্য সংৰক্ষণৰ ক্ষেত্রখনলৈ সম্প্রসাৰিত হ’ব লাগে, এই বিষয়ৰ বহনক্ষম উন্নয়নৰ এটি দৃষ্টান্তমূলক আৰু স্থায়ী হ’ব পৰা সিদ্ধান্ত ঘোষিত হ’ব লাগে৷

You might also like