নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতক পৰাস্ত কৰাটো সহজ নহয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত শোচনীয়ভাৱে পৰাস্ত হৈছে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়া৷ অষ্ট্রেলিয়াৰ দুই প্রাক্তন ক্রিকেটাৰ আডাম গিলখ্রীষ্ট আৰু ডেভিদ ৱার্নাৰে অনুভৱ কৰিছে যে এই পৰাজয়ে আগন্তুক ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীত ভাৰতীয় দলটোক নিশ্চিতভাৱে প্রভাৱিত কৰিব৷ কিন্তু ভাৰতক সহজভাৱে লোৱাটো ভুল হ’ব৷ গৃহভূমিত নিউজিলেণ্ডৰ হাতত ভাৰত পৰাজিত হ’লেও অষ্ট্রেলিয়াত তেওঁলোকক পৰাস্ত কৰাটো সহজ নহয়৷ এক সাক্ষাৎকাৰত গিলখ্রীষ্টে সোমবাৰে কয়, ‘মই ভাবোঁ নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজয়ৰ প্রভাৱ ভাৰতীয় দলৰ ওপৰত গধুৰ হ’ব৷ কিন্তু তাৰ বাবেই ভাৰতক হেৰুৱাব পৰা সম্ভৱ বুলি মই নাভাবোঁ৷ ৱার্নাৰে পুনৰ ভৱিষ্যদ্বাণী কৰে যে বেগী গ্রীন বেটাৰসকলে যশপ্রীত বুমৰাহ–মহম্মদ চিৰাজক আক্রমণ কৰিব৷ ৱার্নাৰে কয় যে ভাৰতে নিউজিলেণ্ডৰ হাতত পৰাজয় হোৱাত অষ্ট্রেলিয়াই লাভৱান হৈছে৷ মনত ৰখা উচিত যে ভাৰতে ০–৩ত পৰাস্ত হৈ আমাৰ দেশলৈ আহিছে৷ অষ্ট্রেলিয়াত আছে তিনিজন শ্রেষ্ঠ বলাৰ৷ বিশ্বমানৰ স্পিনাৰ আছে৷ মই যদি ভাৰতীয় বেটিং লাইন আপত থাকিলোঁহেঁতেন তেন্তে মই নার্ভাছ হ’লোঁহেঁতেন৷ যদি তেওঁলোকে আক্রমণ কৰিব পাৰে তেন্তে স্ক’ৰ ব’ৰ্ডত ডাঙৰ ৰান পোৱাটো সম্ভৱ৷

You might also like