নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত সক্রিয় হৈ আছে চাইবাৰ অপৰাধী চক্র৷ ন ন কৌশল অৱলম্বন কৰি চাইবাৰ অপৰাধী চক্রটোৱে বহু লোকৰ সাঁচতীয়া ধন লুট কৰি আহিছে৷ শেহতীয়াকৈ বেংক কর্তৃপক্ষৰ দায়িত্বহীনতা আৰু অৱহেলাৰ সুযোগ লৈ চাইবাৰ অপৰাধী চক্রটোৱে মহানগৰীৰ বিভিন্ন স্থানত থকা এটিএম বুথসমূহ টার্গেট কৰি লৈছে৷ মহানগৰীত থকা বিভিন্ন বেংকৰ এটিএম বুথত চাইবাৰ অপৰাধী চক্রটোৱে হেল্পলাইন নম্বৰ সলনি কৰি গ্রাহকৰ ধন লুট কৰি আহিছে৷ বিগত দুটা দিনত গুৱাহাটী মহানগৰীত হেল্পলাইন নম্বৰ সলনি কৰি দুজন গ্রাহকৰ পৰা প্রায় ৩ লাখ টকা লুট কৰি নিয়ে৷ কালি লখৰাৰ ইণ্ডাছইন বেংকৰ এটিএমত ধন উলিয়াবলৈ যোৱা এজন গ্রাহকৰ এটিএম কার্ডখন এটিএম মেচিনত লাগি ধৰে৷ ইয়াৰ পিছতে ওচৰতে থকা দুজন যুৱকে লোকজনক হেল্পলাইন নম্বৰত ফোন কৰিবলৈ কয়৷ হেল্পলাইন নম্বৰত ফোন কৰাৰ পিছতে কৌশলেৰে চাইবাৰ অপৰাধী চক্রটোৱে লোকজনৰ এটিএম কার্ড হস্তগত কৰি ২ লাখ টকা লুট কৰি নিয়ে৷ ইফালে আজি পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় লাচিত নগৰৰ এটা এছবিআইৰ এটিএমত৷ লাচিত নগৰৰ নবেন্দ্র ভট্টচার্য নামৰ লোকজনে এছবিআইৰ এটিএমটোৰ পৰা ধন উলিয়াবলৈ লওঁতে এটিএম কার্ডখন এটিএম মেচিনত ফচি যায়৷ এটিএম কার্ডখন উলিয়াব নোৱাৰাত ওচৰতে থকা দুজন যুৱকে হেল্পলাইন নম্বৰত লোকজনক ফোন কৰিবলৈ কয়৷ হেল্পলাইন নম্বৰত ফোন কৰি থকাৰ সময়তে চাইবাৰ অপৰাধী চক্রটোৰ সদস্যই লোকজনক বেংকৰ কাৰিকৰী বিভাগৰ লোক ওচৰতে থকা বুলি অৱগত কৰে৷ ইয়াৰ পিছতে লোকজন আঁতৰি যোৱাত চাইবাৰ অপৰাধী চক্রটোৱে লোকজনৰ এটিএম কার্ডখন লৈ অন্তর্ধান হয়৷ ভুক্তভোগী লোকজনে এটিএম বুথটোলৈ আহি কার্ডখন বিচাৰি নাপাই বেংক কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰে৷ ইয়াৰ পিছতে পোহৰলৈ আহে লোকজনৰ একাউণ্টৰ পৰা চাইবাৰ অপৰাধী চক্রটোৱে ৯৩ হাজাৰ টকা লুট কৰি নিয়াৰ তথ্য৷ গুৱাহাটীত বাহৰ পাতি চাইবাৰ অপৰাধী চক্রই এটিএম বুথত হেল্পলাইন নম্বৰ সলনি কৰি আৰু গ্রাহকৰ এটিএম কার্ড মেচিনত ফচাই সাঁচতীয়া ধন লুটি আহিছে৷ বেংক কর্তৃপক্ষই গুৱাহাটীত থকা বিভিন্ন বেংকৰ এটিএমসমূহত ধন ভৰোৱাৰ দায়িত্ব অর্পণ কৰা একাংশ প্রতিষ্ঠানৰ কর্মচাৰী এই চাইবাৰ অপৰাধী চক্রটোৰ সৈতে জড়িত থকাৰ সম্ভাৱনাৰ কথা নুই কৰা নাই আৰক্ষীয়ে৷ অৱশ্যে মহানগৰ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব চাইবাৰ অপৰাধী চক্রটোৰ সবিশেষ তথ্য৷