নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : প্রতিবাদ কিয়? সমর্থন দিয়ক

যোগেন মহন

বিগত কেইবাদিন ধৰি ৰাজ্যৰ অ’ত–ত’ত প্রতিবাদ হৈছে৷ ধর্ণা, বিক্ষোভত উত্তাল হৈছে কেতবোৰ অঞ্চল৷ ৰাহজ, দল–সংগঠনে কৰা প্রতিবাদৰ বাতৰি প্রকাশ, সম্প্রচাৰ হৈছে বাতৰিকাকত অথবা নিউজ চেনেলত৷ চৰকাৰক সমালোচনা কৰি সামাজিক মাধ্যমতো সৰৱ হৈছে ব্যক্তিবিশেষ৷ এই প্রতিবাদ এদিন কোনোবা এটা অঞ্চলতে যে হৈছে এনে নহয়৷ লক্ষ্য কৰিছেছা দুই–এদিনৰ অন্তত হৈয়ে আছে৷ ৰাইজৰ এই প্রতিবাদ সামগ্রীৰ দাম বৃদ্ধি অথবা স্মার্ট মিটাৰ নাহবা আন কাৰণত হোৱা নাই৷ এই প্রতিবাদ হৈছে চৰকাৰে কিয় বন্ধ কৰিব ৰাজহ চক্র বিষয়াৰ কার্যালয়?– এই প্রশ্ন উত্থাপনেৰে৷ ২১খন জিলাৰ ৩৬টা ৰাজহ চক্র চৰকাৰে বন্ধ কৰিব বুলি প্রথমে বাতৰি প্রকাশ পাইছিল৷ তাৰ পাছতে ৰাহজ ক্ষুব্ধ হৈ চৰকাৰৰ সিদ্ধান্তক ধিক্কাৰ দি আৰম্ভ হোৱা প্রতিবাদ, ধর্ণা, বিক্ষোভ কার্যসূচীয়ে ল’লে ধাৰাবাহিক গতি৷

ধাৰাবাহিক গতিত অব্যাহত এই প্রতিবাদী কার্যসূচী দেখি ৰাজহ মন্ত্রী হিচাপে মোৰ মনত প্রশ্ন হৈছে– এই প্রতিবাদ কিয় হ’ল? প্রতিবাদ হ’বলগীয়া একো এটা সিদ্ধান্ত চৰকাৰেতো গ্রহণ কৰা নাই হয় চৰকাৰে ৰাজহ চক্র বিষয়াৰ কার্যালয় কিছুমান বন্ধ কৰিব৷ কিন্তু তাৰ অর্থ এয়া নহয় যে ৰাইজক বিপদলৈ ঠেলি দি চৰকাৰে সাংঘাতিক কিবা এটা কৰিব৷ আনহাতে, ৰাজহ মন্ত্রী হিচাপে নহয়, এজন সাধাৰণ জনতাৰ শাৰীত নিজকে থিয় কৰাই যদি চাওঁ তেতিয়া হ’লে ক’ব লাগিব এই প্রতিবাদৰ অর্থ আছে৷ প্রতিবাদ কৰাৰ আঁৰত যুক্তি আছে৷ কোনো কাৰণত চৰকাৰী পদ্ধতি এটাৰ বিলুপ্তি ঘটোৱাৰ কথা সচেতন ৰাইজে মানি নলয়৷ সাধাৰণ কিবা কোনো কাম নথকা বিভাগ এটা বন্ধ কৰাৰ কথা ৰাহজে মানি ল’ব পাৰে৷ কিন্তু ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ দৰে গুৰুত্বপূর্ণ কার্যালয় এটা বন্ধ হ’ব সেই কথা লাখ, কোটি বাদ দিয়ক এজন মানুহেও মানি নলয়৷ গতিকে বিভাগটোৰ মন্ত্রী হ’লেও সুস্পষ্টকৈ ক’ব পাৰোঁ– ৩৬ ৰাজহ চক্র বিষয়াৰ কার্যালয় বন্ধ হ’ব বুলি প্রকাশ হোৱা জাননীৰ বিৰুদ্ধে প্রতিবাদ নহয় জংগী আন্দোলনো হোৱাৰ যুক্তি আছে৷ বৰঞ্চ এনে প্রসংগত প্রতিবাদ নোহোৱাৰ কথাটোহে সমাজৰ বাবে মাৰাত্মক লক্ষণ বুলি ক’ব লাগিব৷ আমি সকলোৱে জানো প্রতিবাদ হ’ল সুস্থ সমাজৰ সবল ব্যক্তিৰ ক্ষোভৰ বহিঃপ্রকাশ৷ চৰকাৰে হকে–বিহকে লোৱা কেতবোৰ সিদ্ধান্তত প্রতিবাদ নোহোৱাটো সুস্থ গণতন্ত্রৰ পৰিচয় হ’ব নোৱাৰে৷ আমাৰ খিলঞ্জীয়া অসমীয়া সমাজ সদাসচেতন৷ যেতিয়াই জাতিটোলৈ সংকট নামিছে, তেতিয়াই অসমীয়া ঐক্যবদ্ধ হৈ প্রতিবাদ অথবা আন্দোলন কৰিছে৷ সেহ কথা ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই লিপিবদ্ধ৷ অসমীয়াৰ এই শৌর্য–বীর্য গুণৰ বাবেই মোগলে ১৭বাৰকৈ অসম আক্রমণ কৰিও জাতিটোক পৰাভূত কৰিব পৰা নাছিল৷ অসমীয়া সচেতন হোৱাৰ বাবেই একাংশ লোকে বহু কূট–কৌশল ৰচনা কৰিও জাতিটোৰ মাতৃভাষা কাঢ়ি নিব নোৱাৰিলে৷ অসমীয়াৰ শক্তিশালী জাতীয় সত্তাৰ এই ধৰণৰ উদাহৰণ কেৱল এটা–দুটা নহয়, অলেখ আছে৷ খিলঞ্জীয়া অসমীয়া যেনেদৰে সাহসী, তেনেদৰে উদাৰ৷ সেই একেখন সমাজ আকৌ নিজৰ অধিকাৰৰ বাবে সদাসতর্ক৷ খিলঞ্জীয়া জনতাৰ এহ সচেতনতা চিৰদিন চিৰকাল অক্ষুণ্ণ থাকিব৷ গতিকে এনে ধৰণৰ জাতি এটাই নিজৰ মানুহেৰে গঠিত চৰকাৰৰ গণবিৰোধী কার্য ওফৰাবলৈ তিলমানো সময় নালাগে৷ খিলঞ্জীয়াৰ আৱেগ–নুভূতিক সন্মান জনাই অহা, অসমক এখন উন্নত ৰাজ্যৰ শাৰীলৈ আগবঢ়াই নিব বিচৰা আমাৰ চৰকাৰে সেই কথা ভালদৰেই বুজি পায়৷

গতিকে ৰাজহ মন্ত্রী হিচাপে বিজেপি দলৰ সাধাৰণ কর্মী হিচাপে দাবী কৰোঁ অসমীয়াই নিজৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই আমাৰ দলক অর্পণ কৰিছে ৰাজ্যৰ দায়িত্ব৷ যিখন চৰকাৰ ৰাইজৰ চৰকাৰ, সেহখন চৰকাৰৰ বিৰুদ্ধে ৰাইজে প্রতিবাদ কৰিবলগীয়া কার্য আমাৰ চৰকাৰৰ বাবে অসহনীয়৷ সেয়া আমাৰ মুখ্যমন্ত্রীয়ে মর্মে মর্মে ডপলব্ধি কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিখন কেবিনেট বৈঠকত মন্ত্রীমণ্ডলীক সকীয়াই দিয়ে– যাতে চৰকাৰৰ কোনো সিদ্ধান্তত খিলঞ্জীয়াৰ স্বার্থ বিঘ্নিত নহয়৷ সেয়ে ক’ব পাৰোঁ আমাৰ চৰকাৰে প্রতিটো দিনত মনত ৰাখে ৰাইজৰ সর্বাংগীণ উন্নয়নৰ কথা৷ এই কথা চিন্তা কৰি পৰিকল্পনা যুগুতাই সঠিককৈ কার্যলৈ ৰূপান্তৰিত কৰি আহিছে আমাৰ চৰকাৰে৷

ড০ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে ঠিক তেনেদৰে চিন্তা কৰিছিল ৰাজ্যৰ প্রশাসন ব্যৱস্থাৰ আমূল পৰিৱর্তনৰ বাবে৷ সকলোৱে জনা কথা আমাৰ মুখ্যমন্ত্রী যথেষ্টভাৱে অধ্যয়নশীল ব্যক্তি৷ বিশেষ কিবা এটা পৰিকল্পনা কৰাৰ সমান্তৰালকৈ সেই বিষয়ত গৱেষণামূলক অধ্যয়ন কৰি লোৱাটো তেওঁৰ প্রথম চর্ত৷ কেনেদৰে প্রশাসনীয় ব্যৱস্থাক সর্বসাধাৰণৰ কাষলৈ লৈ যাব পাৰি এই বিষয়ে তেওঁ যথেষ্ট অধ্যয়ন কৰি প্রৱর্তন কৰিলে সম–জিলা ব্যৱস্থা৷ এহ সম–জিলা ব্যৱস্থা সমগ্র দেশৰ ভিতৰতে আমাৰ অসমত প্রথম৷ সম–জিলা ব্যৱস্থা প্রর্ৱতন কৰা হ’ল ৰাজ্যৰ প্রশাসনীয় ব্যৱস্থাৰ সংস্কাৰৰ বাবে৷ ক’ব পাৰি এই ব্যৱস্থাৰ আর্হি লোৱা হ’ল নিইয়র্কৰ বিশ্ববিখ্যাত ৰাজনীতি বিজ্ঞানী মাহকেল লিপস্কীৰ STREET LEVEL BUREAUCRACY : The Dilemmas of the Individual in Public Service শীর্ষক বিখ্যাত গ্রন্থখনৰ সূত্রৰ আধাৰত৷ ইতিমধ্যে সম–জিলা সন্দর্ভত জনপ্রিয় অসমীয়া দৈনিক কাকত ‘নিয়মীয়া বার্তা’ৰ সম্পাদকীয় পৃষ্ঠাত বিশিষ্ট অধ্যাপক ড০ জয়ন্ত কৃষ্ণ শর্মাই মাইকেল লিপস্কীৰ বিশেষ গ্রন্থখনৰ প্রসংগ উল্লেখ কৰিছে৷ মাইকেল লিপস্কীয়ে Street Level Bureaucracy…ত উল্লেখ কৰিছিল জনসাধাৰণৰ উন্নয়নৰ স্বার্থত প্রশাসনিক ব্যৱস্থা তৃণমূল পর্যায়লৈ লৈ যোৱাৰ কথা৷ প্রশাসন যন্ত্রক ৰাহজৰ পদূলিলৈ লৈ যাব পাৰিলে কিদৰে সর্বসাধাৰণ মানুহ চৰকাৰী সেৱাৰ দ্বাৰা উপকৃত হয়, সেয়া যুক্তিৰে বর্ণনা কৰিছে মাহকেল লিপস্কীয়ে৷ ইতিমধ্যে বিশ্বৰ বহুকেইখন উন্নত ৰাষ্ট্রত প্রশাসন ব্যৱস্থাক পোনে পোনে লৈ গৈছে৷ ফলত সেইসমূহ দেশত জনসাধাৰণৰ জীৱন ধাৰণ প্রণালীও উন্নত হৈছে৷ প্রকৃত গণতান্ত্রিক দেশ এখনৰ এজন নাগৰিকে সেই দেশৰ চৰকাৰৰ পৰা পাবলগীয়া সুবিধা বা সেৱা যথোচিতভাৱে লাভ কৰিছে৷

এতিয়া আহিছো এই লেখাৰ মূল প্রসংগলৈ৷ আগতে উল্লেখ কৰিছো– আমাৰ চৰকাৰে প্রতিটো দিনৰ প্রতিমুহূর্তত ৰাহজৰ সর্বাংগীণ ডন্নয়নৰ চিন্তা অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নির্বাচনী প্রতিশ্রুতি দিছিল দেশৰ দহখন উন্নত ৰাজ্যৰ শাৰীত অসমক লৈ যাব বুলি৷ সেয়া বর্তমান বাস্তৱত ৰূপান্তৰিত হৈছে৷ ৰাজ্যৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি প্রশাসনীয় ব্যৱস্থাক ভিতৰ কৰি জনসাধাৰণৰ জীৱন ধাৰণ প্রণালী, সাহিত্য–সংস্কৃতি, খিলঞ্জীয়াৰ স্বার্থ ৰক্ষালৈ আশা কৰা ধৰণে পৰিৱর্তন আহিছে৷ সেয়া বিৰোধী ৰাজনৈতিক দলেও স্বীকাৰ কৰিছে৷ ৰাজ্যৰ এনে অলেখ পৰিৱর্তনৰ মাজত প্রশাসনীয় পৰিৱর্তনত উল্লেখযোগ্য দিশ হ’ল সম–জিলা গঠন৷ বর্তমান অসমত ৩৯খন সম–জিলা গঠন হৈছে৷ পৰৱর্তী সময়ত আৰু বৃদ্ধি হ’ব সম–জিলাৰ সংখ্যা৷ চৰকাৰৰ লক্ষ্য ৰাজ্যৰ প্রতিটো বিধানসভা সমষ্টিকেই একোখনকৈ সম–জিলালৈ ৰূপান্তৰ কৰিব৷ আকৌ উল্লেখ কৰিছো– প্রশাসন ব্যৱস্থাক ৰাহজৰ পদূলিলৈ লৈ গৈ জনসাধাৰণৰ সেৱা নিশ্চিত কৰাৰ লক্ষ্য আমাৰ চৰকাৰৰ৷ এই সম–জিলাৰ কার্যালয়সমূহ হ’ব জিলা আয়ুক্তৰ কার্যালয়ৰ সমকক্ষ৷ অর্থাৎ এটা সমষ্টিৰ বাসিন্দাহ তেওঁৰ নিজৰ অঞ্চলতে লাভ কৰিব জিলা সদৰৰ সকলো প্রশাসনীয় ব্যৱস্থা বা সেৱা৷ মাটি–ভেটি সম্পর্কীয় কাম–কাজৰ পৰা জৰুৰীকালীন সেৱা, শিক্ষা, স্বাস্থ্য, কৃষি, বাণিজ্য আদি সকলো কামৰ সেৱা ৰাইজে এই সম–জিলাৰ কার্যালয়ত সম্পাদন কৰিব পাৰিব৷ এনে ক্ষেত্রত আমাৰ চৰকাৰৰ চিন্তা– সম–জিলা কার্যালয় স্থাপন হোৱাৰ পাছত একে স্থানত ৰাজহ চক্র বিষয়াৰ কার্যালয় নিষ্প্রয়োজন৷ যুক্তি মতে একে স্থানত একেখিনি কামৰ বাবে দুজন বিষয়াক নিযুক্তি দি ৰখাৰ পৰিৱর্তে, কম পৰিসৰত সেৱা আগবঢ়োৱা বিষয়াজনক স্থানান্তৰিত কৰোৱাই আন কামত সহায়ক হোৱাকৈ নিযুক্তি দিয়া৷ ইয়াতকৈও স্পষ্টকৈ উল্লেখ কৰিব হ’লে– ধৰা হ’ল কোনোবা এজন ব্যক্তিয়ে ভূ–সম্পর্কীয় কামৰ সমাধান বিচাৰি আগতে ৰাজহ চক্র বিষয়াৰ কার্যালয় আৰু পৰৱর্তী সময়ত জিলা আয়ুক্তৰ কার্যালয়লৈ তাঁত–বাটি কৰিবলগীয়া হৈছিল৷ কিন্তু এতিয়া আৰু সেই জটিলতা নাথাকে৷ সম–জিলা আয়ুক্তৰ কার্যালয়ৰ এখন মেজতে সমাধান হ’ব সংশ্লিষ্ট ব্যক্তিজনৰ কাম৷ গতিকে চৰকাৰৰ এই পদক্ষেপত ৰাহজৰ সময়ো ৰাহি হ’ব, ৰাহি হ’ব যাতায়াত ব্যয়৷ লগতে প্রশাসনীয় কাম–কাজৰ মেৰপেঁচতো নোসোমোৱাকৈ লাভ কৰিব চৰকাৰী সেৱা৷ আমাৰ চৰকাৰে তেনে কেতবোৰ কথা চিন্তা কৰিয়েই সিদ্ধান্ত লৈছে– যিসমূহ বিধানসভা সমষ্টিত একাধিক ৰাজহ চক্র বিষয়াৰ কার্যালয় আছে, তাত এটাৰ বাদে অতিৰিক্ত কার্যালয়টো বন্ধ কৰিব৷ হয় বন্ধ হ’ব, কিন্তু এতিয়াই নহয়৷ স্পষ্টকৈ উল্লেখ কৰিছো অতি শেহতীয়াভাৱে ৰাজ্যত মুখ্যমন্ত্রীয়ে আৰম্ভ কৰিছে ‘মিছন বসুন্ধৰা ৩.০’, আগন্তুক ডিচেম্বৰৰ ৩১ তাৰিখলৈ বাহাল আছে চৰকাৰৰ অভিলাষী আঁচনিখনৰ তৃতীয় সংস্কৰণৰ ম্যাদ৷ গতিকে মিছন বসুন্ধৰা ৩.০ৰ কাম সমাপ্ত নোহোৱাপর্যন্ত ৰাজ্যত বন্ধ নহয় কোনো এটা ৰাজহ চক্র বিষয়াৰ কার্যালয়৷ আনহাতে, চৰকাৰৰ সিদ্ধান্ত– সম–জিলা থকা সমষ্টিত জনসংখ্যা অনুসৰি আৰু দূৰত্ব অনুযায়ী প্রয়োজনবোধে সম–ৰাজহ কার্যালয় স্থাপনৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷

গতিকে সন্মানীয় ৰাইজ, দল–সংগঠনে যি শংকাৰে প্রতিবাদ সাব্যস্ত কৰিছে, সেয়া প্রয়োজনহীন৷ আনহাতে, চৰকাৰে কিয় অতিৰিক্ত ৰাজহ চক্র বিষয়াৰ কার্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে, সেহ কথাও আমি স্পষ্টকৈ ব্যাখ্যা কৰিলোঁ৷ এনেস্থলত আমি ভাবোঁ এই বাদ–প্রতিবাদ, ধর্ণা, বিক্ষোভ বন্ধ হওক৷ হয়াৰ পৰিৱর্তে চৰকাৰে আগবঢ়োৱা সুলভ–সুবিধা লাভ কৰিবলৈ আগ্রহী হওক, আন দহজনকো সজাগ কৰাওক৷ তেতিয়া হ’লে নিশ্চিতভাৱে আন ৰাজ্যৰ তুলনাত অসম উন্নত ৰাজ্যৰ শাৰীত থিয় দিব পৰাকৈ অধিক শক্তিশালী হ’ব৷

লেখকঃ মন্ত্ৰী, অসম চৰকাৰ

You might also like