সামাজিক মাধ্যমত পোষ্ট : দ্বিতীয়টো সন্তানৰ পিতৃ হ’ল ৰোহিত শর্মা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ নৱেম্বৰঃ ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক ৰোহিত শর্মাই দ্বিতীয়বাৰৰ বাবে পিতৃ হোৱাৰ সৌভাগ্য অর্জন কৰিছে৷ ক্রিকেটাৰগৰাকীৰ পত্নী ৰীতিকা সজদেহে জন্ম দিছে এটি পুত্র সন্তান৷ শুকুৰবাৰৰ নিশাৰে পৰা সামাজিক মাধ্যমত খলকনি তুলিছে এই খবৰে৷ অৱশ্যে দেৰিকৈ সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীৰ সৈতে এই সুখবৰ শ্বেয়াৰ কৰে ৰোহিত শর্মাই৷ ৰোহিতৰ পত্নী ৰীতিকাই জন্ম দিছে পুত্র সন্তান৷ দম্পতীটোৱে সামাজিক মাধ্যমৰ জৰিয়তে আনুষ্ঠানিকভাৱে তেওঁলোকৰ ঘৰলৈ নতুন সদস্যৰ আগমন ঘটাৰ কথা জানিবলৈ দিয়ে৷ ৰোহিত আৰু ৰীতিকাৰ প্রথমটো কন্যা সন্তানৰ পিছত শুকুৰবাৰে নিশা পুত্র সন্তানৰ পিতৃ–মাতৃ হোৱাৰ সৌভাগ্য ঘটে৷ দ্বিতীয়টো সন্তানৰ জন্মৰ পিছত ৰোহিত শর্মাই ২২ নৱেম্বৰৰ পৰা পার্থত আৰম্ভ হ’বলগীয়া প্রথমখন টেষ্টত অংশগ্রহণ কৰিবলৈ অষ্ট্রেলিয়ালৈ ৰাওনা হ’ব নে নাই, সেয়া জানিব পৰা হোৱা নাই৷