সাংসদে আয়োজন কৰা ভোজত মাংসৰ পৰিৱর্তে জোল! ৰণক্ষেত্র ‘মটন পার্টী’
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ নৱেম্বৰঃ গাঁৱৰ জনসাধাৰণক ছাগলীৰ মাংসৰে ভোজ খোৱাৰ বাবে আমন্ত্রণ জনাইছিল বিজেপি সাংসদে৷ কিন্তু মাংসৰ পৰিৱর্তে পাতত দিয়া হয় মাত্র জোল৷ ইয়াৰ ফলত ৰণক্ষেত্রত পৰিণত হ’ল উত্তৰ প্রদেশৰ ভাদোহি লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ এই ভোজমেল৷ উত্তেজিত লোকে গৈ লণ্ডভণ্ড কৰিলে ৰন্ধনশাল৷ অকল সেয়াই নহয়, ইটো পক্ষই সিটো পক্ষৰ সৈতে হতাহতি আৰম্ভ কৰি দিয়ে৷ শেষত গৈ ৰণক্ষেত্রত পৰিণত হয় ঘটনাস্থলী৷ যোৱা বৃহস্পতিবাৰে নিশা ভাদোহিৰ মির্জাপুৰত নিজৰ দলীয়া কার্যালয়ত ছাগলীৰ মাংসৰে ভোজৰ আয়োজন কৰিছিল অঞ্চলটোৰ বিজেপি সাংসদ বিনোদ বিন্দে৷ কাষৰ গাঁওসমূহৰ পৰা প্রায় ৫০০ মানুহে সাংসদগৰাকীৰ নিমন্ত্রণ পাই এই ভোজলৈ আহে৷ দলীয় কার্যালয়ৰ সন্মুখত মাংস–ৰুটী খুওৱা হৈছিল৷ কিন্তু উপস্থিত বহুসংখ্যক লোকক মাংসৰ পৰিৱর্তে ৰুটীৰ সৈতে দিয়া হ’ল জোল৷ ইয়াৰ ফলতে একাংশ লোক উত্তেজিত হৈ পৰে৷ এই ঘটনাক লৈ প্রথমে কাজিয়া, তাৰ পিছত প্রচণ্ড মাৰপিট৷ যি মাংসক লৈ কাজিয়া হৈছিল, সেই মাংস বিতৰণ কৰা বাচন ভাঙি দিয়ে উত্তেজিত জনতাই৷ এই ঘটনাত আহত হয় কেইবাজনো লোক৷ গাঁৱৰ জনসাধাৰণে সাংসদগৰাকীক অশ্রাব্য গালি–গালাজ কৰি ঘৰলৈ উভতি যায়৷