🔹 গোষ্ঠী সংঘর্ষত অশান্ত মণিপুৰ পুনৰ অগ্নিগর্ভ
🔹 জিৰিবামৰ পৰা ৬ দিন পূর্বে অপহৰণ কৰিছিল সন্দেহযুক্ত কুকি বিদ্রোহীয়ে
🔹 তিনি জিলাত কার্ফিউ-ইণ্টাৰনেট কর্তন
নিউজ ডেস্ক, ১৭ নৱেম্বৰ : অসম সীমান্তৰ সমীপৱর্তী জিৰি–বৰাক নৈৰ সংগমস্থলী জিৰিমুখ অঞ্চলত ছটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পুনৰ অগ্নিগর্ভা হৈ পৰিছে গোষ্ঠী সংঘর্ষত অস্থিৰ মণিপুৰ৷ জিৰিবামৰ পৰা অপহৰণ কৰা মৃত ৬ শিশু–মহিলাৰ ভিতৰত ৩গৰাকীক চিনাক্ত কৰা হৈছে৷ মৃতদেহকেইটা শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মর্গত ৰখা বুলি কোৱা হৈছে৷ জানিব পৰা মতে, অশান্ত মণিপুৰৰ জিৰিবাম জিলাৰ পৰা ৬ দিন পূর্বে অপহূত ৩গৰাকী মহিলা আৰু তিনিটা শিশু, যাৰ ভিতৰত এটি ৮ মহীয়া দেৱশিশুও আছিল, তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছে৷ এই সন্দর্ভত মণিপুৰ চৰকাৰৰ এগৰাকী শীর্ষ বিষয়াই ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি, শুকুৰবাৰে নিশা মৃতদেহকেইটা শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰা হয়৷ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মর্গত এই মৃতদেহকেইটা ৰখা হৈছে৷ প্রথমে অপহৰণ আৰু তাৰ পাছত মৃত অৱস্থাত উদ্ধাৰ হোৱা এই ৬ মহিলা আৰু শিশু মেইটেই সম্প্রদায়ৰ৷ তেওঁলোকক যোৱা সোমবাৰে সন্দেহজনক কুকি বিদ্রোহীয়ে অপহৰণ কৰিছিল৷ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সূত্রত প্রকাশিত খবৰ মতে, শুকুৰবাৰে প্রথমে তিনিগৰাকী মহিলাৰ মৃতদেহ তালৈ অনা হৈছিল৷ কালি পুৱা আৰু তিনিটা মৃতদেহ হাস্পতালখনৰ মর্গলৈ অনা হৈছে৷ মৃতদেহকেইটা ইতিমধ্যে ফুলিবলৈ আৰম্ভ কৰিছে৷ অৱশ্যে এতিয়ালৈকে মৃতদেহকেহটা চিনাক্ত কৰা হোৱা নাই৷ উল্লেখ্য যে মণিপুৰ চৰকাৰৰ কর্মচাৰী লেচাৰাম হিৰোজিতৰ দুই সন্তান, পত্নী, শাহু আৰু পত্নীৰ ভগ্ণীক সন্দেহযুক্ত কুকি বিদ্রোহীয়ে যোৱা সোমবাৰে অপহৰণ কৰিছিল৷ মৃতদেহ উদ্ধাৰৰ পাছত কালি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে এতিয়ালৈকে মৃতদেহকেইটা মই প্রত্যক্ষ কৰিব পৰা নাই৷ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মর্গ জিৰিবাম জিলাৰ সীমান্তৰ পৰা প্রায় ৫০ কিলোমিটাৰ দূৰৈত৷ উল্লেখ্য যে প্রায় ৫ দিন পূর্বে জিৰিবাম জিলাত কুকি বিদ্রোহীৰ এটা দলে মেইটেই সম্প্রদায়ৰ মহিলা আৰু শিশুক বৰোবেৰা অঞ্চলত বন্দী কৰি ৰাখিছিল৷ তাৰ মাজতেই কুকি বিদ্রোহী আৰু চি আৰ পি এফ বাহিনীৰ মাজত এক সংঘর্ষৰ সূত্রপাত হয়৷ এই সংঘর্ষত ১০জন কুকি বিদ্রোহী নিহত হৈছিল৷ লেচাৰাম হিৰোজিতে জনোৱা মতে, সোমবাৰে তেওঁৰ এজন বন্ধুৱে সশস্ত্র একাংশ লোকে কেইগৰাকীমান মহিলা আৰু শিশুক নাৱেৰে লৈ যোৱা প্রত্যক্ষ কৰিছিল৷ সেইদিনা অঞ্চলটোত অগ্ণিসংযোগ আৰু এনকাউণ্টাৰ হোৱাৰ খবৰ তেওঁক পত্নীয়ে ফোনযোগে দিছিল৷ পত্নীৰ সৈতে ফোনত কথা পাতি থকাৰ সময়তে সংযোগ বিচ্ছিন্ন হৈছিল আৰু তাৰ পাছত তেওঁ বহুবাৰ চেষ্টা কৰিও ফোনত পুনৰ সংযোগ কৰিব নোৱাৰিলে৷ অন্তিমবাৰ ফোনত কথা পতাৰ সময়ত হেনো পত্নীয়ে তেওঁক কান্দি কান্দি কৈছিল- তেওঁলোকক হাতত অস্ত্র লৈ থকা বহু লোকে ঘেৰি ধৰিছে৷ সন্দেহযুক্ত কুকি উগ্রপন্থীয়ে অপহৰণ কৰি নিয়া এটা পৰিয়ালৰ ৬ শিশু–মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ৰাজ্যখনৰ প্রান্তে প্রান্তে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে৷ হিংসাত্মক কার্যকলাপত জ্বলি উঠা ৰাজ্যখনৰ তিনি জিলাত সান্ধ্য আইন বলৱৎ কৰাৰ লগতে ৭খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে৷ কুকি উগ্রপন্থীয়ে অপহৰণ কৰি নিয়া মেইটেই সম্প্রদায়ৰ পৰিয়ালটোৰ তিনিগৰাকী মহিলা আৰু তিনিটা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ইম্ফল পশ্চিম জিলাৰ কেইবাটাও অঞ্চলত মহিলাসহ প্রতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছে৷