নলবাৰীত অভিধান বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ নিয়মীয়া বার্তাৰ সম্পাদক নৰেশ কলিতাৰ
নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ অভিধান মাথোঁ পাঠ্যপুথিৰ পৰীক্ষাৰ বাবেই নহয়। ছাত্ৰ ছাত্ৰীসকলে সদায়ে অভিধান পঢ়িব লাগে জ্ঞান অৰ্জনৰ বাবে। বহুত জানিবলগা কথা থাকে।ছাত্ৰ ছাত্ৰী সকলে বিশ্বায়নৰ সপোন দেখিব লাগে শিক্ষাৰ লগতে সামাজিক মাধ্যমৰ জড়িয়তে। সম্প্ৰতি ধনী পৰিয়ালৰ লৰা ছোৱালী ইতিবাচক সপোন দেখিব নোৱাৰে।দুখীয়া পৰিয়ালৰ লৰা ছোৱালীহে ইতিবাচক সপোন দেখে। এতিয়া নগৰাঞ্চলৰ লৰা ছোৱালী যি সুবিধা পাইছে গ্ৰামাঞ্চলৰ লৰা ছোৱালীও একেই সুবিধা পাইছে। চৰকাৰেও যথেষ্ট সুবিধা দিছে।গতিকে নিজৰ অধ্যয়নত ছাত্ৰ ছাত্ৰী গুৰুত্ব দিব লাগিব। অসমীয়া ভাষা ধ্ৰুপদী হিচাপে স্বীকৃতি পালে। কিন্তু তাক মঞ্চতে নহয় সকলোতে চৰ্চা কৰিব লাগিব। সেইবাবেই ছাত্ৰ ছাত্ৰীৰ বসকলে অভিধান গুৰুত্ব কিমান তাক উপলব্ধি কৰিব লাগিব- নলবাৰীৰ বাঁহজানীৰ বুদ্ৰুকুছিত (খাদী চকত) অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ অভিধান বিতৰণ অনুষ্ঠানত মুখ্য অতিথিৰ ভাষনত নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক নৰেশ কলিতাই এইদৰে কয়। তেওঁ লগতে কয় অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ অনুষ্ঠানত আহি আপ্লুত হোৱাই নহয় অভিভূত হৈ পৰিছো। বিভিন্ন দল সংগঠন দেখিছো। কিন্তু এনেদৰে এটা ন্যাসে অভিধান বিতৰণ কৰা দেখা নাছিলো।যিটো সংগঠনৰ চান্দা সংস্কৃতি নাই।কৰ্মকৰ্তা সকলে নিজৰ ধনেৰে এনে বহুমুখী কাম কৰি আছে। চান্দা সংস্কৃতিয়ে বহু পৰিমানে কৰ্মক্ষেত্ৰত বাধা দিয়ে। বাট আগুৰি ধৰি দহ বিশ টকা উঠোৱা ব্যৱস্থা নথকা দৰকাৰ।ন্যাসে পুথিভৰাল নিৰ্মাণৰ চিন্তা কৰিছে। এয়া ভাল খবৰ। কিন্তু তাৰ লগত ডিজিটেল ব্যৱস্থাও কৰাৰ আহ্বান জনাই তেওঁ পুনৰ কয়, তথ্য প্ৰযুক্তি অবিহনে এতিয়া জ্ঞান অৰ্জন সহজ নহয় বুলি দোহাৰে। অনুষ্ঠানত ড:অখিল ডেকাই ভাষনত কয় যে ছাত্ৰ ছাত্ৰীসকলে ভাল বেয়া কি তাক চিনিব পাৰিলেহে মানুহ হব পাৰিব বুলি দোহাৰে। মুখ্যন্যাসৰক্ষী ডা: বসন্ত কুমাৰ বৈশ্যই ন্যাসৰ বিষয় উথ্থাপন কৰি কয় যে কোনো ধৰণৰ চৰকাৰী সাহায্য বা বৰঙণি নোহোৱাকৈ অভিজ্ঞানম ন্যাস চলি আছে।ন্যাসৰ উদ্দেশ্যে হল শৈক্ষিক, বৌদ্ধিক আৰু সামাজিক কাম কৰা বুলি দোহাৰে।অনুষ্ঠানত কৃতি শিক্ষক সুৰেশ আৰ্য বৈশ্য,প্ৰকাশ ডেকা, প্ৰধান শিক্ষক ৰূপ কুমাৰ শৰ্মা, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই দুষাৰ কয়। সম্পাদক অৱনি কুমাৰ তালুকদাৰে আত ধৰা আৰু অৱনি ধিঙে শলাগৰ শৰাই জ্ঞাপন কৰা অনুষ্ঠানত ন্যাসৰ বিষয়ববীয়া কুইন তালুকদাৰ, ধনেশ্বৰ শৰ্মা, প্ৰদীপ শৰ্মা, ত্ৰৈলোক্য মল্ল বুজৰ বৰুৱা, জোন চৌধুৰী, প্ৰণৱ প্ৰাণ বাচ্যস, ভূষণ চন্দ্ৰ শৰ্মা, উৎপল তালুকদাৰ, নিৰেণ ডেকা, মুকুতৰ ৰহমান, দেৱেশ্বৰ ডেকা সহ ভালেমান লোক উপস্থিত থাকে। অভিধান বিতৰণ অনুষ্ঠানত গোপালথান পলিটেকনিকেল ইনষ্টিউচন হাইস্কুলৰ ৬৩ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত অভিধান বিতৰণ কৰা হয়।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা