নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিক’ডিং জীৱন : মোৰ কিয় জন্ম হ’ল?

ড০ পার্থসাৰথি মহন্ত

জন্ম হৈ কেনেকুৱা লাগিল বাৰু
এই ভাবটো মনলৈ আহেনে?

মানসিক দৃষ্টিকোণৰ পৰা জন্ম হোৱাৰ ধাৰণাটো ইমানেই মৌলিক যে আমি জন্ম হোৱাক লৈ প্রশ্নয়েই নকৰোঁ৷ শিশু অৱস্থাত আমি জীৱনক স্বাভাৱিক বাস্তৱ হিচাপেই গ্রহণ কৰোঁ৷ সৰু ল’ৰা–ছোৱালীয়ে কিয় জন্ম হৈছিল সেই কথা খুব কমেইহে চিন্তা কৰে৷ জানিত–জানিতভাৱে তেওঁলোক পৃথিৱীখন আৱিষ্কাৰ কৰাত নিমগ্ন হৈ থাকে৷ মনোবিজ্ঞানীসকলে ইয়াক ‘নিষ্পাপ বাস্তৱবাদ’ বুলি কয়, য’ত শিশুৱে গভীৰ অর্থ বিচাৰি কোনো প্রশ্ন উত্থাপন নকৰাকৈয়ে পৃথিৱীখন আৰু এই পৃথিৱীত নিজৰ অস্তিত্বক আটাইতকৈ স্বাভাৱিক বুলি ভাবে৷

বয়স বঢ়াৰ লগে লগে অৱশ্যে আমি সময়, পৰিচয় আৰু জীৱনৰ প্রত্যাহ্বানৰ প্রতি সচেতন হৈ পৰোঁ৷ বিভিন্ন সংগ্রামৰ সন্মুখীন হ’লেও কিন্তু আমি সাধাৰণতে আমাৰ জন্মৰ সত্যটোক লৈ প্রশ্ন নকৰোঁ৷ জীৱনক সাধাৰণতে এটা সুযোগ হিচাপে গণ্য কৰা হয়– অভিজ্ঞতা, অনুভৱ আৰু উৎকর্ষ সাধন কৰাৰ সুযোগ৷ বৰঞ্চ অৱচেতন মনত আমি অনুভৱ কৰোঁ যে তথাকথিত উত্থান–পতনৰ ওপৰত আমাৰ জীৱনৰ প্রকৃত উদ্দেশ্য নির্ভৰ নকৰে৷ অস্তিত্বৰ অন্তর্নিহিত গ্রহণযোগ্যতাই সেয়াই বুজায়৷

আমাৰ অস্তিত্বৰ আঁৰৰ উদ্দেশ্যক লৈ আমি প্রশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰোঁ জীৱনৰ জটিলতাবোৰৰ সন্মুখীন হোৱাৰ লগে লগেহে৷ এক মানৱীয় বৈশিষ্ট্য৷ ‘অস্তিত্বগত কৌতূহল’৷ মনোবিজ্ঞানী ভিক্টৰ ফ্রেংকলৰ মতে, মানুহে অর্থ বিচাৰি ফুৰে– জীৱনৰ অর্থ৷ অর্থ বিচাৰি ফুৰা এই ইচ্ছাৰ দ্বাৰা পৰিচালিত হয় আমাৰ জীৱন৷ জীৱনে প্রতিকূলতা কঢ়িয়াই আনিলেও আমি ‘মোৰ উদ্দেশ্য কি?’ বুলি জীৱনৰ অর্থ বিচাৰোঁ৷ আমি কিয় জন্ম লৈছোঁ বুলি প্রশ্ন নকৰোঁ, আমি জীৱনৰ তাৎপর্যহে বিচাৰোঁ৷

বাধা, কষ্ট, সাময়িক বিফলতা বা হতাশাৰ সময়ত জীৱনৰ ওপৰত আমাৰ প্রতিফলন হৈ পৰে অগ্ণি স্ফুলিংগৰ সমষ্টি৷ আমি প্রশ্ন কৰোঁ– কিয় এই সংগ্রাম? কিয় মই? কিয় মোৰ? তথাপি কিন্তু এই প্রতিফলন জীৱনৰ জটিলতাখিনিতেই সীমাবদ্ধ হৈ থাকে, জন্ম সত্যক বিচাৰি নাযায়৷ এই পার্থক্যই আচলতে আমাৰ অস্তিত্বত অন্তর্নিহিত হৈ থকা এক মৌলিক আশাবাদ উন্মোচন কৰে– যে আমি জীৱনটোক গ্রহণ কৰি লওঁ, কেৱল ইয়াক অর্থপূর্ণ কৰাৰহে উপায় বিচাৰোঁ৷

খুব কমেইহে প্রশ্ন কৰোঁ– ‘মোৰ কিয় জন্ম হ’ল?’ বেছিভাগেই জীৱনকেই গুৰুত্ব দিওঁ– সহজাতভাৱে৷ অস্তিত্বহীনতা নহয়, আমি অস্তিত্ব বিচাৰোঁ৷ সেই কাৰণেই আমি অস্তিত্বক লৈ প্রশ্ণ নকৰোঁ, জন্মক লৈ প্রশ্ন নকৰোঁ৷ আমি জীয়াই থাকিব বিচাৰোঁ৷ কেৱল ভৌতিকভাৱে নহয়, আমাক মৰম, আনন্দ, ভালপোৱা, সফলতা, শ্রীবৃদ্ধি সকলো লাগে৷ প্রতিকূল পৰিস্থিতিতো জীয়াই থকাৰ এই প্রবল ইচ্ছাৰ বাবেই আমি অস্তিত্বক বিচাৰোঁ আৰু জীৱনক আঁকোৱালি লওঁ৷ এয়া মানুহৰ অস্তিত্ববাদী প্রৱণতা৷

বিলাই–বিপত্তিৰ মাজতো আমি সেয়েহে জীৱনটোক অর্থপূর্ণ কৰি তুলিবলৈ চেষ্টা কৰোঁ৷ এটা সময়ত আমি ভাবিবলৈ বাধ্য হওঁ– আৰু কিমান সহ্য কৰিব পাৰিম? একে সময়তে আকৌ ভাবোঁ– এয়াও পাৰ হৈ যাব, হেলাৰঙে৷ এটা সময়ত আমি জীৱনৰ শলাগ লওঁ৷ জীৱনে দিয়া কষ্ট আৰু জীৱনৰ প্রতি কৃতজ্ঞতাবোধৰ সৈতে আমি সহঃ অৱস্থান কৰোঁ৷ এয়া আমাৰ মানসিক স্থিতিস্থাপকতা৷ এই স্থিতিস্থাপকতাই আমাক প্রত্যাহ্বানৰ মাজতো অটল হৈ থাকি জীৱনৰ পূর্ণতা বিচাৰি পাবলৈ সক্ষম কৰি তোলে৷

জীৱনৰ অর্থ আৰু পৃথিৱীত নিজৰ স্থানৰ বিষয়ে চিন্তা কৰাটো মানুহৰ সহজাত প্রবৃত্তি৷ গোটেই জীৱনজুৰি আমি এই আত্মনিৰীক্ষণ, আত্মবিশ্লেষণ কৰোঁ৷ এই প্রতিফলনেই সৃষ্টি কৰে আমাৰ পৰিচয়, গঢ়ি তোলে আত্মবোধ৷ এই অন্তর্দৃষ্টিৰ কাৰণেই আমি কৃতজ্ঞ হওঁ জীৱনৰ প্রতি, বিপর্যয়ৰ মাজতো৷ এই প্রতিফলনেই কষ্টৰ মাজতো অস্তিত্বৰ সৌন্দর্যৰ উপলব্ধি আনি দিয়ে৷

জটিলতা–বাধা–সুবিধা জীৱনৰ এক অনিবার্য অংশ৷ কঠিন সময়ত আমি কিন্তু আমাৰ অস্তিত্বক লৈ অনুশোচনা নকৰোঁ৷ আমি আমাৰ স্থিতিস্থাপকতা বঢ়াই দিওঁ৷ প্রতিকূলতাই আচলতে আমাৰ আত্মবোধক শক্তিশালী কৰি আমাৰ মূল্যবোধ আৰু অগ্রাধিকাৰসমূহ অন্বেষণ কৰিবলৈ উৎসাহিত কৰে৷ প্রত্যাহ্বান অতিক্রম কৰি আমি আমাৰ স্থিতিস্থাপকতা আৰু জীৱনৰ অর্থ বিচাৰি উলিওৱাৰ ক্ষমতা গভীৰভাৱে উপলব্ধি কৰোঁ, আনকি ভীষণ কঠিন সময়তো৷

ধর্মীয় আৰু দার্শনিক বিশ্বাসে জীৱনৰ উদ্দেশ্যৰ প্রশ্ণটোকেই অন্বেষণ কৰি আহিছে৷ এনে অন্তর্দৃষ্টিয়ে মানুহক অস্তিত্বৰ শান্তি আৰু জীৱনৰ অর্থ বিচাৰি উলিয়াবলৈ সহায় কৰি আহিছে৷ সনাতন আৰু বৌদ্ধ ধর্মৰ মতে, জীৱন শ্রীবৃদ্ধি আৰু শিক্ষণ চক্রৰ অংশ, য’ত প্রতিটো অস্তিত্বই আধ্যাত্মিক জ্ঞান লাভৰ দিশত কাম কৰে৷ খ্রীষ্টান ধর্মই কয়– জীৱন ঈশ্বৰৰ পৰা পোৱা উপহাৰ৷ প্রতিজন ব্যক্তিক এটা উদ্দেশ্যৰ বাবে অনন্যভাৱে সৃষ্টি কৰা হৈছে৷

ইফালে জাঁ পল ছার্ত্রে আৰু এলবার্ট কেমুৰ দৰে অস্তিত্ববাদী দার্শনিকসকলে কৈছে যে জীৱনৰ অর্থ পূর্ব–নির্ধাৰিত নহয়, বৰঞ্চ ব্যক্তিগত পছন্দ আৰু কার্যৰ দ্বাৰা সৃষ্টি হয়৷ এই দৃষ্টিভংগীয়ে মানুহক নিজৰ অস্তিত্ব গঢ়ি তোলাৰ স্বাধীনতাক আঁকোৱালি ল’বলৈ উৎসাহিত কৰে, তেওঁলোকে এই পৃথিৱীত উদ্দেশ্য বিচাৰি পায়৷

জীৱনৰ উদ্দেশ্যত আমাৰ প্রতিফলন সংযোগ, বুজাবুজি আৰু পূর্ণতাপ্রাপ্তিৰ অভিযানৰ অংশ৷ এই যাত্রাত আমি আনন্দ আৰু কষ্ট দুয়োটাকে মানৱ অভিজ্ঞতাৰ অপৰিহার্য অংশ হিচাপে গ্রহণ কৰিবলৈ শিকোঁ৷ জীৱনৰ উদ্দেশ্যক লৈ চিন্তাই আমাক পৃথিৱীত আমি পোৱা সময়খিনিক সর্বোত্তম ব্যৱহাৰ কৰাৰ আমাৰ স্বাভাৱিক ইচ্ছা, স্থিতিস্থাপকতা আৰু আশাবাদক উজলাই তোলে, জীৱনৰ অনিবার্য উত্থান–পতনবোৰৰ মাজতো৷ আমি কিন্তু নোসোধোঁ– মোৰ কিয় জন্ম হ’ল?

ফোন : ৯৪৩৫০–৪৮৪৮০

You might also like