নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ বুধবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা মধ্যপ্ৰদেশৰ মহাৰজা খ্যাত জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছৰ বিৰুদ্ধে প্ৰকাশ কৰে ক্ষোভ । ১৮ বছৰে কংগ্ৰেছত লালিত-পালিত জ্যোতিৰাদিত্যই বিজেপিত যোগদান কৰাৰ পাচতেই এতিয়া মধ্যপ্ৰদেশ চৰকাৰৰ বাবেও যেন নামি আহিছে দুৰ্যোগ ।
১০ মাৰ্চ অৰ্থাৎ মঙলবাৰে ভাৰতীয় ৰাজনীতিত চমক সৃষ্টি কৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল জ্যোতিৰাদিত্য সিন্ধিয়াই । মাত্ৰ ২৪ ঘণ্টাৰ ব্যৱধানৰ পাচতেই জ্যোতিৰাদিত্যই বুধবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত । বিজেপিত যোগদান কৰিয়েই যুৱনেতাগৰাকীয়ে কিয় কংগ্ৰেছ ত্যাগ কৰিলে সেই সম্বন্ধেও বক্তব্য দাঙি ধৰে ।
কংগ্ৰেছ দল আগৰ দৰে নাই । বাস্তৱক আওকাণ কৰি জড়তাৰে পৰিচালিত দলটোত নাই কোনো নতুনত্ব । নতুন প্ৰজন্মক মান্যতা দিয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলিও কংগ্ৰেছ দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে সিন্ধিয়াই । নাম প্ৰকাশ নকৰিলেও মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতৃত্বাধীন কমলনাথ চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰা দেখা গ’ল নতুনকৈ গেৰুৱা বসন পিন্ধা জ্যোতিৰাদিত্যক ।
যি স্বপ্নৰে ২০১৮ চনত মধ্যপ্ৰদেশত কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিছিল সেই স্বপ্ন মাত্ৰ ১৮ মাহতে ভাগি গৈছে বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে । মাত্ৰ দহদিনৰ ভিতৰত কৃষকসকলৰ ঋণ পৰিশোধ কৰাৰ যি প্ৰতিশ্ৰুতি সেইয়া ১৮ মাহেও সম্পন্ন নহ’ল বুলি ক্ষোভ উজাৰে সিন্ধিয়াই । ইয়াৰোপৰি মধ্যপ্ৰদেশত বৰ্তমান এক মাফিয়া পৰিৱেশৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰে জ্যোতিৰাদিত্যই ।
বিজেপিত যোগদান কৰাৰ দিনটোতে মোডী বন্দনাত মুখৰ হোৱা দেখা গ’ল জ্যোতিৰাদিত্য সিন্ধিয়াক । তেওঁ উল্লেখ কৰে যে, ‘দেশৰ ইতিহাসত প্ৰথমবাৰৰ এনেধৰণৰ জনাদেশ পাইছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । তেওঁৰ ক্ষমতাক লৈ উঠা নাই কোনো প্ৰশ্ন । নৰেন্দ্ৰ মোডীৰ হাতত সুৰক্ষিত ভাৰতৰ ভৱিষ্যত ।’