কেৰালাৰ ত্ৰিশূৰত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত ৫
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ নৱেম্বৰঃ কেৰালাৰ ত্ৰিশূৰ জিলাত আজি পুৱা পোহৰলৈ আহিছে এক ভয়াৱহ পথ দুৰ্ঘটনা। ৱলগড় আৰক্ষী থানা এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথত পথৰ দাঁতিত বসবাস কৰা যাযাবৰী লোকৰ তম্বুত খুন্দা মাৰে এখন তীব্ৰবেগী ট্ৰাকে। এই দুৰ্ঘটনাত দুটা শিশুসহ ৫জন লোকৰ মৃত্যু হয়। ট্ৰাক সংঘৰ্ষত আহতসকলৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দৈনন্দিন কাম-কাজত ব্যস্ত হৈ থকাৰ সময়তে পুৱা প্ৰায় ৪:৩০ বজাত সংঘটিত হয় এই ঘটনা। এই সন্দৰ্ভত তথ্য দি আৰক্ষীয়ে কয় যে ৫জন আহত লোকক ত্ৰিশূৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে, ইয়াৰে দুজনৰ অৱস্থা সংকটজনক। নিহতসকলৰ ভিতৰত আছে দুগৰাকী মহিলা আৰু দুটা শিশু। এটা শিশুৰ বয়স ডেৰ বছৰ আৰু আনটো চাৰি বছৰ। আৰক্ষীয়ে ট্ৰাক চালক আৰু চাফাই কৰ্মীক জিম্মাত লৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।