নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনস্বাস্থ্যলৈ ভাবুকি : গুৱাহাটীত ব্রেড প্রস্তুতকাৰী প্ৰতিষ্ঠানৰ জালিয়াতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই খাদ্যসামগ্রী প্রস্তুত কৰি ব্যৱসায় চলাই আহিছে৷ খাদ্য সুৰক্ষা বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ নির্লিপ্ততাৰ সুযোগ লৈ অস্বাস্থ্যকৰ খাদ্যসামগ্রী বিক্রী কৰি লুণ্ঠন চলাই আহিছে অসাধু ব্যৱসায়ীসকলে৷ নিম্ন মধ্যবিত্তৰ খাদ্যৰ তালিকাৰ অন্তর্ভুক্ত আৰু সহজলভ্য ব্রেডৰ উৎপাদনৰ তাৰিখ সলাই ম্যাদৰ দিন বৃদ্ধিৰে গ্রাহকক বিক্রী কৰি অহাৰ ভয়াৱহ তথ্য৷ একাংশ বেকাৰী প্রস্তুতকাৰী কোম্পানীয়ে এসপ্তাহ আগতে প্রস্তুত কৰা ব্রেড ম্যাদৰ দিন সলাই জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই বজাৰত মুকলি কৰি দিছে৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ১৬ ডিচেম্বৰত প্রস্তুত কৰা আৰু ২০ ডিচেম্বৰত ম্যাদ উকলা ব্রেড বিক্রীৰ বাবে মহানগৰীৰ ব্যৱসায়িক প্রতিষ্ঠানত ৰখাৰ এখন ফটো৷ আজি ১৬ ডিচেম্বৰত প্রস্তুত কৰা বুলি লেবেল লগাই ব্রেড বিক্রী কৰিবলৈ বজাৰত মুকলি কৰি দিয়া এই ফটোখনে বেকাৰী প্রস্তুতকাৰী একাংশ কোম্পানীৰ জালিয়াতিৰ তথ্যকে উদঙাই দিছে৷ জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি ম্যাদ উকলা অস্বাস্থ্যকৰ পৰিৱেশত প্রস্তুত কৰা খাদ্য সামগ্রী গ্রাহকক বিক্রী কৰি অহা অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে মহানগৰ জিলা প্রশাসন, খাদ্য সুৰক্ষা বিভাগ আৰু জিএমচিৰ বিষয়া–কর্মচাৰীয়ে৷ লক্ষণীয় যে খাদ্য সুৰক্ষা বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ বিষয়া–কর্মচাৰীয়ে মাজে সময়ে অভিযান চলাই অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্রস্তুত কৰি বিক্রী কৰা বহু অভিজাত হোটেল, ৰেষ্টুৰেণ্ট ছীল কৰিছে৷ পঁইতাচোৰা, নিগনি পৰি থকা আৰু ভেকুৰ লগা মাংসও হোটেল, ৰেষ্টুৰেণ্টত জিএমচিৰ অভিযানকাৰী দলে প্রত্যক্ষ কৰি হতচকিত হৈ পৰিছে৷ গুৱাহাটী পৌৰ নিগমৰ ধাৰাবাহিক অভিযানৰ পিছতে হোটেল, ৰেষ্টুৰেণ্টসমূহৰ স্বত্বাধিকাৰীয়ে পাকঘৰ পৰিস্কাৰ পৰিছন্ন কৰাৰ লগতে স্বাস্থ্যকৰ খাদ্য সামগ্রী গ্রাহকক বিক্রী কৰি আহিছে৷ চমক সৃষ্টিৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া–কর্মচাৰীয়ে এনেদৰে অভিযান চলাইছে যদিও ৰহস্যজনক কাৰণত বেকাৰীৰ কাৰখানাত অভিযান চলোৱাৰ পৰা বিৰত আছে৷ খাদ্য সুৰক্ষা বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ দায়িত্বহীনতাৰ সুযোগ লৈ একাংশ বেকাৰী প্রস্তুতকাৰী কোম্পানীয়ে অস্বাস্থ্যকৰ পৰিৱেশত সুস্বাদু খাদ্য সামগ্রী প্রস্তুত কৰি প্রতিদিনে বজাৰত বিক্রীৰ বাবে মুকলি কৰি দিছে৷ ব্রেড প্রস্তুতকাৰী কোম্পানীয়ে জালিয়াতিৰে উৎপাদনৰ তাৰিখ সলাই ম্যাদ উকলা খাদ্য–সামগ্রী বিক্রী কৰি মুনাফা লুটি আহিছে৷ যাৰ ফলশ্রুতিত ম্যাদ উকলা খাদ্য–সামগ্রী, ব্রেড খাই বহু লোক বিভিন্ন ৰোগত আক্রান্ত হৈছে৷ অসাধু ব্যৱসায়ীসকলৰ সৈতে খাদ্য সুৰক্ষা বিভাগৰ বিষয়াৰ গোপন বুজাবুজি থকাৰো অভিযোগ উত্থাপিত হৈ আহিছে৷ জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰা এনে ব্রেড প্রস্তুতকাৰী কোম্পানীৰ বিৰুদ্ধে খাদ্য সুৰক্ষা বিভাগ, পৌৰ নিগম আৰু মহানগৰ জিলা প্রশাসনে কি পদক্ষেপ গ্রহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব৷

You might also like