১৬ মার্চত কমল নাথক সংখ্যাগৰিষ্ঠতা প্রমাণৰ দাবী বিজেপিৰ
নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ মধ্য প্রদেশত জ্যেষ্ঠ কংগ্রেছ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই পদত্যাগ কৰাৰ পাছতে ২২গৰাকী কংগ্রেছ বিধায়কে দল ত্যাগ কৰাৰ লগে লগে গভীৰ সংকটত পৰিছে ১৫ মহীয়া কমল নাথ নেতৃত্বাধীন ৰাজ্য চৰকাৰখন৷ এই বিধায়কসকলে পদত্যাগ কৰাৰ লগে লগে কমল নাথ নেতৃত্বাধীন চৰকাৰখন সংখ্যালঘুত পৰিণত হৈছে৷ আগন্তুক ১৬ মার্চত বিধানসভাৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্রমাণ কৰাৰ বাবে কমল নাথ নেতৃত্বাধীন ৰাজ্য চৰকাৰক প্রত্যাহ্বান জনাইছে বিজেপিয়ে৷ ৰাজ্যখনৰ ৰাজ্যপাল আৰু বিধানসভাৰ অধ্যক্ষক ইতিমধ্যে বিজেপিয়ে এই দাবী জনাইছে৷ ইফালে আজি দিল্লীৰ পৰা ভূপালত সিন্ধিয়া উপস্থিত হোৱাৰ সময়তে ৰাজধানী চহৰখনত সিন্ধিয়াৰ আলোকচিত্র সম্বলিত বহু পোষ্টাৰত ক’লা ৰং সানিছে বিক্ষুব্ধ কংগ্রেছ কর্মীয়ে৷