নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বকীয় দৃষ্টিভংগী আৰু সংকল্প : ভাৰত গঢ়া ৰাষ্ট্রনেতা অটলজীলৈ শ্রদ্ধাঞ্জলি

🔹 নৰেন্দ্র মোদী, প্রধানমন্ত্রী

আজি ২৫ ডিচেম্বৰ, আমাৰ সকলোৰে বাবে এটি অতিশয় বিশেষ দিন৷ আমাৰ ৰাষ্ট্রই শ্রদ্ধাৰ প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ ১০০সংখ্যক জয়ন্তী পালন কৰিছে৷ অগণন লোকক অনুপ্রাণিত কৰি অহা এগৰাকী ৰাষ্ট্রনেতা হিচাপে তেওঁৰ স্থান সর্বোচ্চ৷
ভাৰতৰ একবিংশ শতিকালৈ ৰূপান্তৰৰ যাত্রাৰ স্থপতি হিচাপে অটলজীৰ প্রতি আমাৰ ৰাষ্ট্র সদায় কৃতজ্ঞ হৈ থাকিব৷ ১৯৯৮ চনত তেওঁ প্রধানমন্ত্রী হিচাপে শপতগ্রহণ কৰাৰ সময়ত আমাৰ ৰাষ্ট্রখনত ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছিল৷ মাত্র ৯ বছৰতে ৪বাৰ লোকসভা নির্বাচন অনুষ্ঠিত হৈছিল৷ এনে পৰিস্থিতিত ভাৰতৰ জনসাধাৰণ অধৈর্য হৈ পৰিছিল আৰু লগতে চৰকাৰসমূহে কল্যাণ সাধন কৰিব নে নাই, সেই ক্ষেত্রতো সন্দেহ প্রকাশ কৰিছিল৷ অটলজীয়ে সুস্থিৰ আৰু ফলপ্রসূ শাসন ব্যৱস্থা প্রশস্তকৰণেৰে এই হতাশা দূৰ কৰিছিল৷ তেওঁ সাধাৰণ নাগৰিকৰ সংগ্রাম আৰু ফলপ্রসূ শাসনৰ ৰূপান্তৰশীল শক্তিক উপলব্ধি কৰিছিল৷
আমাৰ চৌপাশৰ একাধিক খণ্ডত অটলজীৰ নেতৃত্বৰ দীর্ঘম্যাদী প্রভাৱ দেখা যায়৷ তেওঁৰ সময়তে তথ্য–প্রযুক্তি, টেলিকম আৰু যোগাযোগৰ জগতখনে এক ব্যাপক অগ্রগতি লাভ কৰিছিল৷ তেজস্বী যুৱ শক্তিৰে ধন্য এনে এখন ৰাষ্ট্রৰ বাবে এয়া বিশেষভাৱে গুৰুত্বপূর্ণ আছিল৷ অটলজীৰ নেতৃত্বত এনডিএ চৰকাৰে পোনপ্রথমবাৰৰ বাবে প্রযুক্তিক সাধাৰণ নাগৰিকৰ বাবে সুলভ কৰি তোলাৰ মনোযোগী প্রচেষ্টা গ্রহণ কৰিছিল৷ একে সময়তে তেওঁ ভাৰতক সংযুক্তকৰণৰ ক্ষেত্রতো দূৰদর্শিতা প্রদর্শন কৰিছিল৷ আজিও বেছিভাগ লোকে ভাৰতৰ দৈর্ঘ্য আৰু প্রস্থক সংযোগ কৰা সোণালী চতুর্ভুজ প্রকল্পৰ কথা মনত পেলায়৷ প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ দৰে পদক্ষেপৰ জৰিয়তে স্থানীয় যোগাযোগ ব্যৱস্থাৰ বর্ধনৰ বাবে বাজপেয়ী চৰকাৰৰ প্রচেষ্টা সমানে উল্লেখযোগ্য আছিল৷ একেদৰে তেওঁৰ চৰকাৰে এটি বিশ্বমানৰ আন্তঃগাঁথনি প্রকল্প হিচাপে পৰিগণিত হোৱা দিল্লী মেট্ৰ’ৰ বাবে বিস্তৃতভাৱে কাম কৰি মেট্ৰ’ সংযোগক উদ্দীপনা যোগাইছিল৷ এইদৰে বাজপেয়ী চৰকাৰে কেৱল অর্থনৈতিক বিকাশক উদ্দীপনা যোগানেই নহয়, বৰঞ্চ প্রত্যন্ত অঞ্চলসমূহক ওচৰ চপাই আনি ঐক্য আৰু সংহতিৰো পোষকতা কৰিছিল৷
সামাজিক খণ্ডৰ উত্তৰণৰ ক্ষেত্রত সর্বশিক্ষা অভিযানৰ দৰে পদক্ষেপৰ জৰিয়তে অটলজীয়ে এনে এখন ভাৰত গঢ়ি তোলাৰ সপোন দেখিছিল, য’ত দৰিদ্র আৰু প্রান্তীয় শ্রেণীসমূহকে প্রমুখ্য কৰি সমগ্র ৰাষ্ট্রৰ ছাত্র–ছাত্রীৰ বাবে আধুনিক শিক্ষা সুলভ হয়৷ একে সময়তে তেওঁৰ চৰকাৰে একাধিক অর্থনৈতিক সংস্কাৰ সাধন কৰিছিল, যিয়ে ভাৰতৰ অর্থনৈতিক উত্থানৰ এখনি মঞ্চ প্রশস্ত কৰিছিল৷
১৯৯৮ চনৰ গ্রীষ্মকালত বাজপেয়ীজীৰ নেতৃত্বৰ এক বিশেষ উদাহৰণ দেখা গৈছিল৷ তেতিয়া তেওঁৰ চৰকাৰে কার্যভাৰ গ্রহণ কৰিছিল মাত্র আৰু ১১ মে’ত ভাৰতে অপাৰেচন শক্তি নামেৰে জনাজাত পোখৰান পৰীক্ষণ সম্পন্ন কৰিছিল৷ এই পৰীক্ষণে ভাৰতৰ বৈজ্ঞানিক সমাজৰ দক্ষতাৰ দৃষ্টান্ত দাঙি ধৰিছিল৷ ভাৰতৰ এই কার্যত বিশ্বখন স্তম্ভিত হৈ পৰিছিল আৰু বহু দেশে ক্ষোভ প্রকাশ কৰিছিল৷ কিন্তু ভাৰতে চৰকাৰৰ সৈতে দৃঢ়তাৰে থিয় দি দুদিন পিছতে অর্থাৎ ১৩ মে’ত আন এলানি পৰীক্ষণ সম্পন্ন কৰে! ১১ তাৰিখৰ পৰীক্ষণত বৈজ্ঞানিক দক্ষতাৰ সমান্তৰালকৈ ১৩ তাৰিখৰ পৰীক্ষাত প্রকৃত নেতৃত্ব দেখা গৈছিল৷ এনে কার্যই বিশ্ববাসীক এই বার্তা প্রদান কৰিছিল যে ভাৰতে ভাবুকি বা হেঁচাত অসহায় অনুভৱ কৰা দিনবোৰ উকলি গ’ল৷ আন্তঃৰাষ্ট্রীয় বাধাৰ সন্মুখীন হোৱা সত্ত্বেও বাজপেয়ীজীৰ তেতিয়াৰ এনডিএ চৰকাৰে দৃঢ়তাৰে থিয় দিছিল, ইয়াৰ জৰিয়তে ভাৰতৰ সার্বভৌমত্ব ৰক্ষাৰ অধিকাৰক স্পষ্ট কৰি দিছিল আৰু একে সময়তে প্রবলভাৱে বিশ্ব শান্তিক সমর্থন কৰিছিল৷
অটলজীয়ে ভাৰতীয় গণতন্ত্র আৰু ইয়াক অধিক সুদৃঢ়কৰণৰ প্রয়োজনীয়তাক হূদয়ংগম কৰিছিল৷ অটলজীয়ে ভাৰতীয় ৰাজনীতিত মিত্রজোঁটৰ পুনৰ সংজ্ঞা নিৰূপণ কৰি এনডিএ গঠনৰ পোষকতা কৰিছিল৷ তেওঁ জনতাক একত্রীকৰণেৰে এনডিএক উন্নয়ন, ৰাষ্ট্রীয় প্রগতি আৰু আঞ্চলিক আকাংক্ষাৰাজিৰ শক্তি হিচাপে গঢ়ি তুলিছিল৷ তেওঁৰ সংসদীয় প্রতিভাক তেওঁৰ সমগ্র ৰাজনৈতিক পৰিক্রমাতে দেখা গৈছিল৷ তেওঁ এমুঠিমান সাংসদ থকা দলৰ নেতা আছিল যদিও সেই সময়ত সর্বশক্তিমান কংগ্রেছ দলৰ শক্তিক প্রত্যাহ্বান জনাবলৈ তেওঁৰ কথাই যথেষ্ট আছিল৷ প্রধানমন্ত্রী হিচাপে তেওঁ বিৰোধীৰ সমালোচনাক দক্ষ শৈলী আৰু বিষয়বস্তুৰে প্রতিহত কৰিছিল৷ ৰাজনৈতিক পৰিক্রমাৰ অধিক সময় তেওঁ বিৰোধীৰ শাৰীত কটাইছিল যদিও কেতিয়াও কাৰো বিৰুদ্ধে তিক্ততাৰ ৰেশ নাছিল, অথচ কংগ্রেছে তেওঁক বিশ্বাসঘাতক বুলি কোৱাৰ ধৃষ্টতাও কৰিছিল!
তেওঁ সুবিধাবাদী উপায়েৰে ক্ষমতাক আঁকোৱালি লোৱা নেতা নাছিল৷ ১৯৯৬ত তেওঁ হর্ছ ট্ৰেডিং আৰু ঘৃণনীয় ৰাজনীতিৰ পথ পৰিহাৰেৰে পদত্যাগ কৰাটোহে সমীচীন বুলি ভাবিছিল৷ ১৯৯৯ত তেওঁৰ চৰকাৰ এটা ভোটত পৰাস্ত হৈছিল৷ বহু লোকে তেওঁক তেতিয়া চলি থকা অনৈতিক ৰাজনীতিক প্রত্যাহ্বান জনাবলৈ কৈছিল যদিও তেওঁ নিয়ম অনুসৰি আগবঢ়াৰহে সিদ্ধান্ত গ্রহণ কৰিছিল৷ অৱশেষত তেওঁ ৰাইজৰ পৰা পুনৰ অকুণ্ঠ সমর্থন লাভেৰে উভতি আহিল৷
আমাৰ সংবিধানক ৰক্ষা কৰাৰ অংগীকাৰৰ কথা আহিলেও অটলজীৰ কথা প্রথমে মনত পৰে৷ ড০ শ্যামা প্রসাদ মুখার্জীৰ শ্বহীদবৰণৰ ঘটনাই তেওঁক গভীৰভাৱে প্রভাৱিত কৰিছিল৷ তেওঁ জৰুৰীকালীন অৱস্থাবিৰোধী আন্দোলনৰ এক স্তম্ভ আছিল৷ জৰুৰীকালীন অৱস্থাৰ পাছত ১৯৭৭ৰ নির্বাচনৰ প্রাক্মুহূর্তত তেওঁ নিজৰ দল (জনসংঘ)ক জনতা পার্টীৰে একত্রিত কৰিবলৈ সন্মত হয়৷ মই নিশ্চিত যে এয়া তেওঁৰ আৰু আনসকলৰ বাবে এক যন্ত্রণাদায়ক সিদ্ধান্ত হ’লহেঁতেন, কিন্তু সংবিধানখনক ৰক্ষা কৰাটোৱেই তেওঁৰ বাবে গুৰুত্বপূর্ণ কথা আছিল৷
অটলজী ভাৰতীয় সংস্কৃতিৰে কিমান বদ্ধমূল আছিল, সেয়াও লক্ষণীয়৷ ভাৰতৰ বৈদেশিক পৰিক্রমা মন্ত্রী হৈ তেওঁ ৰাষ্ট্রসংঘত হিন্দীত ভাষণ প্রদান কৰা প্রথমজন ভাৰতীয় নেতা হিচাপে পৰিগণিত হৈছিল৷ এই কার্যই ভাৰতৰ ঐতিহ্য আৰু পৰিচয়ৰ প্রতি তেওঁৰ অপৰিসীম গৌৰৱৰ মনোভাবক প্রদর্শনেৰে বিশ্বৰ মঞ্চত এক স্মৰণীয় চিন ৰাখিলে৷
অটলজীৰ ব্যক্তিত্ব আছিল আকর্ষণীয় আৰু সাহিত্য তথা প্রকাশভংগীৰ প্রতি থকা প্রেমে তেওঁৰ জীৱনক সমৃদ্ধ কৰিছিল৷ এগৰাকী নিপুণ লেখক আৰু কবি হিচাপে তেওঁ অনুপ্রেৰণামূলক, চিন্তাৰ উন্মেষ ঘটোৱা আৰু সান্ত্বনা প্রদান কৰা শব্দৰ ব্যৱহাৰ কৰিছিল৷ তেওঁৰ আভ্যন্তৰীণ সংগ্রাম আৰু ৰাষ্ট্রখনক লৈ থকা আশাৰ প্রতিফলন ঘটোৱা তেওঁৰ কবিতা সকলো বয়সৰ লোকৰ মাজতে অনুৰণিত৷
ভাৰতীয় জনতা পার্টীৰ কার্যকর্তাৰ বাবে অটলজীৰ দৰে ব্যক্তিৰ পৰা শিকিবলৈ আৰু তেওঁৰ সৈতে মত বিনিময় কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা৷ বিজেপিলৈ তেওঁৰ অৱদান আছিল গুৰুত্বপূর্ণ৷ সেই সময়ত প্রভাৱশালী কংগ্রেছৰ বিকল্প হিচাপে নেতৃত্ব প্রদান কার্যই তেওঁৰ মহত্ত্ব দেখুৱাইছিল৷ সমান্তৰালভাৱে এল কে আদৱানিজী আৰু ড০ মুৰলী মনোহৰ যোশীজীৰ দৰে ব্যক্তিসকলে দলটোক ইয়াৰ প্রতিষ্ঠাৰ সময়ৰ পৰাই লালন–পালন কৰিছিল৷ প্রত্যাহ্বান, বিপর্যয় আৰু জয়ৰ বেলিকা পথ প্রদর্শন কৰিছিল৷ মতাদর্শ আৰু ক্ষমতাৰ মাজত বাছনিৰ কথা আহিলে অটলজীয়ে সদায় মতাদর্শক অগ্রাধিকাৰ প্রদান কৰিছিল৷ তেওঁ কংগ্রেছৰ এটা বিকল্প দৃষ্টিভংগী সম্ভৱ আৰু এনে দৃষ্টিভংগীয়ে সুশাসন প্রশস্ত কৰিব পাৰে বুলি ৰাষ্ট্রখনক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল৷
তেখেতৰ ১০০সংখ্যক জয়ন্তীত ভাৰতৰ প্রতি তেখেতৰ আদর্শৰাজিক বাস্তৱায়িতকৰণৰ লগতে তেখেতৰ দৃষ্টিভংগী পৰিপূৰণৰ বাবে নিজকে পুনৰ সমর্পিত কৰোঁ আহক৷ আহক, আমি তেওঁৰ সুশাসন, ঐক্য আৰু প্রগতিৰ নীতিক আঁকোৱালি লোৱা এখন ভাৰত গঢ়িবলৈ প্রয়াস কৰোঁ৷ আমাৰ ৰাষ্ট্রৰ সম্ভাৱনাৰ প্রতি অটলজীৰ দৃঢ়বিশ্বাসে আমাক উচ্চ লক্ষ্য আৰু কঠোৰ পৰিশ্রম কৰিবলৈ অনুপ্রাণিত কৰি আহিছে৷

You might also like