নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনাবাহিনীৰ সকলো নিযুক্তি প্রক্রিয়া এমাহলৈ স্থগিত

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ মহামাৰী ঘোষিত ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধিৰ বাবেই ভাৰতীয় সেনাবাহিনীয়ে তেওঁলোকৰ সকলো নিযুক্তি প্রক্রিয়া এমাহলৈ স্থগিত ৰখা হৈছে বুলি শুকুৰবাৰে ঘোষণা কৰিছে ৷ দেশত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা ৭৫লৈ বৃদ্ধি পোৱাৰ লগতে জনতাৰ মাজত অবর্ণনীয় শংকাময় পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সেনাবাহিনীয়ে নিযুক্তি প্রক্রিয়া বন্ধ ৰখাৰ লগতে জোৱানৰ ভ্রমণ সংৰক্ষিত কৰা হৈছে ৷ উল্লেখ্য যে সেনাবাহিনীয়ে মানেচৰত সন্দেহজনক ক’ৰোনা ভাইৰাছত আক্রান্ত লোকক ৰখাৰ বাবে ৩০০ বিছনাযুক্ত চিকিৎসা কক্ষ স্থাপন কৰিছে ৷ তেনেদৰে যোধপুৰ, জয়চালমাৰ আৰু ঝান্সীত ১,০০০ বিছনাযুক্ত চিকিৎসালয় স্থাপন কৰা হৈছে ৷ তদুপৰি পশ্চিমবংগৰ বিন্নাগুৰি আৰু বিহাৰৰ গয়াতো সেনাবাহিনীয়ে ৩০০ বিছনাযুক্ত বিশেষ চিকিৎসালয় স্থাপন কৰিছে ৷

You might also like