অৱসৰৰ বাবে অনুশোচনা ৰবিচন্দ্ৰনৰ? ভৱিষ্যতৰ পৰিকল্পনা কি?
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জানুৱাৰীঃ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ৰ তৃতীয়খন টেষ্ট মেচ ব্রিজবেনৰ গাব্বা ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হৈছিল। সেই টেষ্ট মেচখন আছিল ড্ৰ’। টেষ্ট মেচখন ড্ৰ’ হোৱাৰ পাছত ভাৰতৰ অভিজ্ঞ স্পিনাৰ অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। এই হঠাৎ অৱসৰৰ ঘোষণাই ভাৰতীয় ক্ৰিকেট অনুৰাগীক স্তম্ভিত কৰি তুলিলে। এতিয়া অৱসৰৰ এমাহৰ পাছত অশ্বিনে অৱসৰ লোৱাৰ সিদ্ধান্তৰ বিষয়ে মুকলিকৈ কৈছে। ইয়াৰ উপৰি তেওঁ ক্ৰিকেটৰ ভৱিষ্যতৰ পৰিকল্পনাও শ্বেয়াৰ কৰিছে। নিজৰ ইউটিউব চেনেলত ভাষণ দি ৰবিচন্দ্ৰন অশ্বিনে অৱসৰৰ সৈতে জড়িত বহু কথা কয়। অশ্বিনে লগতে স্পষ্টকৈ কয় যে তেওঁ ক্ৰিকেট খেলি থাকিব বিচাৰে, কিন্তু ভাৰতীয় দলৰ অংশ হ’ব নিবিচাৰে। তেওঁ আই পি এল আৰু ঘৰুৱা ক্ৰিকেটত খেলি থাকিব বুলি কয়। অশ্বিনে লগতে কয় যে তেওঁ সঠিক সময়ত অৱসৰ লৈছিল। তেওঁ কয়, “মই এতিয়াও ক্ৰিকেট খেলিব বিচাৰো, কিন্তু ভাৰতীয় দলৰ বাবে নহয়। ৰবিচন্দ্ৰন অশ্বিনে নিজৰ ইউটিউব চেনেলত কয় যে তেওঁ অনুভৱ কৰিছে যে তেওঁ নিজৰ “সৃষ্টিশীলতা” হেৰুৱাই পেলাইছে। তেওঁ কয় যে শৃংখলাৰ প্ৰথম আৰু তৃতীয় টেষ্টত খেলাৰ সুযোগ নাপালে, আনহাতে তেওঁ কেৱল দ্বিতীয় টেষ্টতহে খেলিছিল। চতুৰ্থ টেষ্টতো খেলাৰ সম্ভাৱনা নাছিল। এনে পৰিস্থিতিত তেওঁ অনুভৱ কৰিছিল যে তেওঁ আৰু নিজৰ সৃষ্টিশীলতাক নিখুঁত কৰিব নোৱাৰে, সেয়েহে তেওঁ অৱসৰ লোৱাৰ সিদ্ধান্ত ল’লে। ৰবিচন্দ্ৰন অশ্বিনে আই পি এলৰ ১২১খন মেচত ২৯.৮২ গড়ে ১৮০ টা উইকেট দখল কৰাৰ লগতে ১১৮.৫১ ষ্ট্ৰাইক ৰেটত ৮০০ ৰান সংগ্ৰহ কৰিছে। যাৰ ভিতৰত এটা অৰ্ধশতিকাও অন্তৰ্ভুক্ত। ৰাজস্থান ৰয়েলছৰ হৈ ৪৪খন মেচত সৰ্বাধিক ৩৪৪ ৰান সংগ্ৰহ কৰা অশ্বিনে চেন্নাই ছুপাৰ কিংছৰ হৈ ৯৭খন মেচত সৰ্বাধিক ৯০টা উইকেট দখল কৰিছে। আই পি এল ২০২৫ৰ বাবে চেন্নাই ছুপাৰ কিংছে ৯.৭৫ কোটি টকাৰ বিনিময়ত ৰবিচন্দ্ৰন অশ্বিনক নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে।