নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিখৰ ধাৱনক ডাঙৰ সকাহ দিল্লী উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ শিখৰ ধাৱনক ডাঙৰ সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। ডিবি ডিক্সন বেটাৰী নামৰ এটা কোম্পানীয়ে শিখৰ ধাৱনৰ ব্ৰেণ্ড মূল্য ব্যৱহাৰ কৰি সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে বেটাৰী কোম্পানীটোৰ বিজ্ঞাপন আৰু সামগ্ৰীত শিখৰ ধাৱনৰ ছবি ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। আচলতে শিখৰ ধাৱানে দিল্লী উচ্চ ন্যায়ালয়ত ডি বি ডিক্সন বেটাৰী কোম্পানীৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল। আবেদনখনত দাবী কৰা হৈছে যে ধৱন আৰু বেটাৰী কোম্পানীটোৰ মাজত হোৱা চুক্তি শেষ হোৱাৰ পিছতো কোম্পানীটোৱে তেওঁৰ ব্ৰেণ্ড মূল্য আৰু ছবি ব্যৱহাৰ কৰি নিজৰ সামগ্ৰীৰ বিজ্ঞাপন দি আছে। এই গোটেই বিষয়টো এণ্ডাৰছমেণ্ট এগ্ৰিমেণ্টৰ সৈতে জড়িত। যাৰ অধীনত বেটাৰী কোম্পানীটোক শিখৰ ধাৱনৰ ফটোখন নিজৰ বিজ্ঞাপন আৰু প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল যদিও ৩ মাহৰ পিছত এই চুক্তিক লৈ বিতৰ্কৰ সৃষ্টি হয়। আদালতত শিখৰ ধাৱানক প্ৰতিনিধিত্ব কৰা অধিবক্তা ৰিজৱানে কয় যে এই এণ্ডাৰছমেণ্ট চুক্তিত উদ্ভৱ হোৱা বিবাদ সালিসীৰ জৰিয়তে সমাধান নোহোৱালৈকে বেটাৰী কোম্পানীয়ে নিজৰ সামগ্ৰী, ছ’চিয়েল মিডিয়া আৰু ৱেবছাইটৰ পৰা ধৱনৰ ছবি আঁতৰাই পেলাব লাগে। ইয়াৰ উপৰি ধাৱনৰ অধিবক্তাই এই গোচৰত মধ্যস্থতাকাৰী নিযুক্তিৰ দাবীও জনাইছে। শিখৰ ধাৱানৰ হৈ হাজিৰ হোৱা অধিবক্তাগৰাকীয়ে কয় যে বেটাৰী কোম্পানী আৰু শিখৰ ধাৱনৰ মাজত হোৱা চুক্তি ২০২৪ চনৰ ২৮ নৱেম্বৰত নিজেই সমাপ্ত হৈছিল। এই চুক্তিৰ অধীনত তেওঁ এতিয়াও লাভ কৰা নাই ৩০ লাখ ২৪ হাজাৰ টকা। ধাৱনক অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰাৰ সময়তে ন্যায়াধীশ সুব্ৰমণিয়াম প্ৰসাদৰ নেতৃত্বত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই গোচৰৰ পৰৱৰ্তী শুনানিলৈকে ধৱনৰ ফটো নিজৰ সামগ্ৰী বা প্ৰচাৰৰ বাবে ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও আদালতে ধাৱনৰ আবেদন সন্দৰ্ভত ডি বি ডিক্সন বেটাৰী কোম্পানীৰ পৰা উত্তৰ বিচাৰিছিল। এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ১৮ ফেব্ৰুৱাৰী ২০২৫ত।

You might also like