নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনু ভাকেৰসহ ৪গৰাকী খেলুৱৈক খেলৰত্ন বঁটা প্রদান

🔹 ৰাষ্ট্রপতি ভৱনত দ্রৌপদী মুর্মুৰ পৰা গ্রহণ কৰিলে সন্মানীয় বঁটা

নিউজ ডেস্ক, ১৮ জানুৱাৰী : পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰা ভাৰতৰ তাৰকা মহিলা শ্বুটাৰ মনু ভাকেৰ, বিশ্ব দবা চেম্পিয়ন ডি গুকেশ, ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু পেৰা এথলীট প্রবীণ কুমাৰক সন্মানীয় মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা প্রদান কৰা হয়৷ ৰাষ্ট্রপতি ভৱনত ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে খেলুৱৈসকলক এই সন্মানীয় বঁটা প্রদান কৰে৷ উল্লেখ্য যে ২ জানুৱাৰীত যুৱ পৰিক্রমা আৰু ক্রীডা মন্ত্রালয়ে এক বিবৃতিযোগে ৰাষ্ট্রীয় ক্রীড়া বঁটা ২০২৪ লাভ কৰা খেলুৱৈসকলৰ নাম ঘোষণা কৰিছিল৷ ৰাষ্ট্রপতি ভৱনত ৰাষ্ট্রীয় ক্রীড়া বঁটা ২০২৫ প্রদানৰ কার্যসূচী অনুষ্ঠিত হয়, য’ত ভাৰতৰ ৰাষ্ট্রপতিয়ে খেলৰত্ন, অর্জুন বঁটা আৰু দ্রোণাচার্য বঁটাপ্রাপকসকলক বঁটা প্রদান কৰে৷ উল্লেখ্য যে পেৰিছ অলিম্পিকৰ মহিলাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত তৃতীয় স্থান লাভ কৰাৰ পিছতে মনু ভাকেৰে অলিম্পিকত ভাৰতৰ পদকৰ তালিকা মুকলি কৰে৷ যাৰ ফলত ভাৰতৰ হৈ অলিম্পিক পদক জয় কৰা তেওঁ প্রথমগৰাকী মহিলা শ্বুটাৰ হৈ পৰে৷ তাৰ পিছত সৰৱজ্যোত সিং আৰু মনু ভাকেৰে ১০ মিটাৰ এয়াৰ পিষ্টল (মিক্সড টীম) ইভেণ্টত ব্রঞ্জৰ পদক লাভ কৰিছিল৷ ইফালে, গুকেশৰ সফলতা ২০২৪ চনত ভাৰতীয় ক্রীড়াৰ বাবে অন্যতম গুৰুত্বপূর্ণ আছিল৷ গুকেশে ছিংগাপুৰত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ নির্ণায়ক মেচত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি ইতিহাস ৰচনা কৰে৷ ইয়াৰ লগে লগে ১৮ বছৰ বয়সত বিশ্ব চেম্পিয়ন হোৱা সর্বকনিষ্ঠ খেলুৱৈ হিচাপে তেওঁ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয়৷ বিশ্বনাথন আনন্দৰ পিছত তেওঁ ভাৰতৰ দ্বিতীয় বিশ্ব দবা চেম্পিয়ন হৈ পৰে৷ পেৰা এথলীট প্রবীণ কুমাৰে পেৰালিম্পিক ২০২৪ত পুৰুষৰ হাই জাম্প টি ৬৪ত স্বর্ণপদক লাভ কৰিবলৈ সক্ষম হয়৷ টকিঅ’ অলিম্পিকত ভাৰতীয় হকী দলে ব্রঞ্জৰ পদক লাভ কৰে৷ দলটোৰ অন্যতম সদস্য আছিল হৰমনপ্রীত সিং৷ হৰমনপ্রীত সিং এফআইএইচ প্লেয়াৰ অৱ দ্য ইয়েৰৰ বাবেও মনোনীত হৈছে৷ সিঙৰ নেতৃত্বত ভাৰতীয় দলে পেৰিছ অলিম্পিকতো ব্রঞ্জৰ পদক লাভ কৰিছিল৷ ইফালে, ভাৰতীয় পুৰুষ হকী খেলুৱৈ হৰমনপ্রীত সিং, সঞ্জয়, অভিষেক, সুখজিৎ সিং আৰু মহিলা হকী দলৰ অধিনায়ক চেলিমা টেটেক উৎকৃষ্ট প্রদর্শনৰ বাবে অর্জুন বঁটা প্রদান কৰা হয়৷ ভাৰতীয় দবা গ্রেণ্ডমাষ্টাৰ বন্তিকা আগৰৱাল আৰু এথলীট জ্যোতি য়াৰাজীকো অর্জুন বঁটা প্রদান কৰা হয়৷ পেৰা এথলীট প্রীতি পাল, জীৱনজী দীপ্তি, অজিত সিং, শচীন চৰজেৰাও খিলাৰী, ধৰমবীৰ, প্রণৱ চুৰমা, হোকাটো চীমা, চিমৰণ আৰু নৱদীপকো অর্জুন বঁটা প্রদান কৰা হয়৷ আনহাতে, পেৰিছ অলিম্পিকত পদকজয়ী স্বপ্ণিল সুৰেশ কুছালে আৰু সৰৱজোৎ সিং আৰু পেৰা–অলিম্পিক শ্বুটাৰ মনা আগৰৱালা আৰু ৰুবিনা ফ্রান্সিছকো অর্জুন বঁটাৰে পুৰস্কৃত কৰা হয়৷ সুভাষ ৰাণা (পেৰা শ্বুটিং), দীপালী দেশপাণ্ডে (শ্বুটিং), সন্দীপ ছাংৱাং (হকী) আৰু আর্মাণ্ডো এঞ্জেলো কোলাকো (ফুটবল)ক দ্রোণাচার্য বঁটা প্রদান কৰা হয়৷

You might also like