নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত উগ্রপন্থীৰ বিশাল অস্ত্রভাণ্ডাৰ জব্দ, সেনা-আৰক্ষীৰ তালাচী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ বিগত কিছুদিন ধৰি মণিপুৰৰ বিভিন্ন জিলাত তালাচী অভিযান চলাই আছে সেনা, আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যৌথ বাহিনীয়ে৷ পাহাৰ আৰু উপত্যকাৰ ৮খনতকৈ অধিক জিলাত তালাচী অভিযান চলোৱাৰ সময়তে বিপুল পৰিমাণৰ অস্ত্র আৰু বিস্ফোৰক উদ্ধাৰ কৰিছে যৌথ বাহিনীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, শেহতীয়াকৈ থৌবল, টেংনৌপল, বিষ্ণুপুৰ, চূড়াচাঁদপুৰ, পশ্চিম ইম্ফল, ননি, জিৰিবাম আৰু কাকছিনত এই তালাচী চলোৱাৰ সময়ত বৃহৎ পৰিমাণৰ অস্ত্র জব্দ হৈছে৷ বিষ্ণুপুৰ জিলাৰ চিৰুগাঁৱৰ পৰা অত্যাধুনিক স্নাইপাৰ ৰাইফল, নাইন এমএম পিষ্টল, এনলীয়া বন্দুক, গ্রেনেড আৰু প্রচুৰ পৰিমাণে বিস্ফোৰক উদ্ধাৰ কৰা হৈছে৷ বাংকাৰ বনাই লুকুৱাই ৰখা হৈছিল এই অস্ত্র আৰু বিস্ফোৰক৷ কোনো যুদ্ধৰ প্রস্তুতিৰ বাবে অস্ত্র আৰু বিস্ফোৰক সাজু কৰাৰ দৰে উগ্রপন্থীয়ে এইবোৰ বাংকাৰত সাজু কৰি ৰাখিছিল৷ ইফালে, বিষ্ণুপুৰ আৰু চূড়াচাঁদপুৰৰ সীমান্তৱর্তী অঞ্চলসমূহৰ পৰাও মেচিনগান, ৰাইফল, পিষ্টল, মর্টাৰ, গ্রেনেড, লঞ্চাৰ উদ্ধাৰ কৰা হৈছে৷ ভাৰত–ম্যানমাৰ সীমান্তৱর্তী অঞ্চলৰ পৰাও বৃহৎ পৰিমাণৰ অস্ত্র উদ্ধাৰ কৰিছে যৌথ বাহিনীয়ে৷ ইফালে, থৌবল আৰু জিৰিবাম জিলাৰ পৰাও উগ্রপন্থীয়ে মজুত কৰা অস্ত্রভাণ্ডাৰ জব্দ কৰিছে বাহিনীয়ে৷ স্মর্তব্য যে দীর্ঘদিন ধৰি গোষ্ঠীসংঘর্ষৰ জুইত আক্রান্ত মণিপুৰৰ পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই৷

You might also like