নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : নৈসর্গিক সৌন্দর্যৰ আকৰ অপৰূপা মানাহ

ড০ সঞ্জীৱ বৰুৱা

অসমৰ ভূটান-হিমালয়ৰ পাদদেশত অৱস্থিত বিশ্বৰ এখন অন্যতম প্ৰাকৃতিক শোভাৰে প্ৰয়োভৰ লগতে বন্যপ্ৰাণীৰ বাবে এখন আদৰ্শআৱাসভূমিমানাহ। উত্তৰ-পূব ভৌগোলিক খণ্ডৰ অন্তৰ্গত মানাহ জীৱবৈচিত্ৰ্যৰ হটস্পট হোৱাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও এক সুকীয়া পৰিচয় আছে। ভাৰত উপমহাদেশৰ সংৰক্ষিত অঞ্চল সমূহৰ ভিতৰত মানাহ ব্যতিক্ৰম কাৰণ ইয়াত বৃহৎ সংখ্যক বিপন্ন প্ৰজাতিৰ প্ৰাণীকূল তথা উদ্ভিদ বৰ্তি আছে।মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৩৫৭ প্ৰজাতিৰ চৰাই, ৪৫ প্ৰজাতিৰ স্তন্যপায়ী, ২০৯ প্ৰজাতিৰ মাছ আৰু ৪০ প্ৰজাতিৰ সৰীসৃপ দেখা যায়। বৰ্তমানে মানস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ ভিৰ পূৰ্বৰ তুলনাত অধিক গতিকে ৰাজহ সংগ্ৰহো ভাল। ইয়াত পৰ্যটকে মানাহৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে জিপ ছাফাৰি, হাতী ছাফাৰি, ৰিভাৰ ৰাফটিং আদিৰ দৰে সুন্দৰ সুবিধা বিদ্যমান।

প্ৰকৃতিৰ ৰম্যভূমি মানাহ মোৰ বাবে কেৱলমাত্ৰ এখন ৰাষ্ট্ৰীয় উদ্যান নহয়। এই মানাহ মোৰ বাবে এখন সপোনপুৰীতকৈ কোনো গুণেই কম নহয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ জন্তুৰ লগতে, এজন উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ হিচাপে ইয়াৰ বিবিধ গছ-বনৰ প্ৰজাতি বোৰ মোৰ বাবে পৰিচিত আৰু অতিকৈ আপোন। মানাহলৈ মই কেইবাৰো অহাৰ সুযোগ পাইছোঁ। প্ৰত্যেক বাৰেই মই কিবা নহয় কিবা শিকিছোঁ, মানাহৰ লগত আত্মিক সম্পৰ্ক গঢ়ি তুলিবলৈ পাৰ্য্যমানে চেষ্টা কৰিছোঁ। এই বহু কেইটা ভ্ৰমণৰ ভিতৰত শেহতীয়াকৈপৰিয়ালৰ সৈতে কৰা ভ্ৰমণটোৰ কথাহে মই ইয়াত উপস্থাপন কৰিম। পৰিয়াল মানে মোৰ পৰিবাৰ মধুমিতা, পাচ বছৰীয়া ল’ৰা নীল, শাহুআই লগতে খুলখালী প্ৰাঞ্জল।

সকলোৰে একান্ত হাবিয়াস হ’ল মানস ৰাষ্ট্ৰীয় উদ্যান খনক ওচৰৰ পৰা চোৱাৰ। গতিকে এটা সঠিক পৰিকল্পনা কৰাৰ প্ৰয়োজন হ’ল। আনহাতে মানাহৰমাউজিগেন্ডি ইকʼটুৰিজম ছʼছাইটি (Manas Maozigendri Ecotourism Society) নামৰ বিখ্যাত বেচৰকাৰী সংস্থাটোৰ প্ৰতিষ্ঠাপক সভাপতি মহেন্দ্ৰ বসুমতাৰী ডাঙৰীয়াওমানাহলৈ মোক আমন্ত্ৰণ কৰি আহিছিল। গতিকে সুযোগ বুজি তেখেতক মই পৰিয়ালৰ সৈতে মানাহলৈযোৱাৰ কথাটো জনালোঁ।তেখেতে বৰ ভাল পালে লগতে খোৱা বোৱাৰ সু-ব্যৱস্থা আৰু জিপ ছাফাৰিৰ ব্যৱস্থা কৰি দিয়াৰ কথা জনালে।পৰিকল্পনা অনুসৰি পাঠশালাৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ নিলগত থকা মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জলৈ বুলি ৰাওনা হ’লো।প্ৰায় এক ঘন্টা মান যাত্ৰা কৰাৰ পাছত যথাস্থানত উপস্থিত হʼলোগৈ।মানস ৰাষ্ট্ৰীয় উদ্যানৰ সুন্দৰ প্ৰাকৃতিক শোভাৰ মাজত অৱস্থিত ভূঞাপাৰা ৰেঞ্জত ৰাতি থাকিব পৰাকৈ সুবিধা উপলব্ধ আছে। এই ৰেঞ্জত অতিথিসকলৰ বাবে নৈশ যাপনৰ সকলো ব্যৱস্থা যেনে বন বিভাগৰ অতিথিশালা, বন শিবিৰ, আৰু স্থানীয় লোকৰ দ্বাৰা পৰিচালিত হোমষ্টেআদি।ইয়াতেই ওপৰত উল্লেখিত মাউজিগেন্ডিৰ মূল কাৰ্যালয়ো অৱস্থিত।

মহেন্দ্ৰ বসুমতাৰী ডাঙৰীয়াই এই সকলোবোৰ এফালৰপৰা বুজাই দিলে।ৰেঞ্জতে আমাৰ বাবে প্ৰয়োজনীয় ৰঙা চাহৰ ব্যৱস্থা কৰি দিছিল।আমি লগত লৈ যোৱা নাৰিকলৰ লাড়ুৰে চাহ কাপ খালো।বসুমতাৰী ডাঙৰীয়াকো একপেকেত লাড়ু ঘৰলৈ বুলি দি পথালো। চাহৰ মেলতে বিভিন্ন কথাৰ মাজতে বেংগল ফ্লৰিকান নামৰ সংকটাপন্ন চৰাই বিধৰ কথা উলাল।মানসত পোৱা বেংগল ফ্লৰিকান নামৰ চৰাই বিধক অসমীয়াত উলূম’ৰাবুলিও জনা যায়।উলূম’ৰা (ইংৰাজী: Bengal Florican, বৈজ্ঞানিক নাম-Houbaropsis bengalensis) এবিধ বিৰল প্ৰজাতিৰ চৰাই। ইয়াক বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ কিছুমান ঠাইত দেখিবলৈ পোৱা যায়। উপলব্ধ তথ্য অনুসৰি এইপ্ৰজাতিটোৰ সংখ্যা বৰ্তমান এহাজাৰৰো কম বুলি ধাৰণা কৰা হৈছে।যিহেতু চৰাইবিধৰ বাসস্থান এই ৰেঞ্জৰ ওচৰৰে কোকলাবাৰী নামৰ ঠাইখনৰ ওচৰতে তেওঁ সেই ঠাইখিনি দেখুৱাবলৈ আমাক লৈগ’ল। গোটেই ৰাস্তাটো ধূলিময় হৈ আছিল।আমি লাহে লাহে গাড়ীৰে আগবাঢ়িব লগা হ’ল চৰাই বিধৰ আদৰ্শ বাসভূমি চাবলৈ বুলি। বসুমতাৰী ডাঙৰীয়াই আমাক আঁতৰৰ পৰাই চৰাই বিধৰ বাসভূমি এখন ধান খেতি আৰু ঘাঁহনিলৈ আঙুলিয়াই দেখুৱালে।এইখিনিতেপাঠকসকলকজনাববিচাৰোঁ যে উলুʼমৰা বিশেষকৈ ঘাঁহনি অঞ্চলত বাস কৰে আৰু বিশ্বব্যাপী সংকটাপন্ন (Critically Endangered) প্ৰজাতি হিচাপে IUCN ৰ তালিকাত অন্তৰ্ভুক্ত।

এই উলূʼমৰাৰ বিশেষত্ব হৈছে ইয়াৰ মতা আৰু মাইকীৰ ৰং আৰু আকাৰৰ ভিন্নতা। মতা পক্ষীৰ শৰীৰ ক’লা আৰু বগা ৰঙৰ মিশ্ৰণ, আৰু প্ৰজনন কালত ই বিশেষ নৃত্য প্ৰদৰ্শন কৰে। আনহাতে মাইকী পক্ষীৰ শৰীৰ মাটিৰ বৰণৰ হোৱা বাবে জোপোহাৰ মাজত অতি সহজেই লুকাই থাকিব পাৰে। পৰিতাপৰ কথা এইয়ে যে বৰ্তমানে এই অঞ্চলৰজনবসতিৰ বিস্তাৰ আৰু ইহঁতৰ ঘাঁহনিৰ সংকুচিত হোৱাৰ বাবে এই চৰাই বিধলৈ ভাবুকি আহিছে। মহেন্দ্ৰ বসুমতাৰী দৰে লোকসকলে এইসংকটাপন্ন চৰাইবিধৰ আদৰ্শ বাসভূমি ৰক্ষাৰ স্বাৰ্থত বহুতো কাম কৰি আহিছে। বন বিভাগ আৰু আন সংগঠন সমূহেও স্থানীয় লোকক সচেতন কৰি ঘাঁহনি সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।তেতিয়াৰ সময় দুপৰীয়া প্ৰায় ১২ বাজি গ’লেই।অৱশ্যে হাতত সময় আছিল কিয়নো পূব নিৰ্ধাৰিত সূচী অনুসৰি বিয়লি ২.০০ বজাৰ পৰাহে আমাৰ জিপ ছাফাৰিৰ ব্যৱস্থা কৰা আছে।জিপ ছাফাৰিৰ বাবে অনলাইন পঞ্জীয়ন কৰাৰ কামবোৰ কৰাৰ পাছত অলপ সময়ৰ বাবে নিচেই সমীপতে থকা ভাৰত-ভূটান সীমান্তৰ মূল তোৰন খনৰ ওচৰলৈ বুলি যাবলৈ ইচ্ছা কৰিলোঁ।প্ৰায় ১৫ মিনিটৰ ভিতৰতে ভূটান সীমান্ত পালোগৈ। সীমান্তৰ এই বৃহৎ তোৰণখন ভূটানৰ নাংলাম নামৰ এখন সীমান্তৱৰ্তী চহৰ আৰু অসম ৰাজ্যৰ মাজত অৱস্থিত।এই চহৰখন ভুটান আৰু ভাৰতৰ মাজত বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।নাংলামৰ সীমান্ত গেটৰ জৰিয়তে ভুটান আৰু ভাৰতৰ মাজত লোকসকলৰ যাতায়াত আৰু বাণিজ্যিক কাৰ্যকলাপ চলি থাকে। ভুটানত প্ৰৱেশ কৰিবলৈ ভাৰতীয় পৰ্যটকসকলে আগতীয়াকৈ পঞ্জীয়ন কৰিব লগা হয়। ইয়াৰ বাবে বৈধ ভোটাৰ কাৰ্ড বা পাছপ’ৰ্টৰ প্ৰয়োজনহয়। ইয়াতে কিছু সময় কটোৱাৰ পাছত পুণৰ ভূয়াপাৰা ৰেঞ্জলৈ বুলি ঘূৰি আহিলো।

ইতিমধ্যে আমাৰ বাবে খাদ্যৰ যোগাৰ কৰি ৰাখিছিল।দূপৰীয়া আহাৰ খাই উঠি সাজু হৈ থকা জিপত জংঘল ছাফাৰিৰ বাবে উঠি পৰিলোঁ।জিপ খনত উঠাৰ পিছতে আমাৰ সকলোৰে মন আনন্দত আত্মহাৰা হৈ উঠিল।মানাহৰ ভূয়াপাৰা ৰেঞ্জত বাঘ দেখাৰ সৌভাগ্য ইতিমধ্যে বহুলোকৰে হৈছে।গতিকে সন্তপৰ্নে আমাৰ জিপ খন আগবাঢ়িল। ক’ৰবাত বাঘ দেখাৰ সৌভাগ্য হয় বুলি আমি আমাৰ ষষ্ঠ ইন্দ্ৰিয়ক জাগ্ৰত কৰি ৰাখিলোঁ।আজি কিছু দিনৰ আগতে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানলৈ যাওঁতে তাত বহু সময় বোন্দাপৰ দি থাকোঁতেও বাঘ দেখাৰ সৌভাগ্য হোৱা নাছিল।এইবাৰো একে দশা হ’ব নেকি বাৰু? এইবোৰ ভাৱৰ বুৰবুৰনিৰ মাজত থাকোঁতেই হঠাৎ জিপ খন আহি সন্তপৰ্নে থমকি ৰল।ভাব আহিল হয়তো বাঘৰ উলাইছে।জিপ চালক জনে বাঘৰ একেবাৰে সতেজ পদ চিহ্ন আঙুলিয়াই দেখুৱালে।এইটো এটা পুনঃবয়স্ক মতা বাঘৰে খোজ হয়।অলৰ ৰৈ চাৰিওফালে চকু ফুৰালোঁ।আমাৰ লগত যোৱা আদহীয়া বনৰক্ষক জনেই এই ঠাইতে আগতে বহুতো বাৰ বাঘৰ দৰ্শন হোৱা বুলি জানিব দিলে।ৰৈ থাকিটো লাভ নাই গতিকে পুনৰ আমাৰ জিপ ছাফাৰি আৰম্ভ হ’ল।আঁতৰত দলবদ্ধ বাবে বিচৰণ কৰি থকা হৰিণাৰ জাকটো দেখিবলৈ পালোঁ।এনেদৰে আগবাঢ়ি গৈ আছোঁ যেন এখনি সপোনপুৰীৰ মাজেৰে। মানাহৰ আবেলিৰ ৰক্তাভ আভা ইতিমধ্যে চাৰিওফালে বিয়পি পৰিছে।মানাহৰ আবেলিৰ এনেবিতোপন শোভা যি কেতিয়াও দেখা নাই, তেওঁলোকৰ বাবে এই নান্দনিক দৃশ্য কল্পনা কৰাৰ বাহিৰে আৰুঅন্য উপায় নাই।মানাহৰ এই বিশাল বিস্তৃন ঘাঁহনি যাৰ যেন কোনো শেষ নাই।এই সুবিশাল বৃহৎ ঘাঁহনিয়ে হ’ল মানাহৰ পৰিচয় আৰু আয়ুসৰেখা যিয়ে অলেখ বিপদাপন্ন প্ৰজাতিৰ বাবে খাদ্যতথা নিৰ্ভয়যোগ্য আশ্ৰয়স্থল হিচাপে চিহ্নিত হৈ আহিছে।

এনেদৰে অৰণ্যৰ মনোৰম পৰিৱেশৰ মাজেৰে আত্মবিভোৰ হৈ গৈ থাকোঁতে আকৌ জিপ খন ৰ’ল। আমাৰ পৰা ঠিক এশ মিটাৰ মানৰ আঁতৰত ৰাস্তাৰ মধ্যভাগতে এটা প্ৰকাণ্ড দঁতাল হাতী গোঁজ পুতি ৰৈ আছিল।ইফালে বেলিয়ে লহিয়াবলৈ আৰম্ভ কৰিছে।কিন্তু হাতীটোৰহে আঁতৰি যোৱাৰ কোনো লক্ষণ নাই।এবাৰ আমাক আচৰিত কৰি এটা চিঞঁৰ মাৰি খেদি আহিল।আমি হ’লে বৰ ভয় খাই উঠিছিলো।লগে লগে আমাৰ দক্ষ চালক জনে তীব্ৰ গতিত গাড়ীখন পিছুৱাই আনিলে। হাতীটোয়ে পুনৰ এটা চিঞঁৰ মাৰি ইকৰাণিৰ মাজলৈ নামি গ’ল।লগতে আমিও স্বস্তিৰ নিশ্বাস এৰিলোঁ।ইফালে সন্ধিয়াৰ বেলি দ্ৰুত গতিত পৰি আহিল।আঁতৰত এটা প্ৰকাণ্ড দীঘল শিঙৰ গোনা মʼহ দেখা পালোঁ।তাৰ সুতীব্ৰ চাৱনি দেখি ভয় লাগিল।জনা লোকে ভালদৰে জানে যে অৰণ্যত অকলশৰীয়া মʼহতকৈআৰু বিপদ একো নাই।অৰণ্যৰ এই সাঁজলগা সময়খিনি বৰ বিপদজনক।এই সময়ত কোনো বন্যপ্ৰাণীয়ে মানুহৰ সংগ ভাল নাপায়।এই সময় একান্ত ভাৱে তেওঁলোকৰসময়। দিনৰ দিনটো বিভিন্ন পৰ্যটকৰ আগমনত বন্যপ্ৰাণী সমূহ ইতিমধ্যে বিৰক্ত আৰু ক্লান্ত।এনেদৰে অপৰূপা মানাহৰ সুধা পান কৰি পুনৰ ভূঞাপাৰা ৰেঞ্জলৈ বুলি ঘূৰি আহিলোঁ। আমাৰ সকলোকে একাপ চাহৰ বৰ প্ৰয়োজন হৈছিল।গতিকে বাহিৰতে চাহৰ লগতে গৰম পকৰা খালোঁ। হয় অৰণ্যৰ নিভাঁজ ভাল লগা অভিজ্ঞতাৰ দৰে এই চাহ কাপৰ সোৱাদো কোনো গুণেই কম নহয়। সকলোকে ধন্যবাদ জনাই পুণৰাই অহাৰ প্ৰতিশ্ৰুতিৰে পাঠশালালৈ বুলি ৰাওনা হ’লো।

ফোন : ৮৬৩৮৭৫৫৪৯১

You might also like