নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জ্যেষ্ঠ নাগৰিকক ডাঙৰ উপহাৰ দিছে বাজেটত। ২০২৫-২৬ চনৰ বাজেটত জ্যেষ্ঠ নাগৰিকৰ সুতৰ টিডিএছ সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে। জ্যেষ্ঠ নাগৰিকৰ বাবে টিডিএছৰ সীমা বৰ্তমানৰ ৫০ হাজাৰ টকাৰ পৰা ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। জ্যেষ্ঠ নাগৰিকৰ বাবে বৃদ্ধি কৰা হৈছে টিডিএছ কৰ্তনৰ সীমা। বিত্তমন্ত্ৰীয়ে কয়, “মই টিডিএছ কৰ্তনযোগ্য হাৰ আৰু সীমাৰ সংখ্যা হ্ৰাস কৰি উৎসত কৰ কৰ্তন (টিডিএছ) যুক্তিসংগত কৰাৰ প্ৰস্তাৱ দিছো। লগতে, উন্নত স্পষ্টতা আৰু একাকাৰিতাৰ বাবে কৰ কৰ্তনৰ বাবে থ্ৰেছহ’ল্ড পৰিমাণ সংশোধন কৰা হ’ব। জ্যেষ্ঠ নাগৰিকৰ সুতৰ ওপৰত কৰ কৰ্তনৰ সীমা বৰ্তমানৰ ৫০ হাজাৰ টকাৰ পৰা ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে বুলি বিত্তমন্ত্ৰীয়ে জনায়। বিত্তমন্ত্ৰীয়ে আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা এবছৰৰ পৰা চাৰি বছৰলৈ বৃদ্ধি কৰিছে। লগতে অহা সপ্তাহত বাজেট অধিবেশনত নতুন আয়কৰ বিধেয়ক অনাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে।