নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকুম্ভমেলাত অংশগ্ৰহণ ৭৭ দেশৰ অতিথিৰ, ৩২ কোটি লোকৰ সংগমত স্নান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ আজি ৭৭খন দেশৰ পৰা ১১৮গৰাকী বিশেষ অতিথি মহাকুম্ভত উপস্থিত হৈছে। এই অতিথিসকলৰ ভিতৰত আছে ৰাষ্ট্ৰদূত, কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়াল। এই প্ৰতিনিধি দল ভাৰত চৰকাৰৰ আমন্ত্ৰণত মহাকুম্ভত উপস্থিত হৈছে। এই প্ৰতিনিধি দলত দক্ষিণ আমেৰিকা, ৰাছিয়া, ইউক্ৰেইন, আফ্ৰিকা, জাৰ্মানী, ইটালী, মেক্সিকো আৰু জাপানকে ধৰি বহু দেশৰ কূটনীতিবিদসকলো আছে। ২০১৯ চনৰ কুম্ভমেলাতো চৰকাৰে ৭৩খন দেশৰ কূটনীতিবিদক আমন্ত্ৰণ জনাইছিল। এই বিদেশী অতিথিসকলৰ ভিতৰত এজন বলিভিয়াৰ ক্রিষ্টিয়ান ভিলিয়াৰে এ এন আইৰ সৈতে হোৱা কথা-বতৰাত কয়, তেওঁ বৈদেশিক পৰিক্রমা মন্ত্র্যালয়ৰ আমন্ত্রণত ভাৰতলৈ আহিছে৷ প্ৰায় ডেৰ বছৰ আগতে দীপাৱলীৰ সময়ত ভাৰতলৈ অহাৰ সুযোগো পাইছিল। তেওঁ কয় যে ভাৰতীয় উৎসৱবোৰ অতি আচৰিত আৰু তেওঁ আকৌ এবাৰ ভাৰতলৈ আহি অতি আনন্দিত। তেওঁ কয়, ‘১৪৪ বছৰৰ পাছত চলি থকা মহাকুম্ভৰ অংশ হোৱাটো অতি গৌৰৱৰ বিষয়। মোৰ বাবে এইটো অতি বিশেষ কাৰণ ১৪৪ বছৰত এবাৰ ঘটা এনে ঘটনা মোৰ ল’ৰাও চাব নোৱাৰিব। ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূত কেইচি অনোৱে কয়, ‘মই অতি সুখী যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বিদেশী কূটনীতিবিদসকলৰ বাবে এই ভ্ৰমণৰ ব্যৱস্থা কৰিছে। এইবাৰৰ মহাকুম্ভ বহু দিশত অতি বিশেষ। আমি ইয়ালৈ আহিছো হিন্দু সংস্কৃতি বুজিবলৈ। প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভত দৈনিক বৃহৎ সংখ্যক ভক্তৰ উপস্থিতি অব্যাহত আছে। ১৩ জানুৱাৰীৰ পৰা ৩২ কোটিৰো অধিক লোকে সংগমত ডুব গৈছে। কেৱল দ্বিতীয় ৰাজস্নানতে ৭ কোটিৰো অধিক লোকে ধৰ্মীয় ডুব মাৰিলে। এতিয়া তৃতীয় ৰাজস্নান ৩ ফেব্ৰুৱাৰীত। এই দিনটোতো ভাল ভিৰ হোৱাৰ সম্ভাৱনা আছে।

You might also like