নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ হোটেলত বাংলাদেশী যুৱতীক লৈ নীলা ছবি

🔹 ৰাজধানী দিছপুৰৰ লাষ্টগেটত ভয়ংকৰ কাণ্ড

🔹মহানগৰ আৰক্ষীৰ জালত ছাদ্দাম–ছফিকুল-চুৰত–জাহাংগীৰ–ছফিকুল হক–মোল্লা জাহাংগীৰ

বিশেষ বাৰ্তা, ৪ ফেব্রুৱাৰী : গুৱাহাটী মহানগৰীত এগৰাকী বাংলাদেশী অনুপ্রৱেশকাৰী যুৱতীৰ শ্লীলতা হানিৰ লগতে নীলা ছবি নির্মাণৰ দৰে অপচেষ্টা চলোৱাৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে৷ সৰস্বতী পূজাৰ দিনাই মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলাই এই কু–কার্যত লিপ্ত ৬ যুৱকক গ্রেপ্তাৰ কৰিছে৷ এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ৰাজধানী দিছপুৰৰ লাষ্টগেটত থকা আদিত্য পেলেচ নামৰ হোটেলখনত৷ যোৱা ৩১ জানুৱাৰী আৰু ১ ফেব্রুৱাৰীৰ দুটা দিনত অপকর্মত লিপ্ত হোৱাতে ক্ষান্ত নাথাকি যুৱককেইজনে চলোৱা শাৰীৰিক নির্যাতন সহিব নোৱাৰি কালি দিছপুৰ আৰক্ষী থানাত হাজিৰ হয় বাংলাদেশী যুৱতীগৰাকী৷ আদিত্য পেলেচৰ ১০১ আৰু ১০২ নম্বৰৰ কোঠা দুটা বুক কৰি নীলা ছবি নির্মাণৰ প্রস্তুতি চলোৱা ৬ যুৱক ক্রমে বৰপেটাৰ ছাদ্দাম হুছেইন, ছফিকুল ইছলাম, চুৰত জামাল, বকোৰ জাহাংগীৰ আলম, ছফিকুল হক আৰু মোল্লা জাহাংগীৰক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি যোৱা ৩১ জানুৱাৰীত ছফিকুল ইছলামে এগৰাকী যুৱতীক লৈ আদিত্য পেলেচৰ ১০১নং কোঠা বুক কৰিছিল৷ ভুৱা আধাৰ কার্ড আৰু ভোটাৰ কার্ড জমা কৰি কোঠা বুক কৰা এই ছফিকুল ইছলামে ১০২নং কোঠাটোও আগতীয়াকৈ বুক কৰি উক্ত কোঠাত তেওঁৰ দুজন বন্ধু থাকিব বুলি হোটেল কর্তৃপক্ষক অৱগত কৰিছিল৷ সেইমর্মে ৩১ জানুৱাৰীত আদিত্য পেলেচৰ ১০১নং কোঠাত যুৱতীগৰাকীক লৈ প্রৱেশ কৰা ছফিকুল হুছেইনে ফোনযোগে তেওঁৰ আন দুই সহযোগীক ১ ফেব্রুৱাৰীত হোটেললৈ মাতি পঠিয়াইছিল৷ ১ ফেব্রুৱাৰীত ১০২ নং কোঠাত দুজন যুৱক থাকিবলৈ লোৱাৰ পাছত সেই নিশাই ছফিকুল ইছলাম আৰু যুৱতীগৰাকী থকা কোঠাত ১০২নং কোঠাৰ যুৱক দুজনে প্রৱেশ কৰি নীলা ছবি নির্মাণৰ কাম আৰম্ভ কৰে৷ কার্যতঃ ১ আৰু ২ ফেব্রুৱাৰীত ম’বাইল ফোনযোগে বিভিন্ন আপত্তিজনক ভিডিঅ’ ৰেকর্ডিং কৰা আৰু আন দুজনে কালি পুনৰ যুৱতীগৰাকীৰ সৈতে অশ্লীল ভিডিঅ’ প্রস্তুত কৰাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু তাৰ পূর্বেই আদিত্য পেলেচৰ পৰা পলাই গৈ আৰক্ষীৰ কাষ চাপে নির্যাতিত বাংলাদেশী যুৱতীগৰাকী৷ আৰক্ষীক সকলো ঘটনা অৱগত কৰাৰ পাছতে অভিযান চলাই আৰক্ষীয়ে উক্ত তিনি যুৱকৰ লগতে গ্রেপ্তাৰ কৰে আন তিনিজন যুৱককো৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি হাতীগাঁৱত জাকিৰ নামৰ এজন যুৱকে ৭ হাজাৰ টকাৰ বিনিময়ত এই বাংলাদেশী যুৱতীগৰাকীক ছফিকুলৰ হাতত গতাইছিল৷ বর্তমান পলাতক অৱস্থাত থকা জাকিৰে বাংলাদেশী যুৱতীগৰাকীক অসমলৈ অনাৰ ক্ষেত্রত নিজে প্রস্তুত কৰিছিল ভুৱা আধাৰ কার্ড আৰু ভোটাৰ কার্ড৷ বাংলাদেশৰ দক্ষিণ অঞ্চলৰ এক ভিতৰুৱা গাঁৱৰ ২২ বছৰীয়া এই যুৱতীগৰাকীৰ সৈতে আন চাৰিগৰাকী যুৱতীকো মিজোৰাম হৈ বৰাক উপত্যকাৰে অসমলৈ আনিছিল জাকিৰে৷ ইয়াৰে চাৰিগৰাকী বাংলাদেশী যুৱতীক হায়দৰাবাদলৈ প্রেৰণ কৰাৰ বিপৰীতে এগৰাকীক ছফিকুল ইছলামৰ হাতত গতাই দিছিল৷ উদ্দেশ্য আছিল যুৱতীগৰাকীক লৈ নীলা ছবি প্রস্তুত কৰি ধন আহৰণৰ৷ সেই উদ্দেশ্যেৰে ইতিমধ্যে ছফিকুলে যুৱতীগৰাকীৰ বিভিন্ন আপত্তিজনক ভিডিঅ’ ৰেকর্ডিং কৰাৰ পাছত কালি আন তিনি যুৱকক এই হোটেললৈ মাতি পঠাইছিল৷ আৰক্ষীয়ে এই ৬জনক আটক কৰাৰ বিপৰীতে জাকিৰ নামৰ যুৱকজন এতিয়াও পলাতক অৱস্থাত আছে৷ আনহাতে, দিছপুৰ আৰক্ষীৰ হাতত বাংলাদেশী যুৱতীগৰাকীয়ে যি আধাৰ কার্ড আৰু ভোটাৰ কার্ড দাখিল কৰিছে সেয়া সম্পূর্ণ ভুৱা বুলিও প্রমাণিত হৈছে৷ গুৱাহাটীত সৰস্বতী পূজাৰ দিনাই উন্মোচিত হোৱা এই ভয়ংকৰ কাণ্ডই স্বাভাৱিকতে সচেতন ৰাইজক স্তম্ভিত কৰাৰ সমান্তৰালভাৱে এই তথ্যই সকলোৰে চকু কপালত তুলিছে৷ কিদৰে ৫গৰাকীকৈ বাংলাদেশী যুৱতীক অবৈধভাৱে প্রৱেশ কৰোৱাই ইয়াৰে চাৰিগৰাকীক অসমৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰা হ’ল৷ সেয়াই নহয়, আটাইৰে ভুৱা আধাৰ কার্ড আৰু ভোটাৰ কার্ড প্রস্তুত কৰি যুৱতীকেইগৰাকীক ভাৰতীয় নাগৰিক হিচাপেও দেখুৱাব খোজা জাকিৰ নামৰ এই যুৱকজনৰ সৈতে এক বৃহৎ চক্র যে জড়িত হৈ আছে সেয়া স্পষ্ট হৈ পৰিছে৷ লক্ষণীয়ভাৱে কালি গ্রেপ্তাৰ কৰা ৬জন যুৱক বৰপেটা আৰু বকো অঞ্চলৰ৷ এই যুৱকসকলৰ সৈতে জাকিৰৰ কি সম্পর্ক তথা ইয়াৰ পূর্বেও এই চক্রটোৱে নীলা ছবি প্রস্তুতৰ কাম কৰিছে নেকি সেই সন্দর্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি গ্রেপ্তাৰ হোৱা আটাইকেইজন যুৱকৰ ম’বাইলত উদ্ধাৰ হৈছে বহু আপত্তিজনক ভিডিঅ’ ৰেকর্ডিং৷ অচিৰেই আৰক্ষীয়ে অধিক তথ্য পোহৰলৈ অনাৰ সম্ভাৱনা আছে৷

You might also like