নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব চেম্পিয়নক পাঁচ কোটি টকাৰ পুৰস্কাৰ ব’ৰ্ডৰ

🔹 কপাল ফুলিল ভাৰতীয় কিশোৰী দলৰ

নিউজ ডেস্ক, ৪ ফেব্রুৱাৰী : কুৱালালামপুৰত দেওবাৰে অনুষ্ঠিত ১৯ বছৰ অনূর্ধ্ব মহিলা টি–২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হয় ভাৰতীয় কিশোৰী দলটো৷ ইফালে, বিশ্ব খিতাপ জয়ৰ পিছত ভাৰতীয় দলটোৰ বাবে ৫ কোটি টকাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ উল্লেখ্য যে অধিনায়ক নিকি প্রসাদ নেতৃত্বাধীন ভাৰতীয় দলটো সমগ্র প্রতিযোগিতাখনতে অপৰাজেয় হৈ ৰয়৷ ভাৰতীয় দলটোৰ এই প্রদর্শনত অভিভূত বিচিচিআয়ে খেলুৱৈসকলৰ মনোবল বৃদ্ধিৰ বাবে তেওঁলোকলৈ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে৷ বিচিচিআয়ে জাৰি কৰা এক বিবৃতিত কয় – ‘মালয়েছিয়াত অনুষ্ঠিত আইচিচি ১৯ বছৰ অনূর্ধ্ব মহিলা টি–২০ বিশ্বকাপত সফলতাৰে নিজৰ খিতাপ অক্ষুণ্ণ ৰখাৰ বাবে ব’র্ডে দলটোক অভিনন্দন জনাইছে৷’ বিবৃতিটোত লগতে কোৱা হৈছে- ‘এই উল্লেখনীয় সফলতাক সন্মান জনোৱাৰ উদ্দেশ্যে ব’র্ডে মুখ্য প্রশিক্ষক নুছিন আল খাদিৰ আৰু তেওঁৰ সহায়ক কর্মচাৰীৰ নেতৃত্বত বিজয়ী দলটোৰ বাবে নগদ ৫ কোটি টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে৷’

You might also like