নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : আমেৰিকাৰ বিদেশী বিতাড়ন

বিশ্বৰ সর্বশক্তিমান দেশ আমেৰিকা যুক্তৰাষ্ট্রত ৪৭সংখ্যক ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰিয়েই ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে প্রব্রজন নীতিক লৈ কঠোৰ স্থিতি গ্রহণ কৰিছে৷ ৰাষ্ট্রপতি ট্রাম্পে দেশখনত অবৈধভাৱে বসবাস কৰা প্রব্রজনকাৰীক দেশখনৰ পৰা বিতাড়ন কৰিবলৈ প্রশাসনক কঠোৰ নির্দেশ দিছে৷ ৰাষ্ট্রপতিৰ নির্দেশৰ পাছতেই দেশখনৰ বিভিন্ন প্রান্তত থকা অবৈধ প্রব্রজনকাৰীক চিনাক্ত কৰি কার্যতঃ বিশেষভাৱে কৰায়ত্ত কৰি ৰাখি সেই অবৈধ প্রব্রজনকাৰীসকল নিজ নিজ দেশলৈ বিতাড়ন আৰম্ভ কৰিছে৷ বিশ্বজুৰি ব্যাপক চর্চিত অবৈধ প্রব্রজনকাৰী হাটাও অভিযান মার্কিন প্রশাসনে অতি কঠোৰভাৱে চলাইছে৷ আমেৰিকা যুক্তৰাষ্ট্রত অবৈধভাৱে বসবাস কৰা প্রব্রজনকাৰীৰ ভিতৰত লাখ লাখ ভাৰতীয় লোকো আছে৷ দেশখনত বসতি কৰি থকা প্রায় ১১ নিযুত অনুপ্রৱেশকাৰীক চিনাক্ত কৰি বিভিন্ন দেশলৈ বিতাড়নৰ প্রক্রিয়া আৰম্ভ কৰিলে৷ ১১ নিযুত অনুপ্রৱেশকাৰীৰ ভিতৰত ভাৰতৰেই আছে ৭ লাখ ২৫ হাজাৰ৷ ইয়াৰে ২০ হাজাৰক ইতিমধ্যে চিনাক্ত কৰি মার্কিন প্রশাসনে বিতাড়ন প্রক্রিয়া আৰম্ভ কৰিছে৷ ভাৰতৰ উপৰি বিশ্বৰ কেইবাখনো দেশৰ পৰা মার্কিন যুক্তৰাষ্ট্রত অবৈধভাৱে বসবাস কৰি থকা প্রব্রজনকাৰী চিনাক্ত কৰি বিতাড়ন প্রক্রিয়া আৰম্ভ কৰিছে৷ ৰাষ্ট্রপতি ট্রাম্পৰ এই কঠোৰ বিতাড়ন ব্যৱস্থাক লৈ বিশ্বৰ দেশসমূহৰ মাজত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হৈছে যদিও এইক্ষেত্রত মার্কিন প্রশাসনে কোনোধৰণৰ গুৰুত্ব দিয়া নাই৷ প্রশাসনে স্পষ্ট কৰি দিয়া মতে, কোনো এজন অবৈধ প্রব্রজনকাৰীকে দেশখনত থাকিবলৈ দিয়া নহয়৷ মন কৰিবলগীয়া যে অবৈধ প্রব্রজনকাৰীয়ে আমেৰিকাৰ নাগৰিকৰ জীৱন যাপনত ব্যাঘাত জন্মোৱাৰ পৰিপ্রেক্ষিততেই ৰাষ্ট্রপতি ট্রাম্পে এই পদক্ষেপ গ্রহণ কৰিছে৷ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতি হিচাপে নির্বাচিত হোৱাত ট্রাম্পক অবৈধ প্রব্রজনকাৰী বিতাড়ন বিষয়টোৱে সহায় কৰিছিল৷ তাৰ পৰিপ্রেক্ষিততেই ট্রাম্প কঠোৰ হৈ পৰিছে৷

আমেৰিকাত অবৈধভাৱে থকা প্রব্রজনকাৰীৰ বিতাড়ন প্রক্রিয়া আৰম্ভ কৰি ৪ ফেব্রুৱাৰীত দেশখনৰ টেক্সাছৰ ছান এণ্টনি’ৰ পৰা আমেৰিকাৰ সময় মতে তিনি বজাত মার্কিন সেনাৰ বিমান চি–১৭ৰে ১০৪ অবৈধ ভাৰতীয় প্রৱেশকাৰীক স্বদেশলৈ বিতাড়ন কৰিছে৷ ৫ ফেব্রুৱাৰীৰ দিনত ২৪ ঘণ্টাৰ মূৰকত ১০৪ ভাৰতীয় লোকক লৈ মার্কিন সেনাৰ বিমানখন অমৃতসৰত অৱতৰণ কৰে৷ ১০৪ অবৈধ প্রব্রজনকাৰী কঢ়িয়াই অমৃতসৰৰ শ্রীগুৰুৰাম দাসজী আন্তর্জাতিক বিমানবন্দৰত চি–১৭ বিমান অৱতৰণ কৰে৷ ইয়াৰ লগে লগেই মার্কিন যুক্তৰাষ্ট্রৰ পৰা অবৈধ প্রব্রজনকাৰী ভাৰতীয়ক বিতাড়ন প্রক্রিয়াৰ আৰম্ভ হ’ল৷ আজি অমৃতসৰৰ বিমানবন্দৰত অৱতৰণ কৰা অবৈধ প্রব্রজনকাৰী ভাৰতীয়ৰ ভিতৰত ২৫গৰাকী মহিলা আৰু ১২গৰাকী শিশু আছে৷ ইয়াৰে এগৰাকী চাৰিবছৰীয়া শিশুও আছে৷ ১০৪ৰ ভিতৰত পঞ্জাবৰ ৩০জন৷ স্মর্তব্য যে বিমানত বিতাড়িত ভাৰতীয় নাগৰিকসকলক হাতকেৰেয়া লগাই অনাৰ বাবে তীব্র বিতর্কৰ সৃষ্টি হৈছে৷ ইপিনে, বিগত মাহত আমেৰিকাৰ বৈদেশিক সচিব মার্ক’ ৰুবি’ আৰু ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ আলোচনাৰ পাছত নতুন দিল্লীয়ে নিজৰ স্থিতি প্রকাশ কৰিছে৷ সেইমর্মেই মার্কিন প্রশাসনে বিতাড়ন কৰা অবৈধ প্রব্রজনকাৰী ৰূপে আমেৰিকাত থকা ভাৰতীয় নাগৰিকক নতুন দিল্লীয়ে নিজৰ দেশত স্থান দিব৷ তাৎপর্যপূর্ণ যে মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ সৈতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বার্তালাপৰ সময়তো মার্কিন চৰকাৰৰ সিদ্ধান্ত মানি লোৱাৰ ইংগিত দিছে৷ প্রধানমন্ত্রী মোদীয়ে তেওঁলোকৰ দেশে যিটো শুদ্ধ বুলি ভাবে সেইটো কৰিব আৰু এইক্ষেত্রত ভাৰতেও দেশখনক সমর্থন জনাব বুলি সন্মতি দিছিল৷ ৰয়টাৰৰ বাতৰি অনুসৰি ভাৰতলৈ ১০৪ অনুপ্রৱেশকাৰী মার্কিন বিমানে কঢ়িয়াই নিয়াৰ পূর্বে গুৱাটেমালা, পেৰু আৰু হণ্ডুৰাছলৈ অবৈধ প্রব্রজনকাৰী কঢ়িয়াই নিছিল৷ পেণ্টাগনে প্রকাশ কৰা মতে, এল পাছো, টেক্সাছ, ছাণ্ডিয়াগোত আটক কৰা ৫ হাজাৰতকৈ অধিক অবৈধ প্রব্রজনকাৰীক শীঘ্রেই নিজৰ দেশলৈ বিতাড়ন কৰিব৷ সাধাৰণ বিমানৰ পৰিৱর্তে মার্কিন প্রশাসনে ব্যয়বহুল সামৰিক বিমান ব্যৱহাৰ কৰি আছে৷ তথ্য মতে, গুৱাটেমালালৈ বিতাড়ন কৰা প্রতিজন প্রব্রজনকাৰীৰ নামত ব্যয় হৈছিল ৪,৬৭৫ মার্কিন ডলাৰ৷ বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি হ’লেও দেশখনক অবৈধ প্রব্রজনকাৰীৰ পৰা মুক্ত কৰাৰ কঠোৰ সিদ্ধান্ত লৈছে ৰাষ্ট্রপতি ট্রাম্পে৷ ইপিনে, অহা ১৩ ফেব্রুৱাৰীত মার্কিন যুক্তৰাষ্ট্র ভ্রমণ কৰাৰ পূর্ণ সম্ভাৱনা আছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ দুদিনীয়া ভ্রমণসূচীৰে ৱাশ্বিংটনলৈ গৈ প্রধানমন্ত্রী মোদীয়ে ট্রাম্পৰ সৈতে আলোচনাত মিলিত হ’ব৷ আমেৰিকাই বিতাড়ন কৰিব খোজা অবৈধ প্রব্রজনকাৰী ভাৰতীয়ক লৈ প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্রপতি ট্রাম্পৰ মাজত কি ধৰণৰ আলোচনা হয় সেয়া বিচার্য৷

You might also like