নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ আজিৰে পৰা তিনিটা পর্যায়ত ৯ দিনৰ বাবে গুৱাহাটী মহানগৰীত পানী যোগান বন্ধ থাকিব৷ গুৱাহাটী মহানগৰ খোৱাপানী আৰু পয়ঃপ্রণালী ব’র্ডে এক জাননীযোগে এই কথা সদৰী কৰিছে৷ বিশেষকৈ গুৱাহাটী জলব’ৰ্ডৰ অধীনস্থ অঞ্চলসমূহত ৯ দিনৰ বাবে পানী যোগান বন্ধ ৰখা হ’ব৷ গুৱাহাটী মহানগৰ আৰু পয়ঃপ্রণালী ব’ডৰ জাননী অনুসৰি প্রথম পর্যায়ত আজিৰে পৰা ১৫ ফেব্রুৱাৰীলৈ, দ্বিতীয় পর্যায়ত ১৯ৰ পৰা ২২ ফেব্রুৱাৰীলৈ আৰু তৃতীয় পর্যায়ত ২৫ ফেব্রুৱাৰীৰ পৰা ২৮ ফেব্রুৱাৰীলৈ গুৱাহাটী জলব’ডৰ অধীনস্থ অঞ্চলসমূহত পানী যোগান বন্ধ থাকিব৷ ব’র্ডে জাননীখনত উল্লেখ কৰা অনুসৰি গুৱাহাটী জলব’ৰ্ডৰ পাইপলাইনৰ ৰবটিক জৰীপৰ লগতে সম্ভাব্য পাইপৰ ফুটা আৰু দুর্বল ৱেল্ডিং পুনৰ মেৰামতি তথা চিনাক্ত কৰাৰ বাবে জলব’র্ডে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ ইয়াৰ বাবে হ’ব পৰা অসুবিধাৰ বাবে মহানগৰবাসীৰ ওচৰত ক্ষমা বিচাৰিছে গুৱাহাটী মহানগৰ খোৱাপানী আৰু পয়ঃপ্রণালী ব’র্ডে৷ আনহাতে এই সন্দর্ভত মহানগৰবাসীৰ সহযোগিতা কামনা কৰি নির্দিষ্ট সময়ৰ ভিতৰত যাতে জলব’ৰ্ডৰ সমূহ পাইপৰ মেৰামতিৰ কাম সম্পূর্ণ কৰিব পৰা যায় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰবাসীৰ খোৱাপানীৰ সমস্যা সমাধানৰ বাবে গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী জলব’ৰ্ড কর্তৃপক্ষই চূড়ান্তভাৱে ব্যর্থ হৈছে৷ মহানাগৰিকক খোৱাপানী যোগানৰ বাবে জিএমচি তথা চৰকাৰে জাইকাৰ সাহায্যপ্রাপ্ত কেইবাখনো আঁচনি ৰূপায়ণ কৰিছে যদিও এই আঁচনিসমূহ সম্পূর্ণ হৈ উঠা নাই৷ তদুপৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত চলি থকা নির্মাণকার্যৰ বাবে বাট–পথ খান্দি তহিলং কৰাত বহু ঠাইত কটা গৈছে পানীৰ পাইপ৷ জিএমচিয়ে পানীৰ পাইপ মেৰামতিৰ অজুহাতত দীর্ঘদিনে নিয়মীয়াকৈ পানী যোগান ধৰিব পৰা নাই৷ ফলত মহানগৰীত জলসংকটে দেখা দিছে৷