নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুশয্যাত থকা বন্ধুৰ খবৰ ল’বলৈ হাস্পতালত গজৰাজ

📌 নেচাৰ ইজ এমেজিং নামৰ এক্স হেণ্ডেলত প্রচাৰিত ভিডিঅ’

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ সাধু সাধু লগা ঘটনা কিছুমান বাস্তৱত ৰূপান্তৰিত হ’লে মনবোৰ আৱেগিক হৈ উঠে৷ হৃদয়ত এক ধৰণৰ অনুৰণন তোলে৷ জীৱশ্রেষ্ঠ মানুহৰ বাবে এনে ঘটনাই কেতিয়াবা কেতিয়াবা অত্যন্ত স্পর্শকাতৰ বিষয় হৈ উঠে৷ প্রাণীও মানুহৰ যে ঘনিষ্ঠ বন্ধু হ’ব পাৰে আৰু এই বন্ধুৰ বিপদৰ সময়ত আগবাঢ়ি গৈ খবৰ ল’ব পাৰে তেনে এক ঘটনা অস্বাভাৱিক যেন লাগিলেও ছ’চিয়েল মিডিয়াত প্রচাৰিত এক ভিডি’ই আলোড়ন তুলিছে৷ মৃত্যুশয্যাত থকা বন্ধুৰ খবৰ ল’বলৈ চিকিৎসালয়লৈ গজৰাজ অহা ঘটনাই সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নেচাৰ ইজ এমেজিং নামৰ এক্স হেণ্ডেলত প্রচাৰিত ভিডি’টো হৈছে এজন বৃদ্ধ হাস্পতালৰ বিছনাত পৰি আছে৷ মৃত্যুশয্যাত পৰি থকা বন্ধু বৃদ্ধৰ খবৰ ল’বলৈ চিকিৎসালয়ৰ দুৱাৰেৰে এখোজ এখোজকৈ ভিতৰলৈ সোমাইছে গজৰাজ৷ হাস্পতালৰ দুৱাৰেদি প্রৱেশ কৰি গজৰাজে মৃত্যুশয্যাত থকা বন্ধুৰ ওচৰলৈ গৈছে আৰু নিজৰ শুঁৰেৰে বন্ধুৰ দেহ স্পর্শ কৰিছে৷ অবুজ প্রাণী বুলি সততে কোৱা গজৰাজটোৱে শুঁৰেৰে স্পর্শ কৰি বন্ধুৰ স্বাস্থ্যৰ বুজ লৈছে৷ এই ভিডি’টোৱে প্রত্যক্ষ কৰা সকলো লোকৰ হৃদয় স্পর্শ কৰিছে৷ সামাজিক মাধ্যমত চর্চিত এই ভিডিঅ’টো ক’ৰ পৰা কেনেকৈ আহিছে, সেই সন্দর্ভত পোৱা তথ্য মতে নেচাৰ ইজ এমেজিং নামৰ এক্স হেণ্ডেলটোত এই ভিডিঅ’টো প্রচাৰ হৈছে৷ যোৱা ৬ ফেব্রুৱাৰীৰ পৰা এই ভিডিঅ’টো ৬০ লাখতকৈ অধিক লোকে প্রত্যক্ষ কৰি নিজৰ আৱেগিক মন্তব্য প্রকাশ কৰিছে৷ ভিডিঅ’টো দেখা প্রতিগৰাকী লোকে এই বন্ধু আৰু গজৰাজৰ সম্পর্কক লৈ আৱেগিক হৈ পৰিছে৷ প্রতিগৰাকী লোকে এই ভিডি’টো পছন্দ কৰিছে আৰু এজনে এনেদৰে লিখিছে– ভাল পোৱাৰ প্রকৃত আৰু বিশুদ্ধ ৰূপ৷ প্রাণীক ভাল পালে যতন কৰিলে প্রাণীৰ পৰা ভালপোৱা ওভতাই পোৱা যায়৷ আন এজনে লিখিছে– হাতীৰ আকাৰ আৰু আৱেগ উভয়ে অতি বিশাল৷ হাতীৰ হৃদয়ো বিশাল৷ উল্লেখ্য যে হাতী মানুহৰ বন্ধু বুলি তাহানিৰে পৰা আজিলৈকে প্রচলিত হৈ আছে৷হাস্পতালত গজৰাজ

You might also like