নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেলেণ্টাইন ডে’ত গুৱাহাটীত প্ৰদৰ্শন আইপিএলৰ ট্রফী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ আসন্ন আইপিএলৰ সূচী এতিয়াও প্রকাশ পোৱা নাই৷ কিন্তু গুৱাহাটীত আইপিএল মেচক লৈ অনুৰাগীৰ মাজত ইতিমধ্যে উৎকণ্ঠা আৰু চর্চা আৰম্ভ হৈছে৷ এই ক্রিকেট চর্চাৰ মাজতে ১৪ ফেব্রুৱাৰী ভেলেণ্টাইন ডে’ত গুৱাহাটীলৈ আহিব আইপিএলৰ ট্ৰফী৷ মহানগৰীৰ চিটী চেণ্টাৰ মলত ক্রিকেটপ্রেমীৰ বাবে আইপিএল ট্ৰফী মুকলিকৈ প্রদর্শন কৰা হ’ব৷ উল্লেখ্য যে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাহট ৰাইডার্ছে প্রথমবাৰৰ বাবে ট্ৰফী ট্যুৰৰ জৰিয়তে ভাৰতৰ একাধিক চহৰত আই পি এল ট্ৰফী প্রদর্শন কৰি অনুৰাগীৰ হৃদয়ৰ সৈতে সংযোগ স্থাপন কৰাৰ ব্যৱস্থা হাতত লৈছে৷ গুৱাহাটীৰ পৰাই দলে এই যাত্রা আৰম্ভ কৰিব৷ প্রথমবাৰৰ বাবে টাটা আইপিএলৰ ফ্রেঞ্চাইজীয়ে গৃহ চহৰৰ বাহিৰত ট্ৰফী ট্যুৰৰ আয়োজন কৰিছে৷ এহ পদক্ষেপৰ লক্ষ্য হৈছে দেশজোৰা কেকেআৰ অনুৰাগীসকলক ট্ৰফীৰ সৈতে মত বিনিময় কৰাৰ সুযোগ দিয়া আৰু তেওঁলোকৰ প্রিয় দলৰ কৃতিত্বক গৌৰৱৰ সাক্ষী কৰা৷ নতুন ছিজনৰ পূর্বে এই বিস্তৃত ভ্রমণ গুৱাহাটীত আৰম্ভ হৈ ১২ আৰু ১৬ মার্চৰ ভিতৰত কলকাতাত সমাপ্ত হ’ব৷ ট্ৰফী প্রদর্শনস্থলীত অনুৰাগীয়ে বিভিন্ন ৰোমাঞ্চকৰ খেলত অংশ লৈ পুৰস্কাৰ লাভৰ সুযোগো পাব৷ উল্লেখ্য যে গুৱাহাটীৰ লগতে ভুবনেশ্বৰ, জামছেদপুৰ, ৰাঁচী, গেংটক, শিলিগুৰি, পাটনা, দুর্গাপুৰতো ট্ৰফী প্রদর্শন কৰা হ’ব৷

You might also like