নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ধমানত আৰএছএছৰ সমাৱেশৰ অনুমতি কলকাতা হাইকৰ্টৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ কলকাতা উচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক পশ্চিমবংগৰ বৰ্ধমানত এক সমাৱেশ অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে। ২০২৫ চনৰ ১৬ ফেব্ৰুৱাৰীত ইয়াত আৰ এছ এছৰ এখন ৰেলী অনুষ্ঠিত হোৱাৰ কথা, যাৰ বাবে পশ্চিম বংগ আৰক্ষীয়ে অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছত আৰ এছ এছে আদালতৰ কাষ চাপিছিল। সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে বংগ চৰকাৰৰ আপত্তি নাকচ কৰি আৰএছএছৰ সমাৱেশৰ চৰ্তসাপেক্ষ অনুমতি প্ৰদান কৰিছে। আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতেও এই সমাৱেশত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কলিকতা উচ্চ ন্যায়ালয়ে এই সমাৱেশ শান্তিপূৰ্ণভাৱে চলাব লাগে আৰু ভলিউম কম কৰি ৰাখিব লাগে বুলি মন্তব্য কৰে। বংগ আৰক্ষীয়ে অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল, পশ্চিম বংগ মাধ্যমিক শিক্ষা ব’ৰ্ডে (WBBSE) অনুষ্ঠিত কৰা দশম শ্ৰেণীৰ পৰীক্ষা সম্প্ৰতি চলি আছে আৰু সেয়েহে লাউডস্পীকাৰ ব্যৱহাৰ নিষিদ্ধ। ন্যায়াধীশগৰাকীয়ে কয় যে দেওবাৰে আৰ এছ এছৰ ৰেলী অনুষ্ঠিত হ’ব আৰু এই কাৰ্যসূচী মাত্ৰ ১ ঘণ্টা ১৫ মিনিটৰ হ’ব, সেয়েহে আদালতে নাভাবে যে ইয়াৰ ফলত কাৰো অসুবিধাৰ সৃষ্টি হ’ব। শান্তিপূৰ্ণভাৱে এই সমাৱেশ অনুষ্ঠিত কৰাৰ লগতে ভলিউম কম ৰখাৰ নিৰ্দেশ দিয়ে আদালতে। ইয়াত এই সমাৱেশৰ অন্তত মোহন ভাগৱতে আঞ্চলিক আৰ এছ এছৰ নেতা, স্থানীয় কৰ্মী আৰু বৰ্ধমান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বিশিষ্ট লোকসকলকো সাক্ষাৎ কৰিব। এই বৈঠকসমূহত সাংগঠনিক বিকাশ, সম্প্ৰদায়ৰ প্ৰসাৰ, আৰ এছ এছৰ নেতৃত্ব আৰু স্থানীয় অংশীদাৰসকলৰ মাজত সম্পৰ্ক শক্তিশালী কৰা আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি আশা কৰা হৈছে। তেওঁৰ এই যাত্ৰাত পৰিয়ালমুখী পদ্ধতিৰ জৰিয়তে দেশপ্ৰেম, আত্মনিৰ্ভৰশীলতা, পাৰিবাৰিক মূল্যবোধ, পৰিৱেশ সংৰক্ষণ আৰু সামাজিকৰণৰ দৰে মূল্যবোধৰ বীজ সিঁচাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। সংবাদ সংস্থা আইএনএছৰ তথ্য অনুসৰি আৰএছএছৰ সাধাৰণ সম্পাদক জিষ্ণু বসুৱে কয় যে মোহন ভাগৱতৰ এই ভ্ৰমণৰ উদ্দেশ্য হিন্দু সম্প্ৰদায়ৰ ভিতৰত জাতীয়তাবাদৰ মনোভাৱক প্ৰসাৰিত কৰা, স্বদেশী চেতনাক প্ৰসাৰিত কৰা আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিয়া, যিটো এটা ডাঙৰ জাতীয় লক্ষ্য।

You might also like