বিমানেৰে ৭০০ কিলোমিটাৰ অতিক্রমি প্রতিদিনে চাকৰি ভাৰতীয় মহিলাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ পুৱাৰ লগে লগে হাজাৰ হাজাৰ চাকৰিজীৱীয়ে যাত্রা কৰিবলগীয়া হয় নিজৰ কার্যালয়লৈ৷ ৰে’ল, বাছৰ ভিৰ উপেক্ষা কৰি নিজৰ কর্তব্যৰ বাবে দৌৰা–দৌৰি আৰম্ভ কৰিবলগীয়া হয়৷ তীব্র গৰম, অত্যধিক বৰষুণ অথবা প্রচণ্ড জাৰক উপেক্ষা কৰিও কর্মক্ষেত্রত হাজিৰ হ’বলগীয়া হয় কর্মচাৰীসকল৷ পুনৰ দিনৰ শেষত ঘৰলৈ ওভতনি যাত্রা৷ পৰিয়ালৰ সৈতে সময় কটোৱা, পত্নী–সন্তানৰ বাবে সময় দিয়াটোও কর্মচাৰীসকলৰ বাবে দায়িত্ব হিচাপে চিহ্ণিত হয়৷ গতিকে বহু দূৰ বাট যাত্রা কৰিও ঘৰৰ পৰাই চাকৰি কৰি থাকিবলগীয়া হয় কর্মচাৰীসকলে৷ অৱশ্যে এশ কিলোমিটাৰ বা ডেৰশ কিলোমিটাৰ দূৰ যাত্রা কৰাটো স্বাভাৱিক কথা৷ কিন্তু সাতশ কিলোমিটাৰ দূৰত্ব সদায় বিমানেৰে অহা–যোৱা কৰি অতিক্রম কৰাটো সহজ কথা নহয়৷ মালয়েছিয়াত ভাৰতীয় বংশোদ্ভৱ এগৰাকী মহিলাই নিজৰ সন্তানসকলক সময় দিয়াৰ বাবেই সাতশ কিলোমিটাৰ দূৰ অতিক্রম কৰি ঘৰৰ পৰা কার্যালয়ত হাজিৰ হয়৷ আকৌ নিশা ঘৰলৈ উভতি আহে৷ ৰাছেল কৌৰ নামৰ মহিলাগৰাকীয়ে মালয়েছিয়াৰ এয়াৰ এছিয়া বিমান সংস্থাৰ বিত্ত বিভাগৰ সহকাৰী প্রবন্ধক হিচাপে কাম কৰি আছে৷ প্রতিদিনে পেনাং বিমানবন্দৰৰ পৰা বিমানেৰে গৈ কুৱালালামপুৰত উপস্থিত হয় ৰাছেল কৌৰ৷ নিশা ৮ বজাত কাম সমাপ্ত কৰি পুনৰ বিমানেৰে ঘৰলৈ উভতি আহে৷ সাতশ কিলোমিটাৰ দূৰত্ব এনেদৰে অতিক্রম কৰি নিয়মীয়াকৈ চাকৰি কৰি আছে মহিলাগৰাকীয়ে৷ লক্ষণীয়ভাৱে কুৱালালামপুৰত পূর্বে ঘৰ ভাৰা কৰি আছিল মহিলাগৰাকী৷ ভাৰতীয় টকাৰ হিচাপত প্রতিমাহে মহিলাগৰাকীয়ে এনেদৰে ৪১ হাজাৰ টকা ঘৰ ভাৰাৰ নামত খৰচ কৰিবলগীয়া হৈছে৷ কিন্তু এতিয়া বিমানত যাত্রা কৰাৰ বাবে মাহত মহিলাগৰাকীয়ে ২৭ হাজাৰ টকা খৰচ কৰিবলগীয়া হয়৷ ইয়াৰ উপৰি মহিলাগৰাকীয়ে ঘৰতে নিজৰ ১১–১২ বছৰীয়া দুই শিশু সন্তানক ৰখাৰ সুযোগ লাভ কৰিছে৷ অর্থাৎ দুই সন্তানৰ বাবেই মহিলাগৰাকীয়ে প্রতিদিনে সাতশ কিলোমিটাৰ অতিক্রম কৰি হ’লেও ঘৰলৈ উভতি আহে৷