নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুল ঘোষণাৰ বাবে নতুন দিল্লীত পদপিষ্টৰ ঘটনা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ আৰপিএফৰ প্রতিবেদনত অস্বস্তিত পৰিছে ৰে’ল বিভাগ৷ নতুন দিল্লী ষ্টেচনত পদপিষ্টৰ ঘটনাত ৰে’ল বিভাগৰ দাবী খণ্ডন কৰি দুর্ঘটনাৰ প্রাথমিক প্রতিবেদন দাখিল কৰিছে আৰপিএফে৷ এই প্রতিবেদনত উল্লেখ কৰা হৈছে যে মাত্র দুঘণ্টা সময়ৰ ভিতৰত চাৰিখন ৰে’ল আছিল নতুন দিল্লী ষ্টেচনত৷ ইয়াৰ উপৰি ভুল ঘোষণা কৰা হয়৷ ইয়াৰ ফলত ভয়ংকৰ ভিৰত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় ষ্টেচনত৷ এসময়ত কাউণ্টাৰৰ পৰা সাধাৰণ যাত্রীৰ বাবে টিকট দিয়া বন্ধ কৰিবলৈ আহ্বান জনাইছে নতুন দিল্লী ষ্টেচনত থকা এগৰাকী আৰপিএফ বিষয়াই৷ কিন্তু তেতিয়ালৈকে বিপজ্জনক ভিৰ সৃষ্টি হৈ গৈছিল৷ ইয়াৰ পাছত পদপিষ্টৰ ঘটনাত প্রাণ হেৰুৱায় ১৮গৰাকী মহাকুম্ভগামী যাত্রীয়ে৷ আৰপিএফৰ প্রাথমিক প্রতিবেদনৰ কথা জানিব পৰা গৈছে এটা সর্বভাৰতীয় সংবাদ মাধ্যমৰ পৰা৷ এই সংবাদ সংস্থাটোৰ প্রতিবেদনত উল্লেখ কৰা হৈছে যে ভুল ঘোষণাৰ বাবে পদপিষ্টৰ ঘটনাটো সংঘটিত হৈছে৷ কিন্তু ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে দাবী কৰিছিল যে নতুন দিল্লী ষ্টেচনত অতিৰিক্ত ভিৰ নাছিল৷ ইফালে, ৰে’ল আৰক্ষীৰ প্রতিবেদনত উল্লেখ কৰা হৈছে যে শনিবাৰে নিশা ৮.৪৫ বজাত ঘোষণা কৰা হয় নতুন দিল্লী ষ্টেচনৰ ১২ নম্বৰ প্লেটফর্মত প্রয়াগৰাজ কুম্ভ স্পেচিয়েল ট্রেইন আহিছে৷ কিন্তু ইয়াৰ কিছু সময় পিছতে কোৱা হয় যে ১২ নম্বৰ নহয়, ৰে’লখন ১৬ নম্বৰ প্লেটফর্মৰে আহি আছে৷ একে সময়তে ১৪ নম্বৰ প্লেটফর্মত ৰৈ আছিল মগধ এক্সপ্রেছ আৰু ১৫ নম্বৰ প্লেটফর্মত আছিল উত্তৰ সম্পর্কক্রান্তি এক্সপ্রেছ৷ ৰে’ল বিভাগৰ ভুল ঘোষণাৰ বাবেই যাত্রীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷

You might also like