নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকুম্ভক ‘মৃত্যুকুম্ভ’ আখ্যা মমতাৰ, ক্ষুব্ধ যোগী

🔹 ‘ত্রিবেণী সংগমৰ পানী স্নানেই নহয়, খোৱাৰ বাবেও উপযুক্ত’

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : মহাকুম্ভক লৈ এইবাৰ আৰম্ভ হৈছে ‘মহাবিতর্ক’৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে মহাকুম্ভ এতিয়া ‘মৃত্যুকুম্ভ’ হৈ পৰা বুলি মন্তব্য কৰাৰ লগে লগে উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি৷ বিজেপিয়ে মমতা বেনার্জীৰ এনে মন্তব্যক লৈ ক্ষুৰধাৰ সমালোচনা আৰম্ভ কৰিছে৷ তৃণমূল কংগ্রেছৰ লগতে বিৰোধী দলসমূহে মহাকুম্ভৰ দৰে পৱিত্র মেলাৰ গৰিমা ম্লান কৰাৰ বাবে উঠি-পৰি লগা বুলিও অভিযোগ তুলিছে বিজেপিয়ে৷ লক্ষণীয়ভাৱে মমতা বেনার্জীয়ে বিধানসভাত মহাকুম্ভৰ কথা কৈ লাভ নাই বুলি উল্লেখ কৰাৰ উপৰি মহাকুম্ভ এতিয়া মৃত্যুকুম্ভত পৰিণত হোৱা বুলি অভিযোগ তুলিছে৷ মহাকুম্ভৰ প্রতি সন্মান জনায়ো মমতাই মন্তব্য কৰিছিল যে এটাৰ পিছত এটাকৈ দুর্ঘটনা সংঘটিত হৈছে মহাকুম্ভত৷ এতিয়ালৈ কিমান মৃতদেহ উদ্ধাৰ হ’ল বুলি প্রশ্ণও তুলিছিল পশ্চিমবংগৰ মুখ্যমন্ত্রীগৰাকীয়ে৷ মমতা বেনার্জীয়ে এই মন্তব্য কৰাৰ পিছতে উত্তৰ প্রদেশৰ যোদী আদিত্যনাথে ঘোষণা কৰে যে ৫৬ কোটিতকৈ অধিক লোকে পৱিত্র স্নান কৰিছে মহাকুম্ভত৷ মমতাই ভিত্তিহীন অভিযোগ আনি এই ৫৬ কোটি লোকৰ বিশ্বাসক উপলুঙা কৰা বুলিও মন্তব্য কৰে আদিত্যনাথে৷ অৱশ্যে মমতাৰ বক্তব্যক সমর্থন জনাইছে শংকৰাচার্য স্বামী অভিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে৷ মহাকুম্ভত তীর্থযাত্রীসকলক ভয়াৱহ সংকটৰ সন্মুখীন হ’বলৈ বাধ্য কৰোৱা হৈছে বুলি উল্লেখ কৰাৰ উপৰি শংকৰাচার্যই কয় যে মহাকুম্ভৰ পানী এতিয়া স্নানৰ বাবে উপযুক্ত হৈ থকা নাই৷ এক অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰা বুলি উল্লেখ কৰে শংকৰাচার্যই৷ ইয়াৰ মাজতে যোগী আদিত্যনাথে দাবী কৰিছে যে মহাকুম্ভৰ ত্রিবেণী সংগমৰ পানী পুণ্যস্নানেই নহয়, খোৱাৰ বাবেও উপযুক্ত হৈ আছে৷

You might also like