চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্রীয় উদ্যান
প্রকৃতিৰ ওপৰত মানৱ জাতিয়ে অব্যাহত ৰখা অহৰহ ধ্বংসলীলাই সমগ্র পৃথিৱীলৈ কঢ়িয়াই আনিছে গভীৰ সংকট৷ চহৰবোৰে ক্রমান্বয়ে গাঁওবোৰ গ্রাস কৰিবলৈ লৈছে আৰু আধুনিকতাৰ নামত মানুহে মাটিৰ সৈতে সম্পর্ক হেৰুৱাই পেলাইছে৷ যাতায়াত ব্যৱস্থাৰ উন্নতি কৰিবলৈ গৈ নিতৌ ধ্বংস কৰা হৈছে অসংখ্য গছ–বন তথা প্রকৃতি৷ অর্থ আৰু ক্ষমতাৰ বলত বলীয়ান বহু লোকে প্রকৃতি ধ্বংস কৰি নিতৌ নির্মাণ কৰিবলৈ লৈছে উচ্চ উচ্চ অট্টালিকা৷ আধুনিক প্রযুক্তিবিদ্যাৰ উন্নতিকৰণে মানুহক আকাশৰ ফালে ধাৱমান কৰাইছে যদিও ভৰিৰ তলৰ মাটি লাহে লাহে হেৰুৱাই পেলাইছে৷ এনে অৱস্থাত প্রকৃতি আৰু বন্যপ্রাণীৰ সংৰক্ষণৰ বিষয়টো গুৰুত্বপূর্ণ হৈ পৰিছে৷ বিশেষকৈ অসমত সংৰক্ষিত বনাঞ্চলৰ প্রয়োজন অধিক হৈ পৰিছে৷ ৰাজ্যত ৰাষ্ট্রীয় উদ্যান যিমানেই ঘোষণা কৰা হ’ব সিমানেই প্রকৃতি ৰক্ষা পৰিব৷ শেহতীয়াভাৱে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে এইক্ষেত্রত যথেষ্ট গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হৈছে৷ অলপতে কোকৰাঝাৰত অনুষ্ঠিত কেবিনেট বৈঠকত চৰকাৰে বন্যপ্রাণী আৰু সেউজ সম্পদেৰে সমৃদ্ধিশালী চিকনাঝাৰ অৰণ্যক চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্রীয় উদ্যান হিচাপে কৰা ঘোষণাত অনুমোদন জনাইছে৷ চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্রীয় উদ্যানৰ অধিসূচনাত অনুমোদন জনোৱাৰ এই ঐতিহাসিক সিদ্ধান্তৰ প্রতি সমগ্র অসমৰ প্রকৃতিপ্রেমী ৰাইজ আৰু নেচার্ছ বেকনৰ দৰে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি অহা বিভিন্ন সংগঠনে ধন্যবাদ জ্ঞাপন কৰিছে৷ অৱশ্যে এইক্ষেত্রত বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো আৰু কাউঞ্চিলৰ সকলো সদস্য ধন্যবাদৰ পাত্র৷ প্রায় ৩০০ বর্গকিলোমিটাৰৰো অধিক প্রাকৃতিক বনভূমিক লৈ গঠন কৰা হৈছে চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্রীয় উদ্যান৷ এই ৰাষ্ট্রীয় উদ্যানখন মানাহ ৰাষ্ট্রীয় উদ্যান আৰু ৰায়মনা ৰাষ্ট্রীয় উদ্যানেৰে পৰিৱেষ্টিত হৈ আছে৷ পূবে মানাহ আৰু পশ্চিমত আছে ৰায়মনা৷ বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্রত এই উদ্যানৰ আছে এক বিশেষ অৱদান৷ চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্রীয় উদ্যানে স্বীকৃতি লাভৰ পিছত সোণালী বান্দৰৰ বাসস্থান সোণকোষ নদীৰ পূবৰ পৰা মানস নদীৰ পশ্চিমলৈকে সমগ্র সোণালী বান্দৰৰ মূল বাসস্থান অর্থাৎ মুখ্য অৰণ্যখন সম্পূর্ণৰূপে সুৰক্ষিত হৈ পৰিব৷ ইয়াৰ লগে লগে প্রকৃতি সংৰক্ষণ আৰু সোণালী বান্দৰৰ সুৰক্ষাৰ হকে কাম কৰি থকাসকলেও যথেষ্ট আনন্দিত হ’ব৷
এই অৰণ্যখন প্রকৃতিৰ ৰম্যভূমি৷ বিভিন্ন ধৰণৰ প্রাকৃতিক সম্পদৰ লগতে দুষ্প্রাপ্য জীৱ–জন্তুৰে ভৰি আছে চিকনাঝাৰ জৌহৌলাও উদ্যান৷ ইয়াত পোৱা বিভিন্ন প্রাকৃতিক সম্পদ সমগ্র বিশ্বতে বিৰল৷ সোণালী বান্দৰৰ উপৰি ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী, গোধাফুটুকী, সোণালী মেকুৰী, মাছুৱা মেকুৰী, শৰ পহু, মাটি ভালুক, বনৰৌ, কেঁকোৰা খোৱা নেউল, ৰাংকুকুৰ, হাতী, লাজুকী বান্দৰ, বনৰীয়া গৰু আদিৰ দৰে অজস্র আপুৰুগীয়া আৰু লুপ্তপ্রায় স্তন্যপায়ী বন্যপ্রাণী এই ৰাষ্ট্রীয় উদ্যান চিকনাঝাৰ জৌহৌলাওত পোৱা যায়৷ বন্য পক্ষী, উভচৰ আৰু সৰীসৃপ প্রজাতিৰ বন্যপ্রাণীয়েও এই উদ্যানখনত বাস কৰি আহিছে৷ এই কথা অনস্বীকার্য যে ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণৰ পিছৰে পৰা অসমৰ বন্যপ্রাণী আৰু প্রকৃতি সংৰক্ষণৰ দিশটো অত্যন্ত সবল হৈ পৰিছে৷ দীর্ঘদিন ধৰি বনাঞ্চলত বেদখল কৰি থকা বহু পৰিয়ালক উচ্ছেদ কৰি সাহসী পদক্ষেপ গ্রহণ কৰিছে৷ অসমৰ এক সমস্যা হৈ উঠা আপুৰুগীয়া গঁড় হত্যাৰ ঘটনা একপ্রকাৰ নাইকিয়া হৈ পৰিছে৷ অৰণ্য সংৰক্ষণৰ ওপৰত সদায় প্রাথমিকতা প্রদান কৰা মুখ্যমন্ত্রীগৰাকীৰ কার্যকালত ঘোষণা কৰা হৈছে ইখনৰ পিছত সিখন ৰাষ্ট্রীয় উদ্যান৷ চিকনাঝাৰ জৌহৌলাওক ৰাষ্ট্রীয় উদ্যানৰূপে ঘোষণা কৰাৰ পূর্বে ৰায়মনা, দিহিং–পাটকাই ইত্যাদি নতুন নতুন ৰাষ্ট্রীয় উদ্যানে স্বীকৃতি লাভ কৰিছে৷ বেদখল উচ্ছেদ কৰাৰ ফলত বহু বনাঞ্চলৰ পৰিমাণ দ্রুতগতিত বৃদ্ধি পাইছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, ওৰাং ৰাষ্ট্রীয় উদ্যানৰ অঞ্চলো যথেষ্টখিনি বৃদ্ধি পাইছে৷ বুঢ়ী চাপৰি অভয়াৰণ্য আৰু পাভ অভয়াৰণ্যৰ প্রাকৃতিক ভূমি বেদখলমুক্ত হৈছে বর্তমান চৰকাৰখনৰ পদক্ষেপত৷ আনহাতে, বিভিন্ন সংমণ্ডলৰ অৰণ্যও কিছু পৰিমাণে হ’লেও বেদখলৰ কবলৰ পৰা মুক্ত হৈছে৷ নেচার্ছ বেকনৰ তথ্য অনুসৰি বঙাইগাঁও, আই উপত্যকা, চিৰাং, ধুবুৰী, গোৱালপাৰা, ডিগবৈ, হাহলাকান্দি, পূব কামৰূপ, উত্তৰ কামৰূপ (ৰঙিয়া), পশ্চিম কামৰূপ, কৰিমগঞ্জ, লখিমপুৰ, মঙলদৈ বন্যপ্রাণী সংমণ্ডল, নগাঁও, দক্ষিণ নগাঁও, পূব শোণিতপুৰ, পশ্চিম শোণিতপুৰ আৰু নগাঁও বন্যপ্রাণী আদি সংমণ্ডলৰ মুঠ ৯৯৩১.৬২ হেক্টৰ বনভূমি বেদখলমুক্ত কৰা হৈছে৷ অমৃত বৃক্ষ আন্দোলনৰ মাধ্যমেৰে চৰকাৰে এক কোটিৰো অধিক আর্থিকভাৱে মূল্যৱান প্রজাতিৰ বৃক্ষৰোপণেৰে বিশ্ব অভিলেখ প্রতিষ্ঠা কৰিছে৷ এনে অজস্র পদক্ষেপৰ মাজতে চিকনাঝাৰ জৌহৌলাওক ৰাষ্ট্রীয় উদ্যানৰ ঘোষণা সঁচাকৈয়ে অভূতপূর্ব৷ অৱশ্যে এতিয়াও ৰাজ্যত কেইবাখনো অৰণ্যক ৰাষ্ট্রীয় উদ্যান হিচাপে ঘোষণা কৰাৰ প্রয়োজন আছে৷ সেয়া হ’লে বছৰ বছৰ ধৰি প্রকৃতি আৰু বন্যপ্রাণীৰ ওপৰত অব্যাহত থকা অৱহেলা আৰু অন্যায়ৰ অন্ত পৰিব৷