নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিয়ানক চাবলৈ শ্বপিং মলত অনুৰাগীৰ ব্যাপক ভিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ নিজৰ প্রিয় ক্রিকেট দল তথা খেলুৱৈৰ প্রতি অনুৰাগীৰ মৰম কেনেকুৱা হয় সেয়া শুকুৰবাৰে গুৱাহাটীৰ দুটা স্থানত দেখা গ’ল৷ প্রথমটো মহানগৰীৰ চিটী চেণ্টাৰ মল আৰু দ্বিতীয়টো স্থান হ’ল গুৱাহাটীৰ বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়াম৷ ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আইপিএল)ৰ দল ৰাজস্থান ৰয়েলছৰ আৱেগিক অনুৰাগীৰ উৎসাহে উভয় স্থানতে খন্তেকৰ বাবে পিংক চিটীৰ ৰূপ–ৰঙক সজীৱ কৰি তুলিলে৷ ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰা উত্তৰ–পূবৰ প্রথমজন পুৰুষ ক্রিকেটাৰ তথা আইপিএল দল ৰাজস্থান ৰয়েলছৰ তাৰকা অলৰাউণ্ডাৰ অসম সন্তান ৰিয়ান পৰাগ নিজৰ অনুৰাগীৰ লগত কিছু সময় অতিবাহিত কৰিবলৈ মহানগৰীৰ চিটী চেণ্টাৰ মললৈ আহিছিল৷ ৰিয়ানক আদৰণি জনাই প্রায় দুই হাজাৰ আৰ আৰৰ অনুৰাগীয়ে৷ হাতত ৰাজস্থান ৰয়েলছৰ গোলাপী ফ্লেগ লৈ প্রিয় তাৰকাগৰাকীক সম্ভাষণ জনাই গুৱাহাটীৰ আৱেগিক সমর্থকসকলে৷ অনুৰাগীৰ মৰমত আনন্দত বিলীন হৈ যোৱা ৰিয়ানে ছেলফি ডঠা, প্রশ্নৰ উত্তৰ দিয়া আদি স্বাভাৱিক বিষয়বোৰত নিজকে মুক্তভাৱে সমর্থকৰ লগত ভাব বিনিময় কৰি সুন্দৰ আবেলি এটা উদযাপন কৰে৷ ইফালে, ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত কালি নিশা কৰা অন্তিম অনুশীলনলৈ ক্রিকেটপ্রেমীকো আমন্ত্রণ কৰিছিল৷ সন্ধিয়া ছয় বজাৰ পৰাই সমর্থক আহি ভৰি পৰে ষ্টেডিয়াম৷ দর্শকৰ বাবে দুটা ষ্টেণ্ড মুকলি কৰা হৈছিল আৰু ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা সমর্থকক পিংক ৰঙৰ ফ্লেগো দিয়া হয়৷ দলীয় অনুশীলনক সমর্থকৰ উৎসাহে এচিএ ষ্টেডিয়ামৰ পৰিৱেশে সলনি কৰি দিয়ে৷ ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আইপিএল)ৰ ঘৰুৱা মেচৰ আৰম্ভণি গুৱাহাটীৰ পৰাই কৰিব৷ আইপিএলৰ প্রথম বর্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬ মার্চত গুৱাহাটীত প্রথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডার্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মার্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এচিএ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ দুয়োখন মেচে নৈশলোকত অনুষ্ঠিত হ’ব৷ অৱশ্যে আৰ আৰ দলে ইয়াৰ পূর্বে হায়দৰাবাদত ছানৰাইজার্ছৰ বিৰুদ্ধে অহা ২৩ মার্চত প্রথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব৷ দলটোৰ খেলুৱৈসকল আজি পুৱা গুৱাহাটীৰ পৰা জয়পুৰলৈ ৰাওনা হ’ব৷ ইফালে, অহা ২৬ মার্চত গুৱাহাটীত হ’ব লগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডার্ছৰ মাজৰ আইপিএল মেচখনৰ টিকট ইতিমধ্যে বুক মাই শ্ব’ত মুকলি কৰা হৈছে৷ আনহাতে, অহা ৩০ মার্চত গুৱাহাটীত হ’ব লগা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ দ্বিতীয়খন আইপিএল মেচৰ টিকট চলিত মাহৰ শেষৰ ফালে মুকলি কৰা হ’ব৷

You might also like