বিবাহ বিচ্ছেদ সম্পন্ন তাৰকা ক্রিকেটাৰ য়ুুজৱেন্দ্র চহল–ধনশ্রী বার্মাৰ
নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : য়ুজৱেন্দ্র চহল আৰু পত্নী ধনশ্রী বার্মাৰ বিবাহ বিচ্ছেদ সম্পন্ন হৈছে৷ বৃহস্পতিবাৰে আদালতত উপস্থিত হৈছিল এই দম্পতী৷ মুম্বাইৰ বান্দ্রাৰ ফেমিলী ক’ৰ্টত উপস্থিত হ’বলৈ কোৱা হৈছিল তেওঁলোকক৷ তাতেই দুয়োৰে বিবাহ বিচ্ছেদ সম্পন্ন হয়৷ পাৰস্পৰিক সন্মতিতে এই বিচ্ছেদ হোৱা বুলি জানিব পৰা গৈছে৷ পৰহি আদালতত ৪৫ মিনিটৰ শুনানি হয়৷ তাতেই চহল আৰু ধনশ্রীয়ে জনায় যে তেওঁলোকে বিবাহ বিচ্ছদ বিচাৰিছে৷ বিগত ১৮ মাহ ধৰি বেলেগে আছিল বুলিও জনায় দুয়োগৰাকীয়ে৷ বুজাবুজিৰ অভাৱৰ বাবেই বিবাহ বিচ্ছেদ বিচাৰিছিল তেওঁলোকে৷ বৃহস্পতিবাৰে বিয়লি আদালতে জনাই দিয়ে যে এতিয়াৰ পৰা চহল আৰু ধনশ্রী পতি–পত্নী নহয়৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি তেওঁলোকৰ বিবাহ বিচ্ছেদক লৈ তীব্র চর্চা অব্যাহত আছিল৷ আদালতত উপস্থিত হ’লেই বিবাহ বিচ্ছেদ প্রক্রিয়া সম্পূর্ণ হ’ব৷ তেওঁলোক ইতিমধ্যে বেলেগে বেলেগে আছিল৷ ছ’চিয়েল মিডিয়াৰ পৰাও নিজৰ একেলগে তোলা ছবি তেওঁলোকে আঁতৰাই দিছিল৷ ইনষ্টাগ্রামত এতিয়াৰ পৰা ইজনে সিজনক অনুসৰণ নকৰে চহল আৰু ধনশ্রীয়ে৷ ইনষ্টাগ্রামত চহলে লিখিছে– ভগৱানে আমাক কিমানবাৰ ৰক্ষা কৰিছে সেয়া গণি শেষ কৰিব নোৱাৰিম৷ মই কেৱল ভাবোঁ– ভগৱানে অজ্ঞাতে বহুবাৰ ৰক্ষা কৰিছে৷ সকলো সময়তে সহায়ক হোৱা বাবে ঈশ্বৰক ধন্যবাদ জনাইছোঁ৷ পোষ্ট দিছে ধনশ্রীয়েও৷ তেওঁ লেখিছে– চাপমুক্তি৷ ভগৱানে আমাৰ চিন্তা–চর্চাক কিদৰে আশীর্বাদেৰে সলনি কৰি দিয়ে, সেয়া ভাবিলে আচৰিত লাগে৷ আপুনি হয় চিন্তা কৰিব নাইবা ঈশ্বৰৰ ওচৰত সকলো এৰি দিব৷ তেওঁৰ ওপৰত বিশ্বাস ৰাখিলে সকলো ঠিক হৈ যাব৷