এডভাণ্টেজ আছাম ২.০ৰ প্রত্যাশা
কৃষিপ্রধান ৰাজ্য অসমৰ অর্থনৈতিক বুনিয়াদ শক্তিশালী কৰিবলৈ উদ্যোগ–বাণিজ্য ক্ষেত্রখনৰ সম্প্রসাৰণ হ’বই লাগিব৷ ইয়াৰ বিকল্প পথ নাই৷ অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত ঔদ্যোগিক ক্ষেত্রখন আশা কৰা ধৰণে প্রসাৰ হোৱা নাই৷ ইয়াৰ মূলতে হ’ল দেশৰ ৰাজধানীৰ সৈতে ভৌগোলিক দূৰত্ব, প্রয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ আৰু অঞ্চলটোত দীর্ঘকাল বিৰাজমান হিংসাজর্জৰ পৰিস্থিতি৷ ৯০ দশকৰ পৰা অসমতো প্রায় তিনি দশক ধৰি আন্দোলনমুখৰ পৰিৱেশ আৰু উগ্রপন্থীৰ হত্যা–হিংসাৰ বিভীষিকাই ঔদ্যোগিক বিকাশৰ পৰিৱেশ গঢ়ি উঠাটো দূৰৰ কথা, ৰাজ্যখনৰ আর্থ–সামাজিক গাঁথনি থৰকবৰক কৰিছে৷ বিগত এটা দশকত ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতিৰ ক্রমাগতভাৱে বিশেষ পৰিৱর্তন হৈছে৷ ৰাজ্যখনৰ আলফা স্বাধীনৰ বাহিৰে প্রত্যেকটো সশস্ত্র সংগঠনে হিংসাৰ বাট পৰিহাৰ কৰি শান্তি আলোচনাৰ পথ লৈছে৷ অসমবাসীয়েও হিংসাজর্জৰ পৰিৱেশৰ পৰা মুক্তি লাভ কৰি এখন ইতিবাচক আৰু সমৃদ্ধিশালী অসমৰ সপোন দেখিছে৷ এনে পৰিস্থিতিত ৰাজ্যখনত ঔদ্যোগিক ক্ষেত্রখনৰ বিনিয়োগ আৰু আন্তঃগাঁথনি ন–ৰূপত গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অহা ২৫ আৰু ২৬ ফেব্রুৱাৰীত গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ৰ মহাআয়োজন কৰিছে৷ এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমত ঔদ্যোগিক আৰু বাণিজ্য ক্ষেত্রখনত বিনিয়োগ বৃদ্ধি কৰিবলৈ এইবাৰ যিধৰণে পদক্ষেপ গ্রহণ কৰা হৈছে সেয়া পূর্বতে হোৱা নাছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেশৰ আগশাৰীৰ উদ্যোগপতিসকলক সোঁশৰীৰে সাক্ষাৎ কৰি এডভাণ্টেজ আছাম ২.০লৈ আমন্ত্রণ কৰাৰ লগতে জাপানকে ধৰি কেইবাখনো দেশ ভ্রমণ কৰিছে৷ বিনিয়োগ সন্মিলনত প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় বৈদেশিক মন্ত্রী ড০ এছ জয়শংকৰকে ধৰি কেইবাজনো কেন্দ্রীয় মন্ত্রী আৰু দেশৰ শীর্ষ উদ্যোগপতিসকলে অংশ ল’ব৷ বিগত এটা দশকত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিশ্বত শান্তি আৰু প্রগতিৰ এগৰাকী বলিষ্ঠ নেতাৰূপে প্রতিষ্ঠিত হৈছে৷ প্রধানমন্ত্রী মোদীৰ স’তে মুখ্যমন্ত্রী ড০ শর্মাৰ ঘনিষ্ঠতাৰ সূত্রে অসমৰো বিকাশত গতিয়ে নতুন মাত্রা লাভ কৰিছে৷ এডভাণ্টেজ আছাম ২.০ৰ উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে অসমৰ উদ্যোগ আৰু বাণিজ্যৰ ক্ষেত্রখনত সমৃদ্ধ কৰাৰ আশা আছে৷ বিনিয়োগ সন্মিলনৰ বিশেষ আকর্ষণ হ’ব টাটা ছন্সৰ অধ্যক্ষ নটৰাজন চন্দ্রশেখৰণ, ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানী, গৌতম আদানী, অনিল আগৰৱালা, সজ্জল জিন্দাল, প্রশান্ত ৰুয়া আদি৷ এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে ৰাজ্যখনত বিদেশী বিনিয়োগ লক্ষণীয়ভাৱে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ বিনিয়োগ সন্মিলনত অংশগ্রহণৰ বাবে ৬১খন দেশৰ ৰাষ্ট্রদূত গুৱাহাটীত উপস্থিত হৈছে৷ জাপান আৰু ছিংগাপুৰৰ শীর্ষ বিষয়াৰ দলে ইতিমধ্যে অসমলৈ আহি বিনিয়োগৰ ক্ষেত্রখনৰ বুজ লৈছে৷ বিনিয়োগ সন্মিলনৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছে যে এডভাণ্টেজ আছাম ২.০ত জাপান আৰু ছিংগাপুৰৰ স’তে কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ হ’ব৷ অসমত জাপানী ভাষা শিক্ষণৰ বাবে ৯মহীয়া প্রশিক্ষণৰ জৰিয়তে স্বাস্থ্যখণ্ডত ৫০ হাজাৰ যুৱক–যুৱতীক জাপানত নিয়োজন কৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ অসমৰ বিএছচি নার্ছিং কলেজত ইংৰাজী ভাষাৰ পাঠ্যক্রম আৰম্ভ কৰি ছিংগাপুৰৰ স্বাস্থ্যখণ্ডত অসমৰ যুৱক–যুৱতীক নিয়োগ কৰাৰো অভিলাষী পদক্ষেপ বিনিয়োগ সন্মিলনতে হৈ উঠাৰ সম্ভাৱনা আছে৷
বিগত দুটা দশকত দেশৰ উদ্যোগ আৰু বাণিজ্য ক্ষেত্রখনত সর্বাধিক বিনিয়োগ হৈছে গুজৰাটত৷ ঔদ্যোগিক ক্ষেত্রখনত এনে বিনিয়োগৰ জৰিয়তে গুজৰাটে দেশৰ শীর্ষস্থানীয় ৰাজ্যৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ উদ্যোগপতিসকলক বিনিয়োগৰ বাবে সুবিধাজনক পৰিৱেশ গঢ়ি তুলিলে অসমতো উদ্যোগ–বাণিজ্য ক্ষেত্রখনত বিনিয়োগ বৃদ্ধিৰ সম্ভাৱনাৰ দুৱাৰখন মুকলি হ’ব৷ এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে দেশ–বিদেশত উদ্যোগপতিসকলেই নহয়, ৰাজ্যখনৰ বিনিয়োগকাৰীসকলৰ বাবেও ইতিবাচক বার্তা বহন কৰাৰ সম্ভাৱনা আছে৷ বিনিয়োগ সন্মিলনত অংশগ্রহণৰ বাবে পঞ্জীয়ন কৰা সৰু–বৰ উদ্যোগ তথা উদ্যোগপতিৰ সংখ্যা ১৬ হাজাৰৰো অধিক হৈছে৷ গুজৰাটৰ পিছতে এডভাণ্টেজ আছাম ২.০ত সর্বাধিক পঞ্জীয়ন হোৱাটো অসমৰ বাবে শুভ লক্ষণ৷ দেশ–বিদেশৰ উদ্যোগপতিসকলে অসমত বিনিয়োগৰ বাবে আগবাঢ়ি অহাৰ মূলতেই হ’ল ৰাজ্যখনত গঢ়ি উঠা বিনিয়োগ অনুকূল শান্তিপূর্ণ পৰিৱেশ আৰু চৰকাৰখনৰ সদিচ্ছা৷ এনে ইতিবাচক পৰিৱেশ গঢ়ি উঠাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই শেহতীয়াকৈ জাপান, দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰত অনুষ্ঠিত ৰোড শ্ব’ত বিপুল সঁহাৰি লাভ কৰা দেখা গৈছে৷ এডভাণ্টেজ আছাম ২.০ৰ বিশেষত্ব এয়ে যে ইউৰোপিয়ান ইউনিয়ন, ৱর্ল্ড বেংক, এছিয়ান ডেভেলপমেণ্ট বেংক, নিউ ডেভেলপমেণ্ট বেংক আদিৰ মুৰব্বীসকল উপস্থিত থাকিব৷ তদুপৰি ইউএছ ইণ্ডিয়া বিজনেছ কাউঞ্চিল, নিউজিলেণ্ড বিজনেছ কাউঞ্চিল, ইউএই ইণ্ডিয়া বিজনেছ কাউঞ্চিলৰ দৰে আগশাৰীৰ বিনিয়োগ সংস্থাই বিনিয়োগ সন্মিলনত অংশ ল’ব৷ এডভাণ্টেজ আছাম ২.০ৰ বিনিয়োগ সন্মিলন আৰম্ভ হোৱাৰ পূর্বে জিলাই জিলাই সজাগতা সভা অনুষ্ঠিত কৰা হৈছে৷ পাঁচ লাখ টকাৰ অধিক বিনিয়োগকাৰী ক্ষুদ্র উদ্যোগীকো এডভাণ্টেজ আছাম ২.০ত পঞ্জীয়নৰ সুযোগ প্রদান কৰা হৈছে৷ এডভাণ্টেজ আছাম ২.০ত ভূটান, জাপান, অষ্ট্রেলিয়া, ছিংগাপুৰ, থাইলেণ্ড, মালয়েছিয়া, ফিলিপাইনছ, ফিনলেণ্ড, আইচলেণ্ড, অষ্ট্রিয়া, ৰিপাব্লিক কোৰিয়া আদি দেশৰ বিনিয়োগৰ সম্ভাৱনা প্রকট হৈছে৷ ইয়াৰ লগে লগে ৰাজ্যখনৰ ক্ষুদ্র তথা মজলীয়া উদ্যোগসমূহত বিনিয়োগ বৃদ্ধিৰ বাবেও ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিব লাগিব৷ এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমৰ উদ্যোগ আৰু বাণিজ্য ক্ষেত্রখনত ১.২২ লাখ কোটি টকা বিনিয়োগৰ প্রস্তাৱ ২৩ ফেব্রুৱাৰীত মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত অনুষ্ঠিত মন্ত্রীসভাৰ কেবিনেট বৈঠকে অনুমোদন দিছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা কার্যকৰী হ’লে অসমে এটা দশকৰ ভিতৰতে দেশৰ শীর্ষ অগ্রণী ৰাজ্যলৈ উন্নীত হোৱাৰ পথ প্রশস্ত হ’ব৷ এডভাণ্টেজ আছাম ২.০ৰ বিশেষত্ব এয়ে যে মহা বিনিয়োগ সন্মিলনৰ পূর্বে ৰাজ্যখনৰ দুশ বছৰীয়া চাহ উদ্যোগ আৰু মুগাশিল্পক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ পদক্ষেপ লোৱা হৈছে৷ চাহ জনগোষ্ঠীৰ ঝুমইৰ বিশ্ব অভিলেখ স্থাপনৰ বাবে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত মহা আয়োজন চলিছে৷ অহা ২৪ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেইবাখনো দেশৰ ৰাষ্ট্রদূতৰ উপস্থিতিত ঝুমইৰ নৃত্যই বিশ্ব অভিলেখ স্থাপন কৰিব৷ এডভাণ্টেজ আছাম ২.০ৰ সফলতাৰ স’তে ঝুমুৰ নৃত্যৰ বিশ্বজনীন স্বীকৃতিৰে অসমৰ চাহ উদ্যোগ বন্দিত হ’ব৷