নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেটেকা–প্লাষ্টিকৰ আৱর্জনাৰে ভৰিছে মৰা ভৰলু

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ ভৰলু নিষ্কাষণৰ বাবে গুৱাহাটী পৌৰ নিগমে বছৰ বছৰ ধৰি লাখ লাখ টকা ব্যয় কৰিছে যদিও এই ধনৰ সদব্যৱহাৰ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ জিএমচিএৰ একাংশ বিষয়া–কর্মচাৰীয়ে ভৰলুৰ আৱর্জনা নিষ্কাষণৰ ক্ষেত্রত কৰা হেমাহিৰ বাবেই মাছ–কাছৰে ভৰা একালৰ ভৰলু নৈ আৱর্জনাৰে ভৰি পৰিছে৷ বিশেষকৈ মেটেকা আৰু আৱর্জনাই ছানি ধৰিছে মৰাভৰলু৷ কৃত্রিম বান নিয়ন্ত্রণৰ বাবে পৌৰ নিগমে নলা নর্দমা নিষ্কাষণৰ কাম কৰি থকাৰ সময়তে মৰা ভৰলুত একাংশই প্লাষ্টিক তথা পেলনীয়া আৱর্জনা পেলাই ডাষ্টবিনত পৰিণত কৰিছে৷ অন্যহাতে বছৰ বছৰ ধৰি নিষ্কাষণ নকৰাত মেটেকাই ছানি ধৰিছে ভৰলু নৈ৷ ফলত বৃহত্তৰ বর্ষাপাৰা অঞ্চলৰ লগতে মৰাভৰলুৰ দুইকাষে থকা অঞ্চলত পুতিগন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে৷ স্থানীয় লোকৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আৰু ভৰলু পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰে প্রতিষ্ঠা কৰা ছেভ ভৰলু অভিযানে বিভাগীয় কর্তৃপক্ষক দাবী জনাই আহিছে যদিও মৰাভৰলু নিষ্কাষণৰ ক্ষেত্রত জিএমচিয়ে ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা নাই৷ ইপিনে একাংশ ব্যৱসায়ীয়ে পেলনীয়া প্লাষ্টিক আৰু আৱর্জনা পেলাই ভৰলু নৈ পুতি পেলোৱা পৰিলক্ষিত হৈছে৷ ভৰলুত আৱর্জনা পেলাই পৰিৱেশ বিনষ্ট নকৰিবলৈ স্থানীয় লোকে ব্যৱসায়ীসকলক বাধা আৰোপ কৰিছে যদিও নিশাৰ ভাগত কোনো নথকাৰ সুযোগ লৈ ব্যৱসায়ীসকলে বাহনেৰে কঢ়িয়াই অনা আৱর্জনা মৰা ভৰলুত পেলাই থৈ যোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ গুৱাহাটী পৌৰ নিগমৰ সদিচ্ছা নথকাৰ বাবেই একালত মাছ –কাছৰে ভৰি থকা ভৰলু নৈ নলাত পৰিণত হৈছে৷ তদুপৰি বছৰ বছৰ ধৰি ভৰলু নৈৰ দুইকাষে অবৈধ বেদখলকাৰীয়ে জিএমচিৰ অনুমতি নোলোৱাকৈ নির্মাণ কার্য চলোৱাত ক্রমাৎ সংকুচিত হৈ পৰিছে ভৰলু নৈ৷ কিন্তু ভৰলু নৈক পুণৰুজ্জীৱিত কৰাৰ বাবে জিএমচিয়ে প্রতিবছৰে ব্যয় কৰা চৰকাৰী ধনৰ সদব্যৱহাৰ হৈছেনে নাই সেই লৈ বিভিন্ন প্রশ্ণ উত্থাপিত হৈছে৷ সেয়েহে মৰাভৰলুৰ মেটেকা তথা আৱর্জনা নিষ্কাষণ কৰি ভৰলু নৈ উদ্ধাৰ কৰাৰ লগতে অঞ্চলটোৰ স্বাস্থ্যকৰ পৰিৱেশ ওভটাই অনাৰ বাবে স্থানীয় লোকে জিএমচিক আহ্বান জনাইছে৷

You might also like