সম্পাদকীয় : ঝুমইৰ বিনন্দিনী
অসম চৰকাৰে আয়োজন কৰা ‘ঝুমইৰ বিনন্দিনী’ নামৰ নৃত্যৰ অনুষ্ঠানটিয়ে এই নৃত্যটিক এক ব্যাপক প্রচাৰ প্রদান কৰিলে৷ এই প্রচাৰ অকল ভাৰততে সীমাবদ্ধ হৈ থকা নাই, ই বিশ্বব্যাপী প্রসাৰ লাভ কৰিলে৷ এই অনুষ্ঠানটিক অকল এটা সাংস্কৃতিক কার্যক্রমৰ মাজত সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি৷ ই সামগ্রিকভাৱে অসমৰ সমাজ জীৱনত গভীৰ প্রভাৱ পেলাব৷ ঝুমইৰ নাচ আৰু গীত অসমীয়া লোকসকলৰ বাবে অপৰিচিত নাছিল৷ আকাশবাণীৰ দুটি কেন্দ্রই ইমান দিনে প্রচাৰ কৰি অহা ঝুমইৰ গীতে ঝুমুইৰ চর্চাক এটি মান্যতা দি আহিছে, এই গীতৰ শিল্পী ৰাষ্ট্রীয় পর্যায়ত সন্মানিত হৈছে৷ অসমীয়া চিনেমাতো ঝুমইৰ আৰু ঝুমইৰ সুৰীয়া নৃত্য–গীত অন্তর্ভুক্ত হৈ আহিছে৷ এই কথাবোৰে প্রমাণ কৰে যে ঝুমইৰ নৃত্য–গীতক অসমীয়া সমাজে নিজৰ সাংস্কৃতিক অংগ হিচাপে মান্যতা প্রদান কৰি আহিছে৷ কিন্তু এটা কথা ঠিক যে ঝুমইৰক কাহানিও মূল সুঁতিৰ সাংস্কৃতিক অংগ হিচাপে বিচাৰ কৰা হোৱা নাছিল৷ এই কথাটিত কোনো পৰিকল্পিতবা ঋণাত্মক দৃষ্টিভংগীৰ প্রতিফলন নাছিল৷ বিহু গীত–নাচ এটা সময়ত কেৱল উজনি অসমৰ নৃত্য–গীত আছিল৷ কিন্তু লাহে লাহে ই গৈ সমগ্র অসমত বিয়পি পৰিছিল৷ এইবোৰ সামাজিক বিৱর্তনৰ উদাহৰণ৷ সত্রীয়া সংস্কৃতিকো সত্রৰ চাৰিসীমাৰ পৰা ওলাই আহিবলৈ সময় লাগিছিল৷ এটা নির্দিষ্ট পৰিসীমাৰ পৰা একোটা সাংস্কৃতিক সম্পদ ওলাই আহি এক বিশাল পৰিসৰ পাবলৈ বিভিন্ন ধৰণৰ অনুঘটকৰ প্রয়োজন হয়৷ ৰাজহুৱা মঞ্চত পৰিৱেশন, গ্রহণ আৰু স্বীকৃতিয়ে এইক্ষেত্রত বিশেষ কাম কৰে৷ এইক্ষেত্রত চৰকাৰী পৰিকল্পিত আঁচনি আৰু পৃষ্ঠপোষকতাই বিশেষ কামত সহায় আগবঢ়াব পাৰে৷ ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান সম্পূর্ণ চৰকাৰী পৃষ্ঠপোষকতাত আয়োজিত শৃংখলাবদ্ধ অনুষ্ঠান৷ এই অনুষ্ঠানে সমগ্র অসমৰ ঝুমইৰ শিল্পীসকলক এটা সংগঠিত ৰূপ দিলে আৰু এই শিল্পৰ চর্চা কৰি অহা শিল্পীসকলক মান্যতা আৰু স্বীকৃতি দিলে৷ এই স্বীকৃতিয়ে শিল্পীসকলক কিমান অনুপ্রেৰণা যোগাব তাক সহজেই অনুমান কৰি ল’ব পাৰি৷
এই ধৰণৰ বিশেষ আৰু প্রণালীবদ্ধ বিশাল সামাজিক অনুষ্ঠানসমূহে ব্যক্তি আৰু বিভিন্ন গোটৰ মাজৰ সামাজিক বন্ধন বৃদ্ধিত এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ এই ধৰণৰ বিশাল কাম দৈনন্দিন জীৱনত কোনো কাৰণতেই সম্ভৱ নহয়৷ সেইবাবেই এই বিৰল ঘটনাই এক শক্তিশালী সমাজ আৰু তাত অংশগ্রহণৰ আনন্দৰ সৃষ্টি হয়৷ ‘ঝুমইৰ বিনন্দীয়া’ অকল এটা জনগোষ্ঠীৰ শিল্পীসকলৰ অনুষ্ঠান হৈ থকা নাই৷ এই অনুষ্ঠানৰ লগত বিভিন্ন ধৰণে বিভিন্ন কামত এটা বিশাল কর্মীদল জড়িত হৈ পৰিছে৷ এই কর্মীসকলৰ মাজত বিভিন্ন সম্প্রদায়ৰ লোক আছে আৰু এই অনুষ্ঠানৰ জৰিয়তেই তেওঁলোক এই শিল্পকলাৰ লগত আৱেগিকভাৱে জডিত হৈ পৰিছে৷ এই অনুষ্ঠানৰ অবিহনে এনে আৱেগিক বন্ধন সম্ভৱ নহয়৷ উৎসৱটিৰ পৰিকল্পনা আৰু বাস্তৱায়িত কৰোঁতে বিভিন্ন সমাজৰ বিভিন্ন লোকৰ সহযোগিতাৰ প্রয়োজন হয়৷ একেটা লক্ষ্যৰ পিনে চাই কাম কৰি থকা কাৰণে এই সহযোগিতাই সম্পর্কবোৰ মজবুত কৰে৷ উৎসৱৰ পৰিকল্পনাৰ সময়তে গঢ়ি উঠা এই সম্পর্কবোৰৰ ধাৰাবাহিকতা অনুষ্ঠানৰ পাছতো চলি থাকে আৰু ই সমাজৰ সামগ্রিক জীৱনৰ মান উন্নত কৰি তোলাত অৰিহণা যোগায়৷ ‘ঝুমইৰ বিনন্দিনী’ত শিল্পী হিচাপে অংশগ্রহণ কৰিবলৈ অহা লোকসকলে মনত এটা গর্ব অনুভৱ কৰিছিল যে ইমানদিনে প্রায় প্রান্তীয় অৱস্থাত থকা তেওঁলোকৰ শিল্পই এক বিশাল মঞ্চত স্বীকৃতি লাভ কৰিছে৷ এই কামে শিল্পীসকলৰ আত্মবিশ্বাস বঢ়াইছে যে ইমানদিনে যি কৰি আছিল তাৰ এটা সামাজিক গুৰুত্ব আছে, নিজৰ সম্প্রদায়ৰ মাজৰ পৰা এই শিল্প এতিয়াই বহল পৰিসৰলৈ ওলাই আহিছে৷ এই গর্বই তেওঁলোকক আন লোকৰ সৈতে ইতিবাচকভাৱে যুক্ত হ’বলৈ উৎসাহিত কৰে৷ এই অনুষ্ঠানৰ পাছতেই চৰকাৰে ঝুমইৰ শিক্ষাৰ কেন্দ্র খোলাৰ কথা ঘোষণা কৰিছে৷ এই কেন্দ্রবোৰে সকলো সম্প্রদায়ক সামৰি ল’লে এই নৃত্য–গীতৰ অধিক প্রসাৰ হোৱাৰ পথ মুকলি হ’ব৷ একেধৰণে সকলো চৰকাৰী সাংস্কৃতিক অনুষ্ঠানত এই কলাৰ প্রদর্শন নিশ্চিত কৰিলে চৰকাৰী সদিচ্ছাই পূর্ণতা লাভ কৰিব৷