নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ প্রয়াগৰাজত চলিত মহাকুম্ভ মেলাত অমৃত স্নানক লৈ দেশে–বিদেশে ব্যাপক চর্চা চলি থকাৰ মাজতে গংগাত অমৃত স্নান কৰা এগৰাকী মহিলাই অদ্ভুত কাণ্ড সংঘটিত কৰিছে৷ মহিলাগৰাকীৰ এই অদ্ভুত কাণ্ড সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ প্রয়াগৰাজত গংগাত অমৃত স্নান কৰা মহিলাগৰাকীয়ে তেওঁৰ স্বামীক ভার্চুৱেলযোগে অমৃত স্নান কৰাবলৈ ম’বাইল ফোনটো পানীত ডুবাই দিয়ে৷ মহিলাগৰাকীয়ে ধাৰণা কৰা মতে, ম’বাইলটো পানীত ডুবাই দিলে তেওঁৰ স্বামী ভার্চুৱেলযোগে অমৃত স্নানত অংশগ্রহণ কৰিব পাৰিব৷ ধর্মীয় বিশ্বাসৰ বশৱর্তী হৈ মহিলাগৰাকীয়ে সংগমৰ পৱিত্র পানীত ম’বাইল ডুবাই স্বামীক অমৃত স্নান কৰোৱা এই ভিডিঅ’ই সামাজিক মাধ্যমত তীব্র প্রতিক্রিয়াৰো সৃষ্টি কৰিছে৷ মন কৰিবলগীয়া যে শিল্পা চৌহান নামৰ মহিলা এগৰাকীয়ে ইনষ্টাগ্রামত প্রচাৰ কৰা এই ভিডি’টোত ভার্চুৱেলযোগে তেওঁৰ স্বামীৰ সৈতে বার্তালাপ কৰি থকাৰ সময়তে ম’বাইলত স্বামীৰ ফটোখনসহ ম’বাইলটো পানীত ডুবাই দিয়ে৷ ম’বাইলটো পানীত ডুবাই দিয়াৰ সময়ত স্বামীৰ ছবিখন স্পষ্ট হৈ আছিল৷ এনে কাৰণতেই মহিলাগৰাকীয়ে হয়তো স্বামীয়ে ভার্চুৱেলযোগে অমৃত স্নান কৰা বুলি মানি লৈছিল৷